নেশ্যনেল ডেস্ক, 4 ডিচেম্বৰ : বিহাৰৰ বাগাহাত বাঘৰ আক্ৰমণত এগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । পিচত মহিলাগৰাকীৰ মৃত্যু হয় । এই ঘটনাৰ পিচতে বন বিভাগৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে স্থানীয় গাঁওবাসী । আনহাতে, ঘটনাৰ তদন্তত ব্যস্ত হৈ পৰিছে আৰক্ষী ।
জানিব পৰা মতে, বাগাহাৰ ৰামনগৰৰ বখৰীৰ বাসিন্দা আছিল মহিলাগৰাকী ৷ পোহনীয়া গৰু চৰাবলৈ তেওঁ অৰণ্যৰ কাষৰ পথাৰলৈ যায় । গৰু চৰায় থাকোঁতেই গোবৰ্ধনা বনাঞ্চলৰ পিডাৰী গাঁৱৰ সমীপত হঠাৎ আহি বাঘে আক্ৰমণ কৰে তেওঁক । এছ এছ বি কেম্পৰ সমীপৰ ছাৰেহত বাঘটোৱে মহিলাগৰাকীক আক্ৰমণ কৰি হাবিৰ ভিতৰলৈ পলাবলৈ বাধ্য কৰোৱায় । ইতিমধ্যে, বন বিভাগৰ দল এই ঘটনাৰ তদন্তত ব্যস্ত হৈ পৰিছে ৷ আনহাতে, বিভাগটোৰ কৰ্মচাৰীসকলৰ বিৰুদ্ধে গাঁওবাসীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে ।
মহিলাগৰাকীক বখৰীৰ বাসিন্দা চিলহোৰিয়া দেৱী বুলি চিনাক্ত কৰা হৈছে । দেওবাৰে আবেলি তেওঁ এছ.এছ.বি. কেম্প মাণ্ডিহাৰ পৰা 100 মিটাৰ উত্তৰে থকা অৰণ্যৰ ওচৰৰ এখন পথাৰত গৰু চৰাবলৈ লৈ গৈছিল । প্ৰত্যক্ষদৰ্শীৰ মতে, ঠিক সময়তে বাঘটোৱে কৰবাৰ পৰা আহি মহিলাগৰাকীক অৰণ্যলৈ টানি লৈ যায় । পিচত চাৰিৰ পৰা পাঁচ ঘণ্টা ধৰি চলি থকা অনুসন্ধানৰ পিছত, মহিলাগৰাকীৰ মৃতদেহ অৰণ্যৰ ভিতৰৰ পৰা উলিয়াই অনা হয় ।
"গৰু চৰায় তেওঁ সন্ধিয়া উভতিবলৈ লৈছিল । পোহনীয়া ম’হটো অৰণ্যৰ কাষৰ পথাৰৰ পৰা ঘূৰাই আনিবলৈ লোৱাৰ সময়তে হঠাতে বাঘ এটাই আক্ৰমণ কৰি অৰণ্যৰ ভিতৰলৈ টানি লৈ যায় ৷ সেই স্থানত উপস্থিত থকা আন ভেড়াৰখীয়াই ঘটনাটো দেখি তৎক্ষণাত এলাৰ্ম বজায় ৷ তেতিয়া গাঁৱৰ ৰাইজে মিলি হাবিৰ ভিতৰলৈ গৈ মহিলাগৰাকীৰ বিচাৰ-খোচাৰ আৰম্ভ কৰে ৷ চাৰিৰ পৰা পাঁচ ঘণ্টাৰ অনুসন্ধানৰ পিচত, তেওঁৰ মৃতদেহ অৰণ্যৰ ভিতৰৰ পৰা উলিয়াই অনা হয়", মৃতকৰ ভতিজা ৰঞ্জিত উৰাঁওৱে কয় ৷
এই তথ্যৰ পাচতে বাল্মিকী বাঘ সংৰক্ষিত বনাঞ্চলৰ বন সংৰক্ষক ড৹ নেছামণিৰ নিৰ্দেশত বনকৰ্মীৰ সৈতে বিশেষ উদ্ধাৰকাৰী দল এটা প্ৰেৰণ কৰা হয় । এই লোকসকলে বাঘৰ গতি অনুসন্ধান কৰি আছে । এই ঘটনাৰ পিচত বন বিভাগৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে । গাঁওবাসীয়ে ভুক্তভোগী পৰিয়ালক ক্ষতিপূৰণৰ দাবী জনাইছে ।
লগতে পঢ়ক : কিনো আছে বুলি জুমি চাওতেই গালৈ জপিয়ালে নাহৰফুটুকীয়ে !