ETV Bharat / bharat

বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শুভেচ্ছা - বিশ্ব স্বাস্থ্য দিৱস

আজি বিশ্ব স্বাস্থ্য দিৱস । স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত কৰা গৱেষণা, উদ্ভাৱনৰ প্ৰতি সমৰ্থন জনাব বুলি চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পালনৰ বিষয়ে পুনৰ আশ্বাস দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । লগতে COVID-১৯ৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পৰা ৰক্ষা পৰিবলৈ সকলোকে মাস্ক পৰিধান কৰাৰ লগতে সকলো সাৱধনতা অৱলম্বন কৰিবলৈ তেওঁ আহ্বান জনায় ।

World Health Day: PM Modi reiterates commitment to support research, innovation in healthcare
বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শুভেচ্ছা
author img

By

Published : Apr 7, 2021, 2:26 PM IST

নেশ্যনেল ডেস্ক, ৭ এপ্ৰিল: বিশ্ব স্বাস্থ্য দিৱসত স্বাস্থ্যসেৱাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিক শুভকামনা জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । বুধবাৰে টুইটযোগে তেওঁ কয় যে, বিশ্ব স্বাস্থ্য দিৱস হৈছে আমাৰ পৃথিৱীখন স্বাস্থ্যৱান কৰি ৰাখিবলৈ দিন ৰাতিয়ে কাম কৰা সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰা আৰু প্ৰশংসা কৰাতো নিশ্চিত কৰাৰ দিন ।

স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত কৰা গৱেষণা আৰু উদ্ভাৱন বিষয়ক কামত সহায় কৰাৰ বাবে চৰকাৰে দিয়া প্ৰতিশ্ৰুতিৰ কথাও দোহাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । লগতে তেওঁ COVID-১৯ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে মাস্ক পৰিধান কৰা, নিয়মীয়াকৈ হাত ধোৱাৰ লগতে আন স্বাস্থ্যবিধি মানি চলি সাৱধানতা অৱলম্বন কৰিবলৈ তেওঁ আহ্বান জনায় ।

সমান্তৰালকৈ, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু সুস্থ হৈ থাকিবলৈ সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ সকলোকে অনুৰোধ জনায় । দেশবাসীক উন্নত মানৰ তথা সুলভ স্বাস্থ্যসেৱা প্ৰদান কৰাৰ বাবে ভাৰত চৰকাৰে 'আয়ুস্মান ভাৰত' আৰু 'প্ৰধানমন্ত্ৰী জনৌষধি যোজনা'কে ধৰি বহু আঁচনি গ্ৰহণ কৰিছে বুলিও প্ৰধানমন্ত্ৰী মোডীয়ে মন্তব্য কৰে ।

তেওঁ লগতে কয় যে, ভাৰতে COVID-১৯ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ টীকাকৰণ অভিযান অব্যাহত ৰাখিছে । সমগ্ৰ বিশ্বৰ মানুহে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ সৰ্বতো প্ৰকাৰে প্ৰচেষ্টা চলাই থকাৰ সময়তে এইবাৰ বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হৈছে ।

লগতে পঢ়ক:জে দি(ইউ)ত যোগদান এল জে পিৰ বিধায়ক ৰাজকুমাৰ সিঙৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.