নিউজ ডেস্ক, 10 অক্টোবৰ : প্ৰতি বছৰে 10 অক্টোবৰত পালন কৰা হয় বিশ্ব মানসিক স্বাস্থ্য দিৱস ৷ এই দিনটো পালনৰ উদ্দেশ্য হৈছে মানসিক স্বাস্থ্যৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু ইয়াৰ লগত জড়িত শিক্ষাৰ প্ৰসাৰ কৰা ৷
মানসিক স্বাস্থ্যৰ গুৰুত্ব কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ সময়ত অধিক বৃদ্ধি পায় ৷ আগতে কেতিয়াও এনে হোৱা নাছিল ৷ স্বাস্থ্য আৰু অন্যান্য ফ্ৰণ্টলাইন কৰ্মী, শিক্ষাৰ্থী, অকলে বাস কৰা লোক আৰু আগৰে পৰা মানসিক স্বাস্থ্যজনিত সমস্যাত ভূগি থকা লোকসকল ইয়াৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হয় ৷
মানসিক স্বাস্থ্যজনিত সমস্যাত ভোগা লোকসকলৰ অকাল মৃত্যুৰ আশংকা অধিক ৷ হতাশা হৈছে এক সচৰাচৰ মানসিক স্বাস্থ্যজনিত ৰোগ, যি বিকলাংগ অৱস্থাৰ অন্যতম মুখ্য কাৰণ ৷ আনহাতে, বিশ্ব স্বাস্থ্য সংস্থাৰ মতে 15-29 বছৰীয়া যুৱকৰ মাজত সচৰাচৰ দেখা পোৱা আত্মহত্যাৰ প্ৰৱণতা হৈছে মৃত্যুৰ দ্বিতীয় মুখ্য কাৰণ ৷
"নিম্ন আৰু মধ্য আয়ৰ দেশবোৰত মানসিক স্বাস্থ্যৰ সমস্যাৰ সৈতে বাস কৰা বেছিভাগ লোকে পৰ্যাপ্ত চিকিৎসা লাভ নকৰে ৷ ক’ভিড-১৯ মহামাৰীয়ে আমাৰ প্ৰত্যাহ্বান বহুগুণে বৃদ্ধি কৰিছে, যাক অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজন," বুলি WHO ৰ দক্ষিণ-পূৱ এছিয়া অঞ্চলৰ আঞ্চলিক সঞ্চালক ড৹ পুনম খেত্ৰপাল সিঙে সদৰী কৰে ৷
বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ ইতিহাস আৰু তাৎপৰ্য :
বিশ্ব মানসিক স্বাস্থ্য দিৱস প্ৰথমবাৰৰ বাবে ১৯৯২ চনৰ ১০ অক্টোবৰত বিশ্ব মানসিক স্বাস্থ্য ফেডাৰেচনৰ বাৰ্ষিক কাৰ্যকলাপ হিচাপে পালন কৰা হৈছিল ৷ দিনটোৰ আৰম্ভণিতে কোনো নিৰ্দিষ্ট বিষয় নাছিল আৰু ইয়াৰ উদ্দেশ্য আছিল মানসিক স্বাস্থ্যৰ উন্নতিৰ হকে কাম কৰাৰ প্ৰৱণতা বৃদ্ধি কৰা আৰু প্ৰাসংগিক বিষয়ত জনসাধাৰণক শিক্ষিত কৰা ৷
এই অভিযানৰ জনপ্ৰিয়তা দেখি ১৯৯৪ চনত প্ৰথমবাৰৰ বাবে দিনটোৰ বাবে এটা বিষয়বস্তু ব্যৱহাৰ কৰা হৈছিল ৷ যি আছিল "সমগ্ৰ বিশ্বত মানসিক স্বাস্থ্য সেৱাৰ মানদণ্ড উন্নত কৰা" ৷
ক্ৰমাগতভাৱে এই দিনটোৰ জনপ্ৰিয়তা বাঢ়ি গৈ থাকিল ৷ ইয়াৰ কিছুমান প্ৰাৰম্ভিক বিষয় আছিল এনেধৰণৰ- মহিলা আৰু মানসিক স্বাস্থ্য (1996), শিশু আৰু মানসিক স্বাস্থ্য (1997), মানসিক স্বাস্থ্য আৰু মানৱ অধিকাৰ (1998) আৰু মানসিক স্বাস্থ্য আৰু বয়স বৃদ্ধি (1999)। বিশ্বৰ কোনো কোনো দেশত এই দিৱসৰ প্ৰস্তুতি কেইমাহমান পূৰ্বৰে পৰা কৰা হয় ৷
এই বছৰৰ বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ বিষয়বস্তু :
এই বছৰৰ বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ বিষয়বস্তু হৈছে 'অসমতাৰ পৃথিৱীত মানসিক স্বাস্থ্য'। মহামাৰীয়ে সকলোকে প্ৰভাৱিত কৰাৰ পিছতো কিন্তু সকলোৱে সংগ্ৰাম অব্যাহত ৰাখিছে ৷ "চিকিৎসাৰ ব্যৱধানৰ লগতে আমি কৰ্মস্থানৰ চাপ দূৰ কৰিব লাগিব, বিদ্যালয়ত কিশোৰ-কিশোৰীসকলক সহায় কৰিব লাগিব আৰু লগতে যত্ন লওঁতা আৰু মানসিক স্বাস্থ্যজনিত সমস্যাৰ সৈতে বাস কৰা লোকসকলৰ পৰিয়ালকো সহায় কৰিব লাগিব ৷
আমি মানসিক অসুস্থতাৰ সৈতে সম্পৰ্কিত বৈষম্যৰ সক্ৰিয়ভাৱে মোকাবিলা কৰিব লাগিব ৷ যি যত্ন আৰু চিকিৎসা প্ৰাপ্তৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে," WHO ৰ আঞ্চলিক সঞ্চালকগৰাকীয়ে এনেদৰে ব্যক্ত কৰে ৷
বিশ্ব মানসিক স্বাস্থ্য দিৱসে সাধাৰণতে মানসিক স্বাস্থ্য, ইয়াৰ চাৰিওফালৰ বাধাৰ প্ৰাচীৰ কেনেদৰে ভাঙিব লাগে আৰু মানসিক স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি থাকোতে কথা কোৱাৰ গুৰুত্বৰ বিষয়ে কথা কোৱাৰ সুযোগ প্ৰদান কৰে ৷
লগতে পঢ়ক : বিশ্ব আত্মহত্যা প্ৰতিৰোধী দিৱস : আত্মহত্যাৰ প্ৰৱনতা আৰু মানসিক স্বাস্থ্য