ETV Bharat / bharat

Wrestlers Protest : মল্লযোদ্ধাসকলক পুনৰ আলোচনাৰ বাবে আমন্ত্ৰণ চৰকাৰৰ: অনুৰাগ ঠাকুৰৰে হ‘ব বৈঠক - কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ

প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলৰ বিষয়বোৰ আলোচনা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰি চৰকাৰৰ হৈ আমন্ত্ৰণ জনাইছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে (Government invites wrestlers for talks again)। কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে টুইট কৰি সদৰী কৰে এই কথা ৷

Wrestlers Protest
মল্লযোদ্ধাসকলক পুনৰ আলোচনাৰ বাবে আমন্ত্ৰণ চৰকাৰৰ
author img

By

Published : Jun 7, 2023, 9:21 AM IST

নিউজ ডেস্ক, 7 জুন: ভাৰতীয় কুস্তি ফেডাৰেচনৰ অধ্যক্ষ তথা বিজেপি সাংসদ ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ কৰি অহা ভাৰতৰ প্ৰসিদ্ধ মল্লযোদ্ধাসকলক আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে (Government invites wrestlers for talks again) । কেন্দ্ৰীয় ক্ৰীড়া তথা যুৱ পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে টুইট কৰি এই কথা সদৰী কৰে ৷ "চৰকাৰে মল্লযোদ্ধাসকলৰ সৈতে তেওঁলোকৰ বিষয়ত আলোচনা কৰিবলৈ ইচ্ছুক । মই আকৌ এবাৰ মল্লযোদ্ধাসকলক ইয়াৰ বাবে আমন্ত্ৰণ জনাইছো," তেওঁ নিজৰ টুইটত কয় (Anurag Thakur Tweet) ৷

  • The government is willing to have a discussion with the wrestlers on their issues.

    I have once again invited the wrestlers for the same.

    — Anurag Thakur (@ianuragthakur) June 6, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে, দেশৰ কুস্তি ফেডাৰেচন অধ্যক্ষ ব্ৰজ ভূষণ চৰণ সিঙৰ(Allegation against WFI Chief) বিৰুদ্ধে প্ৰতিবাদৰ নেতৃত্ব দি অহা সাক্ষী মালিক, বিনেশ ফোগাট আৰু বজৰং পুনিয়াই ক্ৰীড়াৰ বিশেষ কৰ্তব্য বিষয়া(OSD) হিচাপে উত্তৰ ৰে'লৱেত পুনৰ দায়িত্ব পালন কৰিছে (Wrestlers resume duties in Railways) ৷ অৱশ্যে অলিম্পিক পদক বিজয়ীসকলে স্পষ্ট কৰি দিছে যে তেওঁলোক এই প্ৰতিবাদৰ পৰা আঁতৰি যোৱা নাই । কেৱল তেওঁলোকৰ চৰকাৰী চাকৰিত যোগদান হে কৰিছে । তেওঁলোকে কয় যে ন্যায় প্ৰদান নোহোৱালৈকে তেওঁলোকৰ আন্দোলন অব্যাহত থাকিব ৷

মল্লযুদ্ধা সাক্ষীয়ে কয় যে তেওঁলোকৰ কোনেও পিছুৱাব বিচৰা নাই কিন্তু ন্যায়ৰ দাবীৰ মাজতে ৰে'লৱেত তেওঁৰ দায়িত্ব পালন কৰি আছে । তেওঁ উল্লেখ কৰা মতে ন্যায় প্ৰদান নকৰালৈ তেওঁলোকৰ যুঁজ অব্যাহত থাকিব । একেটা সুৰতে বজৰং পুনিয়াই কয় যে তেওঁলোকে আন্দোলন প্ৰত্যাহাৰ কৰা নাই আৰু সিঙৰ বিৰুদ্ধে এজাহাৰো ঘূৰাই লোৱা নাই ।

অলিম্পিয়ান বজৰং পুনিয়া আৰু সাক্ষী মালিকে একে ধৰণৰ টুইট কৰি কয় যে, যিসকলে তেওঁলোকৰ পদকক বদনাম কৰিছিল তেওঁলোক এতিয়া তেওঁলোকৰ চাকৰিৰ পিছত আছে । যেতিয়া আমাৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে, আমাৰ চাকৰি হেৰুওৱাটো কেৱল এটা সৰু বিষয় ৷ তেওঁলোকে লগতে কয়, যদি তেওঁলোকৰ নিযুক্তি তেওঁলোকৰ উদ্দেশ্যত বাধা হৈ পৰে তেন্তে তেওঁলোকে পদত্যাগ কৰিবলৈও কুন্ঠাবোধ নকৰে ৷ চাকৰিৰ ভাবুকি নিদিবলৈ হুমুকিয়াই দিয়ে অলিম্পিক পদক বিজয়ী খেলুৱৈদ্বয়ে ৷

লগতে পঢ়ক: Wrestlers meet Amit Shah : ব্ৰীজ ভূষণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী মল্লযুঁজাৰুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.