ETV Bharat / bharat

Wrestler Vinesh Phogat Allegation Government; চৰকাৰে ব্ৰীজ ভূষণ সিঙক সুৰক্ষা দিবলৈ চেষ্টা চলাইছে : বিনেশ ফ’গাট - পঞ্জাৱ ষ্টেট পাৱাৰ কৰ্পৰেশ্যন লিমিটেড

মল্লযুঁজাৰু বিনেশ ফ’গাটে চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে (Wrestler Vinesh Phogat Allegation Government)। বিশ্ব চেম্পিয়নশ্বিপত দুবাৰকৈ পদক লাভ কৰা বিনেশ ফ’গাটে কয় যে চৰকাৰে ব্ৰীজ ভূষণ শৰণ সিঙক সুৰক্ষা দিবলৈ চেষ্টা চলাইছে ৷

Wrestler Vinesh Phogat Allegation Government
মল্লযুঁজাৰু বিনেশ ফ’গাটে চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে
author img

By

Published : Jun 12, 2023, 7:28 AM IST

নেশ্যনেল ডেস্ক, ১২ জুন : ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ কৰা মল্লযুঁজাৰুসকলে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে (Wrestler Vinesh Phogat Allegation Government) ৷ মল্লযুঁজাৰুসকলে কয় যে ভাৰতীয় মল্লযুঁজৰ বিদায়ী সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙক বচাবলৈ চৰকাৰে চেষ্টা চলাইছে ৷ ব্ৰীজ ভূষণ উত্তৰ প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টীৰ সাংসদো ।

৭ জুনত ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে আশ্বাস দিছিল যে ১৫ জুনৰ ভিতৰত ব্ৰীজ ভূষণৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হ’ব ৷ এই আশ্বাসৰ পাচতে মল্লযুঁজাৰুসকলে প্ৰতিবাদী কাৰ্যসূচী বন্ধ কৰি দিছিল । ২৩ এপ্ৰিলত দিল্লীৰ যন্তৰ মন্তৰত বিদায়ী ডব্লিউ এফ আই(WFI) ৰ মুৰব্বীগৰাকীৰ বিৰুদ্ধে পুনৰ আন্দোলন আৰম্ভ কৰাৰ পিচৰে পৰা মল্লযুঁজাৰুসকলে তেওঁক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই আহিছে ।

অৱশ্যে মল্লযুঁজাৰুসকলৰ কেইবাটাও দাবী চৰকাৰে মানি লৈছে ৷ য’ত ব্ৰীজ ভূষণৰ কোনো পৰিয়ালৰ সদস্য বা সহযোগীকে আগন্তুক ডব্লিউ এফ আইৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়া নহ’ব ৷ অলিম্পিকৰ পদক বিজয়ী সাক্ষী মালিক, বজৰং পুনিয়া আৰু বিনেশ ফ’গাটৰ নেতৃত্বত মল্লযুঁজাৰুসকলে কয় যে যেতিয়ালৈকে ব্ৰীজ ভূষণ সিঙক কাৰাগাৰত ৰখা নহয়, তেতিয়ালৈকে তেওঁলোকে এই প্ৰতিবাদৰ অন্ত নেপেলায় ৷

বিশ্ব চেম্পিয়নশ্বিপত দুবাৰকৈ পদক লাভ কৰা বিনেশ ফ’গাটে দেওবাৰে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰে (Wrestler Vinesh Phogat) । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মল্লযুঁজাৰুৰ বৈঠকৰ বিষয়ে সোধাত তেওঁ কয়, ‘‘আমাৰ বাবে ইমানখিনি কৰিব পৰাকৈ কিছুমান প্ৰস্তাৱ আগবঢ়াইছে । কিন্তু ব্ৰীজ ভূষণক গ্ৰেপ্তাৰ কৰাৰ বাহিৰে বাকী সকলো কাম হৈ আছে’’ ৷

মল্লযুঁজাৰুগৰাকীয়ে কয়, ‘‘আমাৰ যুঁজখন এদিনতে শেষ হ’ব পাৰে । কিন্তু দেশৰ বহু বৃদ্ধ নাগৰিকে এতিয়াও যুঁজ দি আছে । আমি তেওঁলোকৰ লগত আছো । এই পৃথিৱীত কিছুমান যুদ্ধ কেতিয়াও শেষ নহ’ব । মানুহ শ্বহীদ হৈছে, মানুহ দুৰ্দশাত পৰিছে, নিবনুৱা সমস্যাই যুৱক-যুৱতীক অশান্তি দিছে । এই সকলোবোৰ বিষয় চৰকাৰে বিবেচনা কৰা উচিত’’ ।

তেওঁ কয়, ‘‘ইমানবোৰ মানুহ আগবাঢ়ি আহিছে মাত মাতিবলৈ । চৰকাৰে সেইবোৰক আওকাণ কৰা উচিত নহয়’’ । যেতিয়া বিনেশক সাংবাদিকসকলে সোধা হৈছিল যে তেওঁ এই সন্দৰ্ভত কেনে অনুভৱ কৰে যেতিয়া দেশত গণতন্ত্ৰৰ পৰিৱৰ্তে ৰাজতন্ত্ৰহে পালন কৰা হৈছে ? ইয়াৰে প্ৰত্যুত্তৰত তেওঁ কয় যে ইয়াত কোনো সন্দেহ নাই (Vinesh Phogat On Brij Bhushan Singh)।

পৰৱৰ্তী সময়ত পাটিয়ালাত উপস্থিত হৈ পঞ্জাৱ ষ্টেট পাৱাৰ কৰ্পৰেশ্যন লিমিটেড (পি এছ পি চি এল)ৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদত যোগদান কৰে । ইউনাইটেড কিষাণ মৰ্চাৰ সৈতে জড়িত কৃষকসকলে নতুন সংযোগ দিয়াত পলম হোৱা, পেণ্ডিং টিউব ৱেল সংযোগ প্ৰদান কৰাত পলম হোৱা আৰু স্মাৰ্ট মিটাৰ স্থাপনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে ।

লগতে পঢ়ক : Wrestler protest : ব্ৰীজ ভূষণে মুকলিকৈ ঘূৰি ফুৰিছে, অত্যধিক চাপত আছে নাবালিকাৰ পিতৃ: বজৰং পুনিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.