ETV Bharat / bharat

KCR Kejriwal Meeting : দিল্লী অধ্যাদেশ সন্দৰ্ভত কেচিআৰক সাক্ষাৎ কেজৰিৱালৰ

author img

By

Published : May 27, 2023, 5:26 PM IST

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীত প্ৰশাসনিক সেৱা নিয়ন্ত্ৰণৰ ওপৰত কেন্দ্ৰৰ অধ্যাদেশক লৈ হোৱা বিবাদৰ মাজতে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক সাক্ষাৎ কৰে (Kejriwal meeting with KCR) ।

KCR Kejriwal Meeting
KCR Kejriwal Meeting

নিউজ ডেস্ক, ২৭ মে' : দেশৰ ৰাজধানীত প্ৰশাসনিক সেৱা নিয়ন্ত্ৰণৰ ওপৰত কেন্দ্ৰৰ অধ্যাদেশক (ordinance on administrative services in Delhi) লৈ সৃষ্টি হোৱা বিবাদৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শনিবাৰে হায়দৰাবাদত তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক সাক্ষাৎ কৰে (Arvind Kejriwal met Telangana CM KCR) । আম আদমি পাৰ্টীৰ (আপ) ৰাষ্ট্ৰীয় আহ্বায়কজনে কেন্দ্ৰৰ অধ্যাদেশৰ বিৰুদ্ধে ভাৰত ৰাষ্ট্ৰ সমিতিৰ (বিআৰএছ) সমৰ্থন বিচাৰে (Kejriwal seek support from K Chandrashekar Rao) । কেজৰিৱালৰ সৈতে পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু আপ সাংসদ সঞ্জয় সিং আৰু ৰাঘৱ চাড্ডাও উপস্থিত থাকে ।

আনহাতে, দিল্লীৰ মুখ্যমন্ত্ৰীক সাক্ষাতৰ পিছত এক সাংবাদমেল সম্বোধন কৰি কে চন্দ্ৰশেখৰ ৰাৱে কয়, "মোডী চৰকাৰে আজি দিল্লী ৰাজ্যৰ জনসাধাৰণক অপমান কৰিছে (Delhi ordinance row) । মই কোনো সন্দেহ নোহোৱাকৈ ক'ব পাৰোঁ, এয়া দিল্লী ৰাজ্যৰ লোকসকলৰ বাবে অপমানজনক । এইটো এটা ৰাজহুৱা আদেশ । চৰকাৰক কোনোৱে মনোনীত কৰা নাই । দিল্লী ৰাজ্যৰ জনসাধাৰণে এই চৰকাৰখনক জনাদেশ দিছে ।"

আনহাতে, কেচিআৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো অধ্যাদেশখন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায় (KCR urged PM Modi to withdraw Delhi ordinance) । "এয়া জৰুৰীকালীন অৱস্থাতকৈও বেয়া । আপুনি জনসাধাৰণৰ নিৰ্বাচিত জনপ্ৰিয় চৰকাৰ এখনক কাম কৰিবলৈ নিদিয়ে । আপুনি উচ্চতম ন্যায়ালয়ৰ ৰায়ক সন্মান কৰিবলৈ সক্ষম নহয় । উচ্চতম ন্যায়ালয়ৰ বৃহৎ বিচাৰপীঠৰ ৰায়ক সন্মান নকৰাৰ অৰ্থ হৈছে আপোনাৰ যাত্ৰা জৰুৰীকালীন অৱস্থাৰ দিশে । মানুহে আপোনাক প্ৰত্যাখ্যান কৰিব আৰু কৰ্ণাটকৰ দৰে এটা পাঠ শিকাব ।" তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে কয় ।

ইফালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে (Delhi Chief Minister Arvind Kejriwal) কয় যে কে চন্দ্ৰশেখৰ ৰাও আৰু তেওঁৰ দল দিল্লীৰ জনসাধাৰণক ন্যায় দিবলৈ তেওঁলোকৰ লগত আছে । "এয়া কেৱল দিল্লীৰ বিষয় নহয়, ই গণতন্ত্ৰ ৰক্ষাৰ বিষয় । অধ্যাদেশখন গণতন্ত্ৰ আৰু সংবিধানৰ বিৰোধী । মই দিল্লীৰ জনসাধাৰণৰ হৈ কে চন্দ্ৰশেখৰ ৰাওক সমৰ্থনৰ বাবে ধন্যবাদ জনাইছোঁ ।" কেজৰিৱালে কয় । কেজৰিৱালে লগতে জনায় যে কেন্দ্ৰীয় অধ্যাদেশৰ বিৰোধিতা কৰি তেওঁ নীতি আয়োগৰ বৈঠক বৰ্জন কৰিছে ।

লগতে পঢ়ক :New parliament row : কেজৰিৱাল আৰু খাৰ্গেৰ বিৰুদ্ধে এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.