নেশ্যনেল ডেস্ক,২৫ ছেপ্টেম্বৰ: ভাৰতৰ বিশিষ্ট মহিলা অধিকাৰ কৰ্মী,কবি তথা লেখিকা কমলা ভাছিনৰ (Kamla Bhasin) শনিবাৰে মৃত্যু হয় । ৭৫ বছৰ বয়সত মৃত্যু হয় বিশিষ্ট মহিলাগৰাকীৰ । দেশৰ অন্যতম প্ৰভাৱশালী সমাজকৰ্মী কবিতা শ্ৰীবাস্তৱে (Kavita Srivastava) টুইটাৰযোগে জনোৱা মতে, বিশিষ্ট মহিলাগৰাকীয়ে পুৱা প্ৰায় ৩ মান বজাত শেষ নিশ্বাস ত্যাগ কৰে ।
ভাৰতৰ লগতে দক্ষিণ এছিয়াৰ দেশসমূহত মহিলা আন্দোলনত ভাছিনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । সমাজকৰ্মী কবিতা শ্ৰীবাস্তৱে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মহিলা আন্দোলনৰ বাবে বৃহৎ ক্ষতি হ'ব বুলি উল্লেখ কৰে । শ্ৰীবাস্তৱৰ মতে জীৱনত কঠোৰ প্ৰত্যাহ্বান আহিলেও হাঁহি ধেমালিৰে সকলো সময় অতিবাহিত কৰিছিল কমলা ভাছিনে ।
-
Kamla Bhasin's passing away brings to an end a major phase of the feminist movement. Will always recall her vibrancy, her love for music, her ability to put feminist principles into poem, her infectious laughter, the effortless way she touched everyone's lives. Zindabad Kamla!
— pamela philipose (@pamelaphilipose) September 25, 2021 " class="align-text-top noRightClick twitterSection" data="
">Kamla Bhasin's passing away brings to an end a major phase of the feminist movement. Will always recall her vibrancy, her love for music, her ability to put feminist principles into poem, her infectious laughter, the effortless way she touched everyone's lives. Zindabad Kamla!
— pamela philipose (@pamelaphilipose) September 25, 2021Kamla Bhasin's passing away brings to an end a major phase of the feminist movement. Will always recall her vibrancy, her love for music, her ability to put feminist principles into poem, her infectious laughter, the effortless way she touched everyone's lives. Zindabad Kamla!
— pamela philipose (@pamelaphilipose) September 25, 2021
কমলা ভাছিন য'তে আছে শান্তিৰে থাকক তাৰে কামনা কৰে শ্ৰীবাস্তৱে । ইফালে তেওঁৰ অনুৰাগীসকলেও বিভিন্ন মাধ্যমৰ জৰিয়তে ভাছিনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে লগতে তেওঁৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনাইছে ।