নেশ্যনেল ডেস্ক,৮ নৱেম্বৰ: মধ্যপ্ৰদেশৰ ইন্দোৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । ছয়জনীয়া যুৱক-যুৱতীৰ দল এটাই এগৰাকী মহিলাক অশ্লীল ভাষাৰে গালি-গালাজ কৰাৰ লগতে প্ৰহাৰ কৰাৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰে(Viral video from Indore) । ৪ নৱেম্বৰৰ নিশা প্ৰায় ১ বজাত সংঘটিত হৈছিল এই ঘটনাটো । সোমবাৰে ভিডিঅ'টো ভাইৰেল হৈ পৰাৰ পাছতে ঘটনাটোক লৈ চৌদিশে সৃষ্টি হয় হৈ চৈৰ ।
ভিডিঅ'টোত ছয়গৰাকী যুৱক-যুৱতীয়ে মহিলা গৰাকীক প্ৰহাৰ কৰি থকা দেখা গৈছিল(Woman attacked by six youths) । এই সন্দৰ্ভত MIG আৰক্ষী থানা(MIG police station)ৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় বৰ্মাই জনোৱা অনুসৰি গোচৰটোৰ তদন্তৰ সময়ত চাৰিগৰাকী যুৱতী আৰু দুজন যুৱকৰ নাম পোহৰলৈ আহিছিল । ছয়গৰাকী যুৱক-যুৱতীৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰা বুলিও জানিবলৈ দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে(Case registered against six persons) ।
লগতে বিষয়াগৰাকীয়ে উল্লেখ কৰে যে, ঘটনা সন্দৰ্ভত এতিয়ালৈ তিনিগৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও এগৰাকী যুৱতীসহ দুই যুৱক বৰ্তমানেও পলাতক হৈ আছে । পলাতক অভিযুক্ত কেইজনৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা বুলি উল্লেখ কৰি শীঘ্ৰে আটাইকেওজনক গ্ৰেপ্তাৰ কৰা হ'ব বুলি উল্লেখ কৰে আৰক্ষী বিষয়াগৰাকীয়ে । আনহাতে ভুক্তভোগী মহিলাগৰাকীয়ে মূৰ আৰু পেটত আঘাট পোৱা বুলি উল্লেখ কৰে ।
লগতে পঢ়ক: MLA Amiya Bhuyan: বিধায়ক অমিয় ভূঞাক পহুখেদা সমষ্টিবাসী মহিলাৰ