ETV Bharat / bharat

black magic in Kerala: কেৰালাত আৰ্থিক সমৃদ্ধিৰ বাবে দুগৰাকী মহিলাক বলি

বিজ্ঞানৰ জয়জয়কাৰ, প্ৰযুক্তিবিদ্যাৰ ব্যাপক অগ্ৰগতিৰ সময়তো অন্ধবিশ্বাসে গ্ৰাস কৰি ৰাখিছে একাংশ লোকক ।ওড়িশাত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা । পাথানামথিট্টাৰ ইলান্দুৰত বিত্তীয় সমৃদ্ধিৰ বাবে ক'লা যাদুৰ অংশ হিচাপে দুগৰাকী মহিলাক বলি দিয়াৰ ঘটনা সংঘটিত হৈছে (Women murder at Elandur in Pathanamthitta)।

author img

By

Published : Oct 11, 2022, 9:08 PM IST

black magic in Kerala
কেৰালাত বিত্তীয় সমৃদ্ধিৰ বাবে মহিলাক বলি

নেশ্য়নেল ডেস্ক, 11 অক্টোবৰ: বিজ্ঞান-প্ৰযুক্তিৰ চমৎকাৰী অৱদানসমূহে বাহ্যিকভাৱে আধুনিকতাৰ সাজ-পাৰ পিন্ধিলেও, অন্ধবিশ্বাসত (superstition in India) ডুব গৈ থকা আদিম মানসিকতাৰে পৰিপুষ্ট মানুহৰ সংখ্যাই আমাৰ দেশৰ অগ্ৰগতিত বাধা প্ৰদান কৰি আহিছে ৷ বিজ্ঞান-প্ৰযুক্তিৰ চমৎকাৰী আৱিষ্কাৰত ভেজাদি গণনা প্ৰক্ৰিয়াত আকৰ্ষিত হৈ বৈজ্ঞানিক পদ্ধতিৰেই অন্ধবিশ্বাসৰ আশ্ৰয় লোৱা সমস্যা-জৰ্জৰিত মানুহৰো অভাৱ নাই ৷

কেৰালাৰ পাথানামথিট্টা জিলাৰ ইলান্দুৰত আৰ্থিক সমৃদ্ধিৰ বাবে ক'লা যাদুৰ অংশ হিচাপে দুগৰাকী মহিলাক বলি দিয়াৰ ঘটনা সংঘটিত হৈছে (Women murder at Elandur in Pathanamthitta)। কোচিৰ দুয়োগৰাকী মহিলাক অপহৰণ কৰাৰ পিছত এজন যাদুকৰ আৰু তেওঁৰ পত্নীৰ সহায়ত হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে । আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত ইতিমধ্য়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে ।

উল্লেখ্য় যে, অভিযুক্তই দুয়োগৰাকী মহিলাক টুকুৰাকৈ কাটি তিৰুভাল্লাৰ ওচৰত সমাধিস্থ কৰে (Victims into pieces and buried at Tiruvalla)। আৰক্ষীয়ে তিৰুভাল্লাৰ বাসিন্দা স্কৰ্চেছৰ বাগাৱন্ত ছিং, তেওঁৰ পত্নী লায়লা, শিহাবক অপহৰণ কৰা এজেণ্ট মুহাম্মাদ শফিক গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীয়ে কয় যে মহিলাদুগৰাকীক ক'লা যাদুৰ অংশ হিচাপে বলি দিয়া হৈছে । অভিযুক্তজনে আৰ্থিক সমৃদ্ধিৰ বাবে পূজা কৰিছিল বাবে এই ঘটনাটো সংঘটিত কৰা বুলি আৰক্ষীয়ে কয় ।

আৰক্ষীয়ে পুনৰ কয় যে, মুহাম্মাদ শফিয়ে মহিলাদুগৰাকীৰে সামাজিক মাধ্যমৰ (black magic) জৰিয়তে বন্ধুত্ব স্থাপন কৰিছিল । তাৰ পিছত তেওঁলোকক অপহৰণ কৰিছিল । এই মহিলাদুগৰাকী যোৱা ২৬ ছেপ্টেম্বৰত সন্ধানহীন হৈছিল । মৃত মহিলাদুগৰাকীক কাদাৱন্তৰাৰ বাসিন্দা পদ্মম (৫২) আৰু কালাদিৰ বাসিন্দা ৰোচিলি (৫০) বুলি চিনাক্ত কৰা হৈছে ।

উল্লেখ্য় যে, ক'লা যাদু পৰম্পৰাগতভাৱে অশুভ আৰু স্বাৰ্থপৰ উদ্দেশ্যৰ বাবে অতিপ্ৰাকৃতিক শক্তি বা যাদুৰ ব্যৱহাৰৰ বুলি কোৱা হয় । ই চয়তান বা আন অশুভ আত্মাৰ সৈতে সম্পৰ্কিত যাদু । ইয়াক "বাওঁফালৰ পথ" বুলিও কোৱা হয় ।

লগতে পঢ়ক:Arunachal CM shares beautiful picture of waterfalls: পেমা খাণ্ডুৱে শ্বেয়াৰ কৰিলে বিনন্দীয়া জলপ্ৰপাতৰ দৃশ্য

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.