ETV Bharat / bharat

অন্ধ্ৰপ্ৰদেশত তহচিলদাৰৰ কাৰ্যালয়ত তলা ওলমালে মহিলা কৃষকে - মহিলা কৃষক

অন্ধ্ৰ প্ৰদেশৰ মছাভৰাম তহচিলদাৰৰ কাৰ্যালয়ত তলা ওলমাই দিয়ে এগৰাকী মহিলা কৃষকে ৷ মাটি জোখাৰ বাবে আবেদন কৰাৰ পাছতো মহিলাগৰাকীক কোনো সঁহাৰি নিদিয়াত এই সিদ্ধান্ত গ্ৰহণ কৰে মহিলাগৰাকীয়ে ৷

Woman farmer locked MRO office at Machavaram, Guntur district
অন্ধ্ৰপ্ৰদেশত তহচিলদাৰৰ কাৰ্যালয়ত তলা ওলমালে মহিলা কৃষকে
author img

By

Published : Dec 31, 2020, 9:49 PM IST

নিউজ ডেস্ক, 31 ডিচেম্বৰ : অন্ধ্ৰ প্ৰদেশৰ গুণ্টোৰ জিলাত এগৰাকী মহিলা কৃষকে মছাভৰাম তহচিলদাৰৰ কাৰ্যালয়ত তলা ওলমাই দিয়ে ৷ মহিলা গৰাকীয়ে তলা ওলমোৱাৰ সময়ত কাৰ্যালয়খনৰ ভিতৰত উপস্থিত আছিল ডি.টি. আৰু অন্যান্য কৰ্মচাৰী ৷

জানিব পৰা মতে, 11 মে’ তাৰিখে লক্ষ্মী নামৰ এগৰাকী মহিলাই মাটি জোখাৰ বাবে আবেদন দাখিল কৰিছিল ৷ আবেদন দাখিলৰ পাছত বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ পাছতো মহিলা গৰাকীয়ে বহুবাৰ কাৰ্যালয়লৈ অহা যোৱা কৰি থাকে যদিও কোনেও গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ মহিলাগৰাকীৰ আবেদনৰ কোনো সঁহাৰি নিদিয়াৰ ফলতে ক্ষোভিত মহিলাগৰাকীয়ে কাৰ্যালয়টোত তলা ওলমাই দিয়া বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : চিবিএছইৰ চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.