ETV Bharat / bharat

ক'ভিড সম্পৰ্কে অৰবিন্দ কেজৰিৱালৰ সংবাদমেল - দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে যদিহে পৰিস্থিতি অনুৰূপ গতিত থাকে, তেন্তে লক ডাউন জাৰি কৰাৰ বাহিৰে অন্য কোনো বিকল্প নাই । দিল্লী চৰকাৰ লক ডাউনৰ পক্ষপাতী নহয় ৷ কিন্তু চিকিৎসালয়সমূহত পৰিস্থিতি অধিক অৱনতি ঘটিলে কোনো বিকল্প নাথাকিব ৷ এক সংবাদমেলত এইদৰে কয় মুখ্যমন্ত্ৰী কেজৰিৱালে ।

ক'ভিড সম্পৰ্কে অৰবিন্দ কেজৰিৱালৰ সংবাদমেল

author img

By

Published : Apr 11, 2021, 4:22 PM IST

নেশ্যনেল ডেস্ক,১১ এপ্ৰিল: ভাৰতত পুনৰ বৃদ্ধি পাইছে কৰ'ণা মহামাৰীৰ সংক্ৰমণ । দেশত কৰ'ণা মহামাৰীৰ দ্বিতীয় ঢৌৱে সকলোকে চিন্তিত কৰি তুলিছে । সমান্তৰালকৈ ৰাজধানী দিল্লীতো বৃদ্ধি পাইছে কৰ'ণা মহামাৰীৰ সংক্ৰমণ । তড়িৎ গতিত বাঢ়িছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা । ফলত দিল্লীবাসীক চিন্তিত কৰি তুলিছে । চিকিৎসালয়সমূহতো ৰোগী ভৰ্তি হৈয়েই আছে । এই সন্দৰ্ভত দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে যদিহে পৰিস্থিতি অনুৰূপ গতিত থাকে, তেন্তে লক ডাউন জাৰি কৰাৰ বাহিৰে অন্য কোনো বিকল্প নাই । দিল্লী চৰকাৰ লক ডাউনৰ পক্ষপাতী নহয় ৷ কিন্তু চিকিৎসালয়সমূহত পৰিস্থিতি অধিক অৱনতি ঘটিলে কোনো বিকল্প নাথাকিব ৷ এক সংবাদমেলত এইদৰে কয় মুখ্যমন্ত্ৰী কেজৰিৱালে ।

ইয়াৰ পূৰ্বে, কেজৰিৱালে কেন্দ্ৰক দেশজুৰি যি টীকাকৰণ অভিযান অব্যাহত আছে, তাক বয়সৰ সীমাবদ্ধতা আঁতৰাই সকলো বয়সৰ লোকক টীকাকৰণ প্ৰদান কৰিবলৈ আহ্বান জনায় । কিয়নো দিল্লীৰ ৬৫ শতাংশ ৰোগীয়ে ৪৫ বছৰ অনুৰ্ধৰ । সম্প্ৰতি দিল্লীৰ চিকিৎসালয়সমূহত বিচনাৰ অধিক নাটনি হৈছে । যাৰ বাবে কেজৰিৱালে লোকসকলক চিকিৎসালয়লৈ যোৱাৰ পূৰ্বে চৰকাৰৰ চিকিৎসালয়ৰ এপ’ত বিচনাৰ উপলব্ধতা পৰীক্ষা কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে, শনিবাৰে দিল্লী চৰকাৰে বিবাহ, ৰেষ্টুৰেণ্ট আৰু চিনেমা গৃহ আদিৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰে ৷ লগতে মহাৰাষ্ট্ৰৰ পৰা অহা লোকসকলৰ ওপৰত কিছু সুকীয়া নিষেধাজ্ঞাও আৰোপ কৰে । মহাৰাষ্ট্ৰৰ পৰা দিল্লীলৈ বিমানেৰে যাত্ৰা কৰা লোকসকলে দিল্লীলৈ অহাৰ ৭২ ঘণ্টা পূৰ্বে নিগেটিভ আৰটি-পিচিআৰ পৰীক্ষা কৰাটো বাধ্যতামূলক বুলি দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই নিৰ্দেশনা জাৰি কৰি স্পষ্টভাৱে উল্লেখ কৰিছে । পৰৱৰ্তী নিৰ্দেশ অহালৈকে দিল্লীৰ সকলো বিদ্যালয় বন্ধ থাকিব বুলি দিল্লী চৰকাৰে শুকুৰবাৰে ঘোষণা কৰিছিল । উল্লেখযোগ্য যে, চহৰখনত বৰ্তমান ২৮,৭৭৩ টা সক্ৰিয় ঘটনা আছে ।

লগতে পঢ়ক: ৰাণী দ্বিতীয় এলিজাবেথৰ সৈতে প্ৰথমবাৰ ভাৰতলৈ আহিছিল প্ৰিন্স ফিলিপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.