নেশ্যনেল ডেস্ক,১১ মাৰ্চ: তেলেংগানাৰ হায়দৰাবাদত লোমহৰ্ষক হত্যাকাণ্ড । বনস্থলীপুৰমৰ এগৰাকী মহিলাই স্বামীক হত্যা কৰি মৃতদেহ পুতি থলে ঘৰৰ প্ৰাংগণত । নৌশ্বিন বেগম নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে উঠিছে এই গুৰুতৰ অভিযোগ । আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে অভিযুক্ত মহিলাগৰাকীক । অভিযোগ অনুসৰি মহিলাগৰাকীয়ে তাইৰ বন্ধু সুনীলৰ সৈতে লগ হৈ স্বামী গগন আগৰৱালাক হত্যা কৰিছিল ।
উল্লেখ্য যে, যোৱা ৮ ফেব্ৰুৱাৰীত গগন আৰু সুনীলে একেলগে মদ্যপান কৰিছিল । পৰৱৰ্তী সময়ত দুয়োজনৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু নৌশ্বিন বেগমে সুনীলৰ সহায়ত চুৰিকাঘাত কৰাৰ ফলত মৃত্যু হয় গগনৰ । পিছত স্বামী নিৰুদ্দেশ হোৱা বুলি অভিযোগ দিছিল পত্নী নৌশ্বিন বেগমে । ইতিমধ্যে আৰক্ষীৰ জেৰাত হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছে পত্নী বেগমে ৷ লগতে প্ৰকাশ কৰিছে যে, গগনে জীয়েকক অশালীন ব্যৱহাৰ কৰিছিল যাৰ বাবে তাই হত্যা কৰে স্বামীক ৷
আগৰৱালাৰ দুবছৰ পূৰ্বে তেওঁৰ প্ৰথমা পত্নীৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল আৰু নৌশ্বিন বেগমক বিয়া কৰাইছিল । ইফালে গগনৰ মৃতদেহ প্ৰায় অৰ্ধগলিত অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে আৰু কিছু অংশ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।
লগতে পঢ়ক: আগ্ৰাত ট্ৰাক আৰু স্কপি'অৰ মুখামুখি সংঘৰ্ষত নিহত ৯