ETV Bharat / bharat

Rape Case in Meerut: মহিলাই কামুৰি ছিঙিলে ধৰ্ষণকাৰীৰ ওঁঠ - শাস্তি বিহিলে এটা ধৰ্ষণকাৰীৰ অভিযুক্তক

দেশজুৰি নাৰীজনিত অপৰাধৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ মীৰাটত ধৰ্ষণকাৰীক উচিত শাস্তি দিলে মহিলাই ৷ ধৰ্ষণকাৰীৰ ওঁঠ কামুৰি ছিঙি পেকেটত সুমুৱাই থানাত জমা দিলে মহিলাই (woman bites lip of rape accused) ৷

woman bites lip of young man who came to rape her in meerut
মহিলাই কামুৰি ছিঙিলে ধৰ্ষণকাৰীৰ ওঁঠ
author img

By

Published : Feb 5, 2023, 1:54 PM IST

নেশ্যনেল ডেস্ক, 5 ফেব্ৰুৱাৰী: উত্তৰ প্ৰদেশৰ মীৰাটত একক আচৰিত ঘটনা পোহৰলৈ আহিছে (Rape in meerut )৷ দেশত প্ৰতিদিনেই নাৰীজনিত অপৰাধৰ বাতৰিয়ে শিৰোনামা দখল কৰি আহিছে ৷ কিন্তু এগৰাকী মহিলাৰ চতুৰতাই উচিত শাস্তি বিহিলে এটা ধৰ্ষণৰ অভিযুক্তক (Attempt to rape case in Meerut) ৷

অসমীয়াত এষাৰ কথা আছে সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিব পাৰি ৷ এইগৰাকী মহিলাইও তাকেই কৰি দেখুৱালে ৷ ঘটনাৰ বিৱৰণী অনুসৰি দৌৰালা আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱৰ বাসিন্দা এগৰাকী মহিলাই শনিবাৰে প্ৰতিদিনৰ দৰে নিজ পথাৰত কাম কৰি আছিল ৷ তেনেকুৱাতে তেওঁক পিচপিনৰ পৰা কোনো লোকে গাত হাত দিয়া যেন অনুমান হ’ল ৷ তেওঁ পিচলৈ ঘুৰি চাই মানে মহিলাগৰাকীক এজন যুৱকে আলিংগন কৰি চুম্বন কৰিবলৈ চেষ্টা কৰে ৷ মহিলাগৰাকীয়ে কিংকৰ্তব্যবিমূঢ় হৈ যুৱকজনে চুম্বন কৰি থকাৰ সময়তে তেওঁৰ ওঁঠত কামোৰ মাৰি ধৰিলে ৷ মহিলাগৰাকীয়ে ইমানেই জোৰেৰে কামোৰে যে তেওঁৰ ওঁঠ ছিঙি আহে (woman bites lip in meerut )৷

লগে লগে যুৱকজনে বিষত চিঞৰিবলৈ আৰম্ভ কৰে ৷ যুৱকজনৰ মুখৰ পৰা ধাৰাষাৰে ৰক্তক্ষৰণ হৈছিল ৷ লগে লগে মহিলগাৰীকয়ে চিঞৰ বাখৰ কৰি স্থানীয় লোকক মাতি আনে ৷ তাৰ পিচত তেওঁ যুৱকজনৰ ওঁঠৰ ছিঙা টুকুৰাটো এটা প্লাষ্টিকৰ পেকেটত সুমুৱাই থয় ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত লোকসকলে স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ সোধা পোছা কৰে ৷ মহিলাগৰাকীয়ে সকলো কথা বিৱৰি কৈ ওঁঠৰ টুকুৰাটো আৰক্ষীক জমা দিয়ে ৷

আৰক্ষীয়ে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত অভিযুক্ত যুৱকক আটক কৰি ততালিকে হাস্পতালত ভৰ্তি কৰে ৷ মহিলাগৰাকীয়ে অভিযুক্তক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ আৰক্ষীক দাবী জনায় ৷ সম্প্ৰতি অভিযুক্তটোক দৌৰালা স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছে (Accused arrested by Police)৷

দৌৰালা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় কুমাৰ শৰ্মাই (OC Sanjay Kumar Sarma) এই ঘটনা সন্দৰ্ভত কয় যে অভিযুক্তটো কাচবা লাৱাদৰ বাসিন্দা মোহিত চাইনী ৷ ইয়াৰোপৰি মহিলাগৰাকীৰ সাহসিকতাত প্ৰশংসা কৰে আৰক্ষীগৰাকীয়ে ৷ মহিলাগৰাকীয়ে আত্মৰক্ষাৰ বাবে লোৱা পদক্ষেপে তেওঁক অনাকাংক্ষিত বিপদৰ পৰা বচালে ৷ মহিলাগৰাকীৰ স্বামীয়ে অভিযুক্তটোৰ বিৰুদ্ধে ধৰ্ষণ আৰু উৎপীড়নৰ চেষ্টাৰ গোচৰ ৰুজু কৰিছে ৷ বিষয়টো তদন্ত কৰা হৈছে ৷ পৰৱৰ্তী সময়ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷

লগতে পঢ়ক: Operation Against Child Marriage: বাল্যবিবাহ কৰি আটক হোৱাৰ ভয়ত শহুৰৰ ঘৰত চিপ লৈ আত্মহনৰ চেষ্টা যুৱকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.