ETV Bharat / bharat

Wrestlers Protest: আজি অনুষ্ঠিত হ’ব উত্তৰ প্ৰদেশৰ মহাপঞ্চায়ত

author img

By

Published : Jun 1, 2023, 1:00 PM IST

আজি উত্তৰ প্ৰদেশৰ চোৰাম গাঁৱত এখন মহাপঞ্চায়ত অনুষ্ঠিত হ'ব । মল্লযোদ্ধাসকলৰ দ্বাৰা চলি থকা প্ৰতিবাদৰ বিষয়টো বিতংভাৱে আলোচনা কৰা হ'ব (Mahapanchayat in UP regarding Wrestlers Protest) ৷

Wrestlers Protest
মল্লযোদ্ধাসকলৰ দ্বাৰা চলি থকা প্ৰতিবাদ

নেশ্যনেল ডেস্ক, 1 জুন : আজি উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰ জিলাৰ সোৰাম গাঁৱত অনুষ্ঠিত হ'ব 'মহাপঞ্চায়ত' ৷ এই মহাপঞ্চায়তত মল্লযোদ্ধাসকলৰ প্ৰতিবাদৰ বিষয়টো বিতংকৈ আলোচনা কৰা হ'ব (Mahapanchayat in UP regarding Wrestlers Protest) । অলিম্পিয়ান বজৰং পুনিয়া, সাক্ষী মালিক আৰু বিনেশ ফোগাটকে ধৰি শীৰ্ষ গ্ৰেপলাৰসকলে কুস্তি ফেডাৰেচন অৱ ইণ্ডিয়াৰ সভাপতি আৰু বিজেপি সাংসদ ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ মহিলা গ্ৰেপলাৰক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁলোক এই প্ৰতিবাদত নামিছে ৷

মঙলবাৰে কৃষক নেতা নৰেশ টিকাইটে আজি ‘মহাপঞ্চায়ত’ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে । টিকাইত বাল্যান খাপৰ মুৰব্বী । টিকাইতৰ হস্তক্ষেপৰ পিচতে মঙলবাৰে হৰিদ্বাৰৰ গংগা নদীত অলিম্পিক আৰু বিশ্ব চেম্পিয়নশ্বিপৰ পদক বিসৰ্জন দিয়াৰ পৰা বিৰত আছিল গ্ৰেপলাৰসকল ।

টিকাইতৰ মতে, মল্লযুঁজাৰুসকলৰ প্ৰতিবাদৰ পৰৱৰ্তী পন্থা নিৰ্ণয় কৰিবলৈ হাৰিয়ানা, পঞ্জাৱ, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু দিল্লীৰ পৰা অহা বিভিন্ন খাপৰ কেইবাজনো প্ৰতিনিধি আৰু তেওঁলোকৰ মূৰব্বীয়ে মহাপঞ্চায়তত অংশগ্ৰহণ কৰিব । মহাপঞ্চায়তৰ সময়ত মল্লযুঁজাৰুসকলৰ প্ৰতিবাদৰ বিষয়টো বিতংভাৱে আলোচনা কৰা হ’ব (Wrestlers Protest) ।

দেওবাৰে, প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলক দেশৰ ৰাজধানীৰ যন্তৰ মন্তৰৰ পৰা স্থানান্তৰ কৰা হয়, যি ঠাইৰ পৰা তেওঁলোকে বিগত এমাহে প্ৰতিবাদ কৰি আছিল । তেওঁলোকক দিল্লী আৰক্ষীয়েও আটক কৰিছিল কিন্তু পিছত মুকলি কৰি দিছিল । চলি থকা ঘটনাৰ পৰা নিৰুৎসাহিত নহৈ বজৰং পুনিয়া আৰু সাক্ষী মালিকে কৈছিল যে ন্যায় নোপোৱালৈকে তেওঁলোকৰ যুঁজ অব্যাহত থাকিব ।

ইফালে, বুধবাৰে উত্তৰ প্ৰদেশৰ বাৰাবাংকিত ৰাজহুৱা সভাত ব্রিজ ভূষণ সিঙে গ্ৰেপলাৰসকলৰ এই প্ৰতিবাদক ‘আৱেগিক নাটক’ বুলি অভিহিত কৰে । তেওঁ লগতে কৈছিল যে তেওঁৰ বিৰুদ্ধে উত্থাপিত এটাও অভিযোগ সঁচা বুলি প্ৰমাণিত হ'লে তেওঁ নিজকে "ফাঁচী" দিব । ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে মল্লযুঁজাৰুসকলক ধৈৰ্য্য ধৰিবলৈ আৰু ক্ৰীড়াক দুৰ্বল কৰিব পৰা যিকোনো পদক্ষেপ গ্ৰহণ নকৰিবলৈ আহ্বান জনাইছিল ।

লগতে পঢ়ক : Pak Intruder neutralized : সীমান্তত পাক অনুপ্ৰৱেশকাৰীক গুলীয়াই হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.