ETV Bharat / bharat

Karnataka HC warns Facebook : ভাৰতত বন্ধ কৰিব ফেচবুক ! কৰ্ণাটক হাইকোৰ্টৰ সতৰ্কবাণী - Citizenship Amendment Act

শৈলেশ কুমাৰে চৌডি আৰবৰ এটা কোম্পানীত কাম কৰিছিল আৰু সন্তানৰ সৈতে পত্নী নিজৰ জন্মভূমিত বাস কৰে । কবিতাই কয় যে ২০১৯ চনত নাগৰিকত্ব সংশোধনী আইন (CAA) আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (NRC) সমৰ্থনত তেওঁৰ স্বামীয়ে ফেচবুকত এটা মেছেজ দিছিল । কিন্তু কোনো অজ্ঞাত লোকে তেওঁৰ নামত এটা ভুৱা ফেচবুক একাউণ্ট খুলি চৌডি আৰবৰ ৰজা আৰু ইছলামৰ বিৰুদ্ধে আপত্তিজনক পোষ্ট দিছিল ।

Karnataka HC warns Facebook
Karnataka HC warns Facebook
author img

By

Published : Jun 15, 2023, 1:50 PM IST

নিউজ ডেস্ক, ১৫ জুন : কৰ্ণাটক উচ্চ ন্যায়ালয়ে বুধবাৰে ফেচবুকক সতৰ্ক কৰি দিয়ে যে ভাৰতত এই ছ'চিয়েল মিডিয়া প্লেটফৰ্মটোৰ কাৰ্যকলাপ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰাৰ বিষয়ে বিবেচনা কৰিব । উল্লেখ্য, চৌডি আৰবত কাৰাবন্দী এজন ভাৰতীয় নাগৰিকৰ গোচৰৰ তদন্ত সন্দৰ্ভত ৰাজ্যিক আৰক্ষীৰ সৈতে অসহযোগ কৰাৰ অভিযোগৰ পিছতে ছ'চিয়েল মিডিয়াৰ বৃহত্তম গ্ৰুপটোক এই সকীয়নি প্ৰদান কৰে । ন্যায়াধীশ কৃষ্ণ এছ দীক্ষিতৰ বিচাৰপীঠে দক্ষিণ কানাড়া জিলাৰ মাংগালুৰুৰ ওচৰৰ বিকৰ্ণকাট্টেৰ বাসিন্দা কবিতাই দাখিল কৰা এখন আবেদন গ্ৰহণ কৰাৰ সময়ত এই সতৰ্কবাণী প্ৰদান কৰে । "প্ৰয়োজনীয় তথ্যৰ সৈতে সম্পূৰ্ণ প্ৰতিবেদন আদালতৰ সন্মুখত এসপ্তাহৰ ভিতৰত দাখিল কৰিব লাগে ।" বিচাৰপীঠখনে ফেচবুকক এই নিৰ্দেশ দিয়ে ।

লগতে এইটোও কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰে মিছা গোচৰত এজন ভাৰতীয় নাগৰিকক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই বিষয়ে তথ্য দিয়া উচিত । "মেংগালুৰু আৰক্ষীয়েও সঠিক তদন্ত কৰিব লাগিব আৰু প্ৰতিবেদন দাখিল কৰিব লাগিব ।" আদালতে ২২ জুনলৈকে শুনানি স্থগিত ৰাখি কয় ।

উল্লেখ্য, কবিতাই তেওঁৰ আবেদনত উল্লেখ কৰিছে যে তেওঁৰ স্বামী ৫২ বছৰীয়া শৈলেশ কুমাৰে চৌডি আৰবৰ এটা কোম্পানীত ২৫ বছৰ ধৰি কাম কৰি আছে আৰু তেওঁ সন্তানৰ সৈতে নিজৰ জন্মভূমিত বাস কৰি আছিল । তেওঁ কয় যে ২০১৯ চনত নাগৰিকত্ব সংশোধনী আইন (CAA) আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (NRC) সমৰ্থনত তেওঁৰ স্বামীয়ে ফেচবুকত এটা মেছেজ দিছিল । কিন্তু কোনো অজ্ঞাত লোকে তেওঁৰ নামত এটা ভুৱা ফেচবুক একাউণ্ট খুলি চৌডি আৰবৰ ৰজা আৰু ইছলামৰ বিৰুদ্ধে আপত্তিজনক পোষ্ট দিছিল ।

এই কথা গম পোৱাৰ লগে লগে কুমাৰে তেওঁৰ পৰিয়ালক ঘটনাটোৰ বিষয়ে অৱগত কৰায় আৰু তাৰ পিছত কবিতাই এই সন্দৰ্ভত মাংগালুৰু আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে । অৱশ্যে ইতিমধ্যে চৌডি আৰক্ষীয়ে শৈলেশ কুমাৰক গ্ৰেপ্তাৰ কৰি কাৰাগাৰত ৰাখিছিল । আনহাতে, তদন্তভাৰ হাতত লোৱা মেংগালুৰু আৰক্ষীয়ে ফেচবুকলৈ এখন পত্ৰ লিখি ভুৱা ফেচবুক একাউণ্ট খোলাৰ বিষয়ে তথ্য বিচাৰে । কিন্তু ফেচবুকৰ তৰফৰ পৰা আৰক্ষীক কোনো সঁহাৰি দিয়া নাছিল । ইয়াৰ পিছত ২০২১ চনত আবেদনকাৰীয়ে তদন্তৰ গতি পলম হোৱাৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপে । আনহাতে, কবিতাই তেওঁৰ স্বামীক কাৰাগাৰৰ পৰা মুকলি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ এখন পত্ৰও লিখিছিল ।

লগতে পঢ়ক :Wrestlers protest : আজি আৰক্ষীয়ে দাখিল কৰিব মল্লযুঁজাৰু যৌন নিৰ্যাতন গোচৰৰ অভিযোগনামা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.