ETV Bharat / bharat

World AIDS Day 2021 : বিশ্ব এইডছ দিৱস পালনৰ তাৎপৰ্য

author img

By

Published : Dec 1, 2021, 1:16 PM IST

প্ৰতি বছৰে ডিচেম্বৰ মাহৰ ১ তাৰিখে বিশ্ব এইডছ দিৱস পালন কৰা হয়(World AIDS Day) । বিশ্বজুৰি এইডছ দিৱস পালনৰ উদ্দেশ্য হৈছে ৰোগবিধৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু এই ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ মানুহক সাাহস দিয়া(Purpose of World AIDS Day) । বিশ্ব এইডছ দিৱসৰ বিষয়ে আৰু কিছু কথা জানো আহক...

World AIDS Day 2021
বিশ্ব এইডছ দিৱস

নিউজ ডেস্ক, ১ ডিচেম্বৰ: আজি বিশ্ব এইডছ দিৱস । চলিত বৰ্ষৰ এইডছ দিৱসৰ বিষয়বস্তু হৈছে অসমতা দূৰ কৰা, এইডছৰ সংক্ৰমণৰ আৰু মহামাৰীৰ সংক্ৰমণৰ ৰোধ কৰা । বিশ্বজুৰি আজি এইডছ দিৱস পালন কৰা হৈছে ।

ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে, এইবাৰ বিশ্ব এইডছ দিৱসত UNAIDSই বিশ্বজুৰি এইডছ আৰু আন মহামাৰী সৃষ্টি কৰা অসমতা তৎকালীনভাৱে দূৰ কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোকপাত কৰিছে(UNAIDS highlighting important topic on AIDS Day) । ৰাষ্ট্ৰসংঘৰ মতে, অসমতা আঁতৰ কৰাৰ বাবে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰা নাই বাবে বিশ্বই ২০৩০ চনৰ ভিতৰত এইডছৰ সংক্ৰমণ ৰোধ কৰাৰ লক্ষ্যৰ পৰা বিচলিত হোৱাৰ উপক্ৰম হৈছে । লগতে এনে কাৰণতে ক'ভিড-১৯ মহামাৰী আৰু ভয়াৱহ সামাজিক আৰু অৰ্থনৈতিক সংকট হোৱাৰো আশংকা কৰিছে(United Nations on World AIDS Day) ৰাষ্ট্ৰসংঘই ।

এইডছ কি আৰু কেনেকৈ সংক্ৰমিত হয় ?

বিশ্ব স্বাস্থ্য সংস্থাই ব্যাখ্যা কৰা মতে, Human Immunodeficiency Virusৰ সংক্ৰমণে শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালীক আক্ৰমণ কৰে(WHO explains important fact about HIV) । বিশেষকৈ আক্ৰমণ কৰে চি ডি 4 কোষ নামৰ শ্বেত ৰক্ত কোষবোৰক । এইচ আই ভিয়ে এই চি ডি 4 কোষবোৰ ধ্বংস কৰে আৰু ফলত এজন ব্যক্তিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে । ইমিউনোডেফিচিয়েন্সি চিণ্ড্ৰম হৈছে এনে এটা নাম, যাক এইচ আই ভি সংক্ৰমণৰ আটাইতকৈ জটিল পৰ্যায়ক বুজাবলৈ ব্যৱহাৰ কৰা হয় । এই পৰ্যায়ত ভাইৰাছবিধৰ সংক্ৰমণক "সুবিধাবাদী সংক্ৰমণো" আখ্যা দিয়া হয় । কিয়নো ভাইৰাছবিধে দুৰ্বল ৰোগ প্ৰতিৰোধ প্ৰণালীৰ সুযোগ লৈ তেনে লোকক সংক্ৰমিত কৰে(Transmission of HIV) । তদুপৰি, বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে যে, এইচ আই ভিৰ দ্বাৰা সংক্ৰমিত লোকসকলৰ তেজ, বীৰ্য, যোনিৰ তৰল পদাৰ্থ, মলদ্বাৰৰ তৰল পদাৰ্থ আৰু মাতৃদুগ্ধত ভাইৰাছৰ অৱস্থিতি পৰিলক্ষিত হয় ।

এইডছ কেনেকৈ সংক্ৰমিত হয় ?

১) অসুৰক্ষিত যোনি অথবা গুহ্যদ্বাৰৰ যৌন সম্ভোগ আৰু এইচ আই ভিৰ দ্বাৰা সংক্ৰমিত ব্যক্তিৰ সৈতে সম্ভোগ কৰিলে...

২) এজন ব্যক্তিৰ দেহৰ পৰা আন এজনৰ দেহলৈ সংক্ৰামক তেজৰ সঞ্চাৰণ হ'লে...

৩) সংক্ৰমিত ব্যক্তিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা বেজী, চিৰিঞ্জ, বেজী দিয়া অন্যান্য সঁজুলি, অস্ত্ৰোপচাৰৰ সঁজুলি অথবা অন্যান্য চোকা সঁজুলি নিৰোগী লোকৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিলে...

৪) এইচ আই ভিৰ দ্বাৰা আক্ৰান্ত মাতৃৰ গৰ্ভধাৰণ, সন্তান প্ৰসৱৰ সময়ত অথবা তেনে মাতৃয়ে স্তনপান কৰোৱাৰ সময়ত মাতৃৰ পৰা সন্তানলৈ এই ৰোগ সংক্ৰমিত হোৱাৰ সম্ভাৱনা থাকে ।

যদি এইচ আই ভিৰ দ্বাৰা সংক্ৰমিত এজন ব্যক্তিক এণ্টিৰেট্ৰোভাইৰেল থেৰাপী দি থকা হয়, তেন্তে ব্যক্তিজনৰ শৰীৰত এইচ আই ভিৰ প্ৰভাৱ যথেষ্ট হ্ৰাস পায় । (Antiretroviral Therapy for HIV patient) এনে ক্ষেত্ৰত সংক্ৰমিত ব্যক্তিৰ পৰা আন ব্যক্তিলৈ ভাইৰাছবিধৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা যথেষ্ট হ্ৰাস পায় ।

এইডছৰ লক্ষণবোৰ কি কি?

এইচ আই ভিৰ কিছুমান সাম্ভাব্য লক্ষণসমূহ হৈছে :

১) বহুদিন ধৰি জ্বৰত ভূগি থকা

২) বেছিকৈ ঠাণ্ডা অনুভৱ কৰা

৩) পেশীৰ বিষ

৪) দীঘলীয়া সময় ধৰি ডিঙিৰ বিষত ভোগা

৫) সঘনাই ছালত খজুৱতি হৈ থকা

৬) নিশা শৰীৰৰ পৰা বেছিকৈ ঘাম নিৰ্গত হোৱা

৭) বেছিকৈ ভাগৰ লগা

৮) লিম্ফ নোড ফুলি অহা

৯) মুখৰ আলচাৰ

বমি হোৱা, মুৰৰ বিষ আৰু অন্যান্য বিষ আদিকো এই ৰোগৰ লক্ষণ হিচাপে গণ্য কৰা হয় । এই লক্ষণবোৰ সাধাৰণতে ভাইৰাছবিধৰ দ্বাৰা সংক্ৰমিত হোৱাৰ ২-৪ সপ্তাহৰ ভিতৰত ধৰা পৰে । যদি কোনো লোকে নিজৰ শৰীৰত এই লক্ষণবোৰ দেখা পায় আৰু এইচ আই ভিত আক্ৰান্ত হোৱাৰ সন্দেহ উপজে তেন্তে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত ।

এইচ আই ভিৰ সংক্ৰমণ কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি ?

ভাৰতীয় ৰাষ্ট্ৰীয় স্বাস্থ্য পৰ্টেলত উল্লেখ কৰা এইচ আই ভি প্ৰতিৰোধ(Prevention of HIV)ৰ কিছুমান উপায় হৈছেঃ

১) সুৰক্ষিত যৌন সম্ভোগৰ ওপৰত গুৰুত্ব আৰোপ কৰা আৰু যৌন সম্ভোগৰ সময়ত কণ্ডমৰ দৰে সুৰক্ষা কিট ব্যৱহাৰ কৰাৰ অভ্যাস কৰা ।

২) যৌন সম্ভোগৰ বাবে সংক্ৰমণ হোৱা ৰোগৰ বাবে পৰীক্ষা কৰোৱা আৰু চিকিৎসা গ্ৰহণ কৰা ।

৩) আন লোকে ব্যৱহাৰ কৰা বেজী বা অন্যান্য বেজী দিয়া সঁজুলি কেতিয়াও ব্যৱহাৰ কৰা উচিত নহয় ।

৪) প্ৰসৱৰ পূৰ্বে কৰা গৰ্ভৱতী মহিলাৰ নিয়মীয়া স্ক্ৰীণিংৰ অংশ হিচাপে এইচ আই ভিৰ পৰীক্ষা কৰিব লাগে আৰু এইচ আই ভিত আক্ৰান্ত হ'লে লগে লগে চিকিৎসা আৰম্ভ কৰিব লাগে ।

৫) বৃত্তিগতভাৱে বা যৌন সম্ভোগৰ জৰিয়তে এইচ আই ভি সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰাৰ বাবে পোষ্ট এক্সপোজাৰ প্ৰফিলেক্সিছ হৈছে এক হস্ৰম্যাদী এণ্টিৰেট্ৰোভাইৰেল চিকিৎসা ।

৬) প্ৰি এক্সপোজাৰ প্ৰফিলেক্সিছৰ জৰিয়তে এইচ আই ভি সংক্ৰমণ নোহোৱা, কিন্তু সংক্ৰমণৰ অধিক সম্ভাৱনা থকা লোকক ঔষধ গ্ৰহণ কৰি ৰোগ প্ৰতিৰোধৰ পৰামৰ্শ দিয়া হয় ।

লগতে পঢ়ক:Omicron variant threat : মহাৰাষ্ট্ৰত আফ্ৰিকাৰ পৰা অহা ব্যক্তিৰ দেহত ক’ভিড-19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.