নিউজ ডেস্ক, 10 আগষ্ট : আজি বিশ্ব সিংহ দিৱস (World Lion Day) ৷ সিংহৰ সংখ্যা বৃদ্ধি আৰু সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে প্ৰতি বছৰে 10 আগষ্টৰ দিনটো বিশ্ব সিংহ দিৱস হিচাপে পালন কৰা হয় ৷ ইতিমধ্যে সিংহক আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংঘ (International Union for Conservation of Nature’s)ই বিপদাপন্ন প্ৰজাতি হিচাপে Red List ত অন্তৰ্ভুক্ত কৰিছে । বৰ্তমান আফ্ৰিকাৰ উপ-চাহাৰা অঞ্চল আৰু এছিয়া (বিলুপ্ত প্ৰায়)ত বন্য সিংহ পোৱা যায় ৷
গুজৰাটৰ গীৰ ৰাষ্ট্ৰীয় উদ্যানক (Gir National Park) সিংহৰ আটাইতকৈ সুৰক্ষিত একমাত্ৰ স্থান বুলি গণ্য কৰা হয় । এছিয়াটিক সিংহৰ সংৰক্ষণৰ প্ৰক্ৰিয়া প্ৰথমবাৰৰ বাবে 1911 চনত জুনাগড়ৰ নৱাবে গ্ৰহণ কৰিছিল ৷ তেওঁ চিকাৰ নিষিদ্ধ কৰাৰ ফলত সিংহৰ সংখ্যা বৃদ্ধি পাইছিল । পিছত, ৰাজ্যৰ বন বিভাগে সিংহৰ সংখ্যা বৃদ্ধি কৰিবলৈ অধিক সতৰ্কতা অৱলম্বন কৰে ৷ গীৰত সিংহৰ সংখ্যা এতিয়ালৈকে সৰ্বাধিক পোৱা গৈছে ।
লগতে পঢ়ক : জনা-নজনা : বিশ্ব সাহিত্যত খলকনি তোলা এখন ৰহস্যময় গ্ৰন্থ
1911 চনৰ পৰা বৰ্তমানলৈকে কৰা গণনাৰ ভিত্তিত গীৰ ৰাষ্ট্ৰীয় উদ্যানত (Gir National Park) থকা সিংহৰ সংখ্যা হৈছে প্ৰায় 674 টা ৷ বনাঞ্চলৰ সংৰক্ষণ সিংহৰ বৰ্ধিত জনসংখ্যাৰ আঁৰৰ অতি গুৰুত্বপূৰ্ণ কাৰণ বুলি গণ্য কৰা হয় । 1990 চনত 300 বৰ্গ কিল’মিটাৰ এলেকাৰ অৰণ্যত 284 টা সিংহ দেখা গৈছিল ৷ আনহাতে 2020 চনত 674 টা সিংহ 30,000 বৰ্গ কিল’মিটাৰলৈ সম্প্ৰসাৰিত হৈছিল । বিগত বৰ্ষৰ জুন মাহত গুজৰাট চৰকাৰে কৰা লোকপিয়লত ভাৰতত সিংহৰ সংখ্যাত সৰ্বাধিক 29 শতাংশ বৃদ্ধি পাইছিল ৷
উত্তৰ আফ্ৰিকা আৰু দক্ষিণ-পশ্চিম এছিয়াৰ সিংহ ঐতিহাসিক সময়তেই বিলুপ্ত হৈ গ’ল বুলি কোৱা হয় । মতা সিংহ ১০ বছৰৰ পৰা ১৪ বছৰ পৰ্যন্ত জীয়াই থাকে ৷ প্ৰকৃততে প্ৰভুত্ব বিস্তাৰৰ বাবে সিংহই নিজৰ মাজতে হোৱা দন্দ্বৰ বাবে পোৱা আঘাতে ইহঁতৰ জীৱনকাল হ্ৰাস কৰে । অন্যথা সিংহই ২০ বছৰ পৰ্যন্ত জীয়াই থাকিব পাৰে । সিংহবোৰ সাধাৰণতে ছাভানা আৰু তৃণভূমিত বাস কৰে ৷
লগতে পঢ়ক : ইটিভি ভাৰতৰ বিশেষ অনুষ্ঠান আমাৰ অতিথিত সৌম্যদ্বীপ দত্ত