ETV Bharat / bharat

আজি বিশ্ব আদিবাসী দিৱস - UNWGIP

প্ৰতি বছৰে ৯ আগষ্টত বিশ্বজুৰি আদিবাসী দিৱস(WORLD INDIGENOUS DAY) পালন কৰা হয় । বিশ্বৰ বিভিন্ন জনজাতীয় লোকসকলৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ আৰু তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ প্ৰতি বছৰে এই দিৱস উদযাপন কৰা হয় ।

WORLD INDIGENOUS DAY
আজি বিশ্ব খিলঞ্জীয়া দিৱস
author img

By

Published : Aug 9, 2021, 12:23 PM IST

নেশ্যনেল ডেস্ক, ৯ আগষ্ট : আজি বিশ্ব আদিবাসী দিৱস । ২০২১ বৰ্ষৰ বিশ্ব আদিবাসী দিৱসৰ বিষয়বস্তু হৈছে 'কাকো এৰি থৈ নাহিব : খিলঞ্জীয়া লোক আৰু এক নতুন সামাজিক চুক্তিৰ বাবে আহ্বান' । ইয়াত সামাজিক চুক্তিৰ অৰ্থ হৈছে এক অলিখিত চুক্তি, যি সমাজক সামাজিক আৰু অৰ্থনৈতিক লাভালাভ প্ৰদান কৰিবলৈ আৰু সহযোগ কৰিবলৈ কৰা হয় ।

বিশ্বৰ বহু দেশত জনজাতীয় লোকসকলক তেওঁলোকৰ নিজৰ ভূমিৰ পৰা বিতাড়িত কৰা হৈছিল । এই লোকসকলৰ সংস্কৃতি আৰু মাতৃভাষাকো কলুষিত কৰা হৈছিল । এই লোকসকল ৰাজনৈতিক আৰু অৰ্থনৈতিক কাৰ্যকলাপৰ একাশৰীয়া হৈ পৰিছিল আৰু তেওঁলোকক আৰম্ভণিৰে পৰা সামাজিক চুক্তিত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল । নতুন সামাজিক চুক্তিখন প্ৰকৃত অংশীদাৰিত্বৰ ওপৰত ভিত্তি কৰি হোৱা উচিত ৷

যাতে এই চুক্তিয়ে সকলকে সমান সুযোগ প্ৰদান কৰে আৰু সকলোৰে অধিকাৰ, মৰ্যাদা আৰু স্বাধীনতাক সন্মান কৰে । একবিংশ শতিকাৰ আৰম্ভণিতে ৰাষ্ট্ৰসংঘই জানিব পাৰিছিল যে, সমগ্ৰ বিশ্বৰ জনজাতীয় লোকসকলে নিবনুৱা সমস্যাৰ লগতে আন বহুতো সমস্যাত ভূগি আছে ।

লগতে জনজাতীয় পৰিয়ালৰ শিশুসকলে শ্ৰমিকে হিচাপেও কাম কৰিবলগীয়া হোৱাৰ কথা ৰাষ্ট্ৰসংঘই জানিব পাৰিছিল । এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে ৰাষ্ট্ৰসংঘই এটা সংগঠন সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল আৰু সেয়ে UNWGIP গঠন কৰা হৈছিল । ১৯৯৪ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় আদিবাসী দিৱস ঘোষণা কৰিছিল ।

WORLD INDIGENOUS DAY
আজি বিশ্ব খিলঞ্জীয়া দিৱস

১৯৮২ চনত UNWGIP ৰ প্ৰথম বৈঠক অনুষ্ঠিত হৈছিল । ১৯৯৪ চনৰ ২৩ ডিচেম্বৰত ৪৯/২১৪ নং প্ৰস্তাৱৰ দ্বাৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই প্ৰতি বছৰে ৯ আগষ্টত খিলঞ্জীয়া দিৱস উদযাপন কৰাৰ সিদ্ধান্ত লয় । খিলঞ্জীয়া লোকসকল এক নিৰ্দিষ্ট স্থানত বসবাস কৰা স্থানীয় লোক অৰ্থাৎ এই লোকসকল উক্ত অঞ্চলৰ আটাইতকৈ পুৰণি বাসিন্দা । তেওঁলোকে উক্ত অঞ্চটোৰে জড়িত বিভিন্ন পৰম্পৰা আৰু অন্যান্য সংস্কৃতি জীয়াই ৰাখে ।

এণ্টাৰ্কটিকাৰ বাহিৰে পৃথিৱীৰ প্ৰতিখন মহাদেশতে খিলঞ্জীয়া লোকে বাস কৰে । যিহেতু জনজাতীয় লোকসকলে প্ৰায়ে অস্তিত্বৰ সংকটত ভোগে আৰু তেওঁলোকৰ অধিকাৰ উলংঘন কৰা হয় ৷ সেয়ে আন্তৰ্জাতিক সংগঠনটোৱে তেওঁলোকৰ অধিকাৰ আৰু সংস্কৃতি সুৰক্ষিত কৰাৰ বাবে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ৰাষ্ট্ৰসংঘৰ তথ্য মতে, প্ৰতি দুসপ্তাহত এটা থলুৱা ভাষা নোহোৱা হয় । ইয়াৰ দ্বাৰাই প্ৰমাণিত হয় যে, আদিবাসী লোকসকলে কিমান বিপদাশংকাৰ সন্মুখীন হয় ।

সেয়ে তেওঁলোকৰ গুৰুত্ব আৰু পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা অৱদানক স্বীকৃতি দিবলৈ বিশ্ব আদিবাসী দিৱস উদযাপন কৰা হয় । ভাৰতৰ সংবিধানৰ ৫ নং অনুসূচীৰ অধীনত ভাৰতৰ আদিবাসী সম্প্ৰদায়সমূহক স্বীকৃতি দিছে । সেয়েহে, সংবিধানৰ দ্বাৰা স্বীকৃত জনজাতিসকলক অনুসূচীত জনজাতি আখ্যা দিয়া হয় । ভাৰতত প্ৰায় ৬৪৫ টা জনজাতি আছে ।

ইয়াত কেৱল মুখ্য জনজাতিবোৰৰ বিষয়েহে উল্লেখ কৰা হৈছে । ভাৰতৰ বিভিন্ন ৰাজ্য যে, ঝাৰখণ্ডত জনজাতীয় লোকৰ জনসংখ্যা- ২৬.০২%, পশ্চিমবংগত- ৫.৪৯%, বিহাৰত- ০.৯৯%, ছিকিমত- ৩৩.০৮%, মেঘালয়ত- ৮৬.০%, ত্ৰিপুৰা- ৩১.০৮%, মিজোৰামত- ৯৪.০৪%, মণিপুৰত-৩৫.০১%, নাগালেণ্ডত-৮৬.০৫%, অসমত-১২.০৪%, অৰুণাচলত-৬8.০৮%, উত্তৰ প্ৰদেশত- ৭ শতাংশ ।

থলুৱা সম্প্ৰদায়বোৰে বছৰ বছৰ ধৰি স্বাস্থ্য সেৱাৰ সুবিধা লাভৰ পৰা বঞ্চিত হৈ অহাৰ লগতে বিভিন্ন ৰোগত আক্ৰান্ত হৈছে আৰু অত্যাৱশ্যকীয় সেৱা লাভৰ পৰা বঞ্চিত হৈ আহিছে । অনাময় আৰু অন্যান্য সা-সুবিধা, যেনে বিশুদ্ধ পানী, চাবোন, বীজাণুনাশক দ্ৰব্য আদি লাভৰ পৰা তেওঁলোক বঞ্চিত হৈ আহিছে ।

ইয়াতেই তেওঁলোকৰ সমস্যা শেষ হোৱা নাই । আদিবাসী লোকসকলে চিকিৎসাৰ সুবিধা লাভ কৰাৰ বাবে স্বাস্থ্যকেন্দ্ৰলৈ গ'লে অথবা স্বাস্থ্য কৰ্মীক নিজৰ সমস্যাৰ কথা বুজাই কোৱাতো অসুবিধা আহি পৰে । ইয়াৰ কাৰণ হৈছে তেওঁলোকৰ ভাষা । তেওঁলোকৰ থলুৱা ভাষা ব্যৱহাৰৰ সুবিধা প্ৰদান নকৰাৰ বাবে তেওঁলোক সমস্য়াত পৰে ।

আনহাতে, বৰ্তমান ক'ভিড-১৯ মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ সময়ত এই লোকসকললৈ ভাবুকি আহিছে । কিয়নো, উপযুক্ত চিকিৎসাৰ অভাৱ, সজাগতাৰ অভাৱ আদিৰ বাবে সংক্ৰমণ প্ৰতিৰোধ কৰাটো জটিল হৈ পৰে । বিশেষকৈ যিকোনো অনুষ্ঠান অথবা আলোচনাৰ বাবে এটা স্থানতে বহু লোকৰ সমাগম ঘটে আৰু এয়া নিয়মীয়াকৈ হয় ।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু ভাৰত চৰকাৰৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ে ২০১৮ চনত যুটীয়াভাৱে প্ৰকাশ কৰা ভাৰতত জনজাতীয় লোকৰ স্বাস্থ্যজনিত সমস্যা আৰু ভৱিষ্যতৰ বাবে এক ৰোডমেপ শীৰ্ষক গৱেষণা অনুসৰি, বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ ক্ষেত্ৰত ভাৰতত বসবাস কৰা আন লোকসকলৰ তুলনাত জনজাতীয় লোকসকলে তিনিগুণ বেছি সমস্যাৰ সন্মুখীন হয় ।

লগতে পঢ়ক: ত্ৰিপুৰাত TMC ৰ দলীয় কৰ্মীক আক্ৰমণৰ অভিযোগ নস্যাৎ বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.