ETV Bharat / bharat

নাৰী দিৱস বিশেষ: নাছাত ভাৰতীয় মহিলাৰ গৌৰৱোজ্জল ইতিহাস

author img

By

Published : Mar 8, 2021, 11:24 AM IST

বিশ্বৰ মহাকাশ সংস্থাসমূহৰ ভিতৰত অন্যতম হৈছে নাছা ৷ চন্দ্ৰত অৱতৰণ, মংগল গ্ৰহত জীৱৰ উৎসৰ সন্ধান আৰু মহাকাশৰ ঐতিহাসিক স্থানৰ প্ৰাপ্তিলৈকে সকলো ক্ষেত্ৰতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে নাৰী ৷ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আহকচোন কিছু জানি লওঁ মহাকাশ বিজ্ঞানৰ সৈতে জড়িত হৈ সাফল্য লাভ কৰা ভাৰতীয় মহিলাৰ জীৱন আৰু সাফল্যৰ কথা-

Women's day special: Indian women who gave flight to their dreams at NASA
NASAত ভাৰতীয় মহিলাৰ গৌৰৱোজ্জল ইতিহাস

নেশ্যনেল ডেস্ক,8 মাৰ্চ: বিশ্বৰ মহাকাশ সংস্থাসমূহৰ ভিতৰত অন্যতম হৈছে নাছা ৷ চন্দ্ৰত অৱতৰণ, মংগল গ্ৰহত জীৱনৰ উৎসৰ সন্ধান আৰু মহাকাশৰ ঐতিহাসিক স্থানৰ প্ৰাপ্তিলৈকে সকলো ক্ষেত্ৰতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে নাৰী ৷ নাছাৰ বিভিন্ন মহাকাশ অভিযানৰ সফলতাত অৱদান থকা মহিলাৰ ভিতৰত নাছাৰ প্ৰথম গৰাকী কৃষ্ণাংগ মহিলা অভিযন্তা মেৰী জেকচন, Mother of Hubble খ্যাত নেঞ্চী ৰোমান আদিৰ নাম উল্লেখযোগ্য ৷ উল্লেখ্য যে, নাছাৰ মহাকাশ অভিযানত পিছপৰি ৰোৱা নাই ভাৰতীয় মহিলাসকল ৷ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আহকচোন কিছু জানি লওঁ সেইসকল প্ৰসিদ্ধ ভাৰতীয় মহিলাৰ জীৱন আৰু সাফল্যৰ কথা-

কল্পনা চাওলাঃ কল্পনা চাওলা প্ৰথমগৰাকী ভাৰতীয় মহিলা মহাকাশচাৰী ৷ ১৯৬১ চনৰ ১ জুলাইত হাৰিয়ানাৰ কাৰনালত জন্ম গ্ৰহণ কৰা চাওলাই ১৯৯৭ চনত মহাকাশত পদাৰ্পণ কৰিছিল ৷ মহাকাশচাৰী ৰাকেশ শৰ্মাৰ পিছতে কল্পনা চাওলা হৈছে দ্বিতীয়গৰাকী ভাৰতীয়, যিয়ে মহাকাশলৈ গৈছিল ৷ চাওলাই 30 দিন, 14 ঘণ্টা, 54 মিনিট মহাকাশত কটাইছিল ৷ কিন্তু ২০০৩ চনত কলম্বিয়া স্পেচ শ্বাটল দুৰ্যোগত মৃত্যু হয় চাওলাৰ ৷

Women's day special: Indian women who gave flight to their dreams at NASA
প্ৰথমগৰাকী ভাৰতীয় মহিলা মহাকাশচাৰী কল্পনা চাওলা

সুনীতা উইলিয়ামছঃ ভাৰতীয় মূলৰ সুনীতা উইলিয়ামছৰ জন্ম হৈছিল ১৯৬৫ চনৰ ১৯ ছেপ্তেম্বৰত ৷ ১৯৮৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌ বাহিনীত এনছাইন হিচাপে তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । মহাকাশচাৰী সুনীতা উইলিয়ামছে দুটাকৈ মহাকাশ অভিযানত অংশগ্ৰহণ কৰি মুঠ ৩২২ দিন মহাকাশত অতিবাহিত কৰিছে ৷

ভাৰতীয় মূলৰ সুনীতা উইলিয়ামছ

স্বাতী মোহনঃ মংগল গ্ৰহত নাছাৰ ৰোভাৰে অৱতৰণ কৰা দৃশ্য সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছিল ৷ কিন্তু আপুনি জানি আচৰিত হ'ব, সেই সফল অৱতৰণক ভাৰতীয় মূলৰ স্বাতী মোহনে নেতৃত্ব প্ৰদান কৰিছিল ৷ তদুপৰি কেচিনি, গ্ৰেইল আদিৰ দৰে বহুকেইটা গুৰুত্বপূৰ্ণ নাছাৰ মিছনতো জড়িত স্বাতী মোহন ৷

মহাকাশচাৰী স্বাতী মোহন

ভব্য লালঃ যোৱা 1 ফেব্ৰুৱাৰীত এইগৰাকী ভাৰতীয় মূলৰ মহিলাকে আমেৰিকাযুক্ত মহাকাশ সংস্থাৰ প্ৰধান কাৰ্যকৰী হিচাপে নিযুক্তি দিয়া হৈছিল ৷ উল্লেখ্য যে, জ' বাইডেন পৰিৱৰ্তন সংস্থাৰ সমীক্ষা দলৰ সদস্য হিচাপে কৰ্মৰত আছিল ভব্য লাল ৷ তদুপৰি ২০০৫ চনৰ পৰা ২০২০ লৈ The Institute for Defense Analyses (IDA) Science আৰু Technology Policy Institute (STPI) ত গৱেষক কৰ্মচাৰী হিচাপেও সদস্য পদ গ্ৰহণ কৰিছিল ৷ লাল মহাকাশ প্ৰযুক্তি আৰু নীতি সম্প্ৰদায়ৰ এগৰাকী সক্ৰিয় সদস্য ৷ ইয়াৰ লগতে National Academy of Sciences, Engineering, and Medicine (NASEM)ত পাঁচবছৰ ধৰি সেৱা আগবঢ়াইছিল ভব্য লালে ৷

ভাৰতীয় মূলৰ মহিলা ভব্য লাল

লগতে চাওকঃ আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.