ETV Bharat / bharat

বায়ু প্ৰদূষণৰ বাবে হোৱা ভিন্ন ৰোগ,অকাল মৃত্যুৰ বাবে প্ৰকৃততে কোন জগৰীয়া ? - প্ৰদূষণৰ বৰ্দ্ধিত মাত্ৰা

ভয়াৱহ প্ৰদূষণে মানুহৰ স্বাস্থ্যৰ ওপৰতো কু-প্ৰভাৱ পেলায় । মানৱ জাতিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা প্ৰদূষণ ৰোধৰ বাবে চৰকাৰে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । এতিয়ালৈকে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাই প্ৰদূষণ ৰোধৰ ক্ষেত্ৰত উল্লেখনীয় প্ৰভাৱ পেলাবলৈ সক্ষম হোৱা নাই আৰু ইয়াৰ প্ৰমাণ দাঙি ধৰিছে প্ৰদূষণৰ বৰ্দ্ধিত মাত্ৰাই ।

ভয়াৱহ ৰূপ লৈছে বায়ু প্ৰদূষণে
ভয়াৱহ ৰূপ লৈছে বায়ু প্ৰদূষণে
author img

By

Published : Jan 9, 2021, 2:28 PM IST

নেশ্যনেল ডেস্ক, ৯ জানুৱাৰী: বিগত বৰ্ষত ভাৰতত বায়ু প্ৰদূষণৰ বাবে ১৬.৭ লাখ লোকে প্ৰাণ হেৰুৱাইছে আৰু ই দেশত ২০১৯ চনত মৃত্যু হোৱা লোকৰ ১৭.৮ শতাংশ । গ্ল'বেল এয়াৰ ৰিপৰ্ট অনুসৰি,২০১৯ চনত বিশ্বত মানুহৰ মৃত্যু হোৱা কাৰণ সমূহৰ ভিতৰত চতুৰ্থ স্থানত আছে বায়ু প্ৰদূষণ । লেনচেট প্লেনাটেৰী হেল্থ নামৰ জাৰ্ণেলখনত প্ৰকাশ কৰা মতে, বিশ্বজুৰি ১২ শতাংশ লোক কেৱল বায়ু প্ৰদূষণৰ বাবে মৃত্যুমুখত পৰিছে । বায়ু প্ৰদূষণৰ বাবে ভিন্ন ৰোগত আক্ৰান্ত হোৱা লোকসকলক ৰক্ষা কৰিব পৰা গ'লহেতেন ।

বায়ু প্ৰদূষণ পৰিৱেশৰ বাবে আটাইতকৈ ডাঙৰ সংকট । বিশ্ব স্বাস্থ্য সংস্থাই বাৰে বাৰে সতৰ্ক কৰি দিছে যে, বায়ু প্ৰদূষণ এক অদৃশ্য হত্যাকাৰী । বায়ু প্ৰদূষণৰ বাবে বিশ্বত ১০০,০০০ জন লোকৰ ভিতৰত ৮৬ জনৰ মৃত্যু হয় । বিশ্ব স্বাস্থ্য সংস্থাই বায়ুৰ গুণগত মান আটাইতকৈ জটিল পৰিস্থিতিত থকা বুলি সকিয়াই দিয়া স্থানত বিশ্বজুৰি ৯২ শতাংশ লোকে বাস কৰে । সূত্ৰটোৱে লক্ষ্ণৌত বৰ্তমান বায়ুৰ গুণগত মানৰ সূচাংক ৪৫০ বুলি জনাইছে । বায়ু প্ৰদূষণে মহামাৰীৰ সংক্ৰমণ বৃদ্ধিত অৰিহণা যোগায় । হৃদৰোগত আক্ৰান্ত মুঠ ৰোগীৰ ২০ শতাংশ বায়ু প্ৰদূষণৰ বাবে এই ৰোগত আক্ৰান্ত হৈছে বুলি সমীক্ষাত পোহৰলৈ আহিছে ।

হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত ১৯ শতাংশ ৰোগী কেৱল বায়ু প্ৰদূষণৰ বিৰূপ প্ৰভাৱৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ প্ৰমাণ পোৱা গৈছে । বায়ু প্ৰদূষণৰ বাবে বহু লোক হাপানী ৰোগতো আক্ৰান্ত হয়। জলবায়ুৰ দ্ৰুত পৰিৱৰ্তন আৰু বায়ু প্ৰদূষণ এটা আনটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত । আনহাতে প্ৰদূষণ ৰোধৰ বাবে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা কৰা নাই । এতিয়ালৈকে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাই প্ৰদূষণ ৰোধৰ ক্ষেত্ৰত উল্লেখনীয় প্ৰভাৱ পেলাবলৈ সক্ষম হোৱা নাই আৰু ইয়াৰ প্ৰমাণ দাঙি ধৰিছে প্ৰদূষণৰ বৰ্দ্ধিত মাত্ৰাই ।

লেনচেট প্লেনেটেৰী হেল্থে প্ৰকাশ কৰিছে যে, উত্তৰ প্ৰদেশ আৰু বিহাৰত বায়ু প্ৰদূষণে শস্যৰ উৎপাদনত প্ৰভাৱ পেলোৱাৰ বাবে জিডিপি নিম্নগামী হৈছে আৰু ই বৃহৎ আৰ্থিক ক্ষতিক সূচাইছে । COVID-১৯ত আক্ৰান্ত হ'লেও সাৱধনতা আৰু বৰ্তমান উপলব্ধ চিকিৎসাৰ সহায়ত ইয়াৰ পৰা উপশম পাব পাৰি । কিন্তু বায়ু প্ৰদূষণে মহামাৰীত আক্ৰান্ত ৰোগীলৈ অধিক বিপদ মাতি আনে । কিয়নো বায়ু প্ৰদূষণৰ বাবে মানুহে শ্বাস-প্ৰশ্বাসজনিত ৰোগতে ভোগে । ৰাজধানী দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত বায়ুৰ গুণগত মান নিয়ন্ত্ৰণৰ দায়িত্বত থকা আয়োগে জাৰি কৰা এক অধ্যাদেশত শেহতীয়াকৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে স্বাক্ষৰ কৰিছে ।

এই অধ্যাদেশত কোৱা হৈছে যে, প্ৰদূষণ ৰোধৰ বাবে নিৰ্ধাৰিত নিয়ম উলংঘা কৰা লোকসকলে ১ কোটি টকাৰ জৰিমনা অথবা ৫ বছৰৰ বাবে কাৰাবাস খাটিব লাগিব । কৃষকে কৃষিভূমিত জাবৰ-জোথৰ জ্বলাই দিয়াৰ পিছত সৃষ্টি হোৱা ধোঁৱাই প্ৰদূষণৰ মাত্ৰা বৃদ্ধি কৰে বুলি প্ৰমাণিত হোৱাৰ পিছতে এই অধ্যাদেশ জাৰি কৰা হৈছে । কিন্তু চহৰ অঞ্চলত উদ্যোগ, গাড়ীৰ ধোঁৱাই বায়ু অধিক মাত্ৰাত প্ৰদূষিত কৰে বুলি জনাৰ পিছতো চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই । আনকি, প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডেও এই ক্ষেত্ৰত কাৰাখানবোৰে সৃষ্টি কৰা প্ৰদূষণক আওকাণ কৰা দেখা গৈছে ।

আনহাতে, প্ৰদূষিত বায়ু গ্ৰহণ কৰি থকাৰ পিছতো সাধাৰণ ৰাইজ এই বিষয়ে সজাগ হোৱা নাই । প্ৰদূষণ সৃষ্টি কৰাত পৰোক্ষভাৱে মানুহেও অৰিহণা যোগাই আহিছে । গতিকে, কেৱল কৃষকে কৃষিভূমিত জাবৰ-জোথৰ জ্বলোৱাকে প্ৰদূষণৰ একমাত্ৰ কাৰণ বুলি ধৰি লৈ কৃষকৰ ওপৰত দোষ জাপি দিয়াৰ পৰিৱৰ্তে মানুহে নিজেও সজাগ হোৱাৰ প্ৰয়োজন আহি পৰিছে । চৰকাৰৰ প্ৰথম দায়িত্ব যে, দেশৰ নাগৰিকে বিশুদ্ধ বায়ু গ্ৰহণ কৰাতো সুনিশ্চিত কৰা । কেৱল বায়ু বিশুদ্ধকৰণ যন্ত্ৰ সংস্থাপন কৰি চৰকাৰে দায়িত্ব সামৰিলে এই সমস্যাৰ সমাধান নহয় । প্ৰদূষণ সৃষ্টি কৰা কাৰকসমূহ নিয়ন্ত্ৰণ কৰাতোহে এই সময়ত আটাইতকৈ বেছি প্ৰয়োজন ।

লগতে পঢ়ক: সমগ্ৰ দেশতে লাভ জেহাদৰ বিৰুদ্ধে আইন প্ৰৱৰ্তন হোৱা উচিত : প্ৰজ্ঞা ঠাকুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.