ETV Bharat / bharat

Wife complains against husband : শাৰীৰিক সম্পৰ্ক নথকাৰ বাবে সুখ নাই ! স্বামীৰ বিৰুদ্ধে অভিযোগ পত্নীৰ - Bangalore wife complain against husband

মাণ্ড্যৰ যুৱতীগৰাকী এবছৰ পূৰ্বে হাছানৰ এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । কিন্তু তেওঁ অভিযোগ কৰিছে যে স্বামীৰ সৈতে তেওঁৰ শাৰীৰিক সম্পৰ্ক নাই । আনকি তেওঁ স্বামীক তেওঁৰ ভালপোৱাৰ বিষয়ে ক'লে বা প্ৰেমৰ কথা পাতিব বিচাৰিলেও খং কৰে (Wife complains against husband no physical contact) ।

Wife complains against husband
Wife complains against husband
author img

By

Published : Jun 9, 2023, 6:31 PM IST

নিউজ ডেস্ক, ৯ জুন : স্বামী-স্ত্ৰীৰ সুখৰ সংজ্ঞা কি ? এখন সুন্দৰ ঘৰ, বিলাসী জীৱন, সন্তান, আমোদ-প্ৰমোদ.. । নিশ্চিতভাৱে এইকেইটা কথা আপাত দৃষ্টিত মনলৈ আহিলেও ইয়াৰ মাজতো লুকাই থাকে আন কেতবোৰ বিষয় । স্বামী-স্ত্ৰীৰ মাজত মনৰ মিল, আন্তৰিক ভাব বিনিময়, মতাদৰ্শ, ইজনৰ সিজনৰ প্ৰতি থকা ভালপোৱাও ইয়াৰ এক অন্যতম প্ৰাথমিক চৰ্ত । কিন্তু স্বামী-স্ত্ৰীৰ মাজত যদি শাৰীৰিক দূৰত্ব থাকে তেনেহ'লে জানো সেই সংসাৰ সুখৰ বুলিব পাৰি ?

নিশ্চিতভাৱে যদি স্বামী-স্ত্ৰী দুয়োৱে নিজৰ সংগীৰ পৰা দৈহিক সুখ লাভ কৰিব নোৱাৰে তেন্তে সেই সংসাৰ সুখৰ বুলিব নোৱাৰি । সেই কথাকে অভিযোগ হিচাপে দাখিল কৰিছে এগৰাকী ২১ বছৰীয়া বিবাহিতা মহিলাই । তেওঁৰ অভিযোগ, স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক নথকাৰ বাবেই তেওঁৰ জীৱনত সুখ নাই (Wife complains against husband no physical contact) !

ঘটনাটো বেংগালুৰুৰ । বেংগালুৰুৰ আনেকালৰ পাৰাপ্পানা অগ্ৰহৰা আৰক্ষী থানাত বিবাহিতা মহিলাগৰাকীয়ে অভিযোগ দাখিল কৰি কৈছে যে তেওঁ স্বামীৰ পৰা সুখ লাভ কৰা নাই । মহিলাগৰাকীৰ অভিযোগ, পৰিয়ালে ঠিক কৰি দিয়া এজন যুৱকৰ সৈতে তেওঁৰ বিয়া হৈছিল । কিন্তু বিয়াৰ পিছতে পৰিয়াল তথা তেওঁ দেখা ভৱিষ্যতৰ সকলো সপোন থানবান হৈ যোৱা বুলি আৰক্ষীৰ ওচৰত অভিযোগ মহিলাগৰাকীৰ (Bangalore wife complain against husband) ।

ঘটনাৰ বিৱৰণী অনুসৰি, মাণ্ড্যৰ এগৰাকী যুৱতীয়ে এবছৰ পূৰ্বে হাছানৰ এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । তেওঁ বেংগালুৰু মহানগৰ জিলাৰ আনেকাল তালুকৰ ইলেক্ট্ৰ'নিক চিটীৰ এপাৰ্টমেণ্টত ছিকিউৰিটি ছুপাৰভাইজাৰ হিচাপে কাম কৰি আছে । কিন্তু তেওঁ অভিযোগ কৰিছে যে স্বামীৰ সৈতে তেওঁৰ শাৰীৰিক সম্পৰ্ক নাই । আনকি তেওঁ স্বামীক তেওঁৰ ভালপোৱাৰ বিষয়ে ক'লে বা প্ৰেমৰ কথা পাতিব বিচাৰিলেও খং কৰে । সৰু সৰু বিষয়তে বিৰক্ত হৈ পৰে তেওঁৰ স্বামী (wife alleged no physical contact with husband) ।

যাৰ বাবে তেওঁ বিবাহ বিচ্ছেদ বিচাৰি আদালতত আবেদন কৰিছিল । কিন্তু স্বামী এই ক্ষেত্ৰত সন্মত হোৱা নাছিল । স্বামীৰ আচৰণত তেওঁ অতিষ্ঠ হৈ পৰা বুলিও অভিযোগ কৰে । সেয়েহে মহিলাগৰাকীয়ে পাৰাপ্পানা অগ্ৰহৰা আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে যে তেওঁ স্বামীৰ পৰা ন্যায় বিচাৰে । লগতে মহিলাগৰাকীয়ে আৰক্ষীক স্বামীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু উপযুক্ত সিদ্ধান্তত উপনীত হোৱাত সহায় কৰিবলৈ অনুৰোধ জনাইছে ।

লগতে পঢ়ক :Boyfriend Murdered Girlfriend Mother : প্ৰেমত বাধা; নাবালিকা প্ৰেমিকাৰ মাতৃক হত্যা প্ৰেমিকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.