ETV Bharat / bharat

মহিলাসকলৰ মাজত আত্মপ্ৰেম আৰু আত্মপ্ৰমূল্যৰ অভাৱ কিয়? - বিশ্বজুৰি চলা এক সমীক্ষা

বিশ্বজুৰি চলা এক সমীক্ষাই সমগ্ৰ বিশ্বৰে মহিলা সকলৰ মাজত বিৰাজ কৰা আত্মপ্ৰেম সংকটক চিনাক্ত কৰি উলিয়াইছে ৷ প্ৰতি দুগৰাকী মহিলাৰ এগৰাকীয়েই নিজকে ভালপোৱাৰ তুলনাত আত্মগ্লানিত ভুগে আৰু প্ৰায় ৬০ শতাংশ মহিলাই আশা কৰে যে তেওঁলোকৰ নিজৰ প্ৰতি আৰু অধিক সন্মান থাকিব লাগিছিল ৷

মহিলাসকলৰ মাজত আত্মপ্ৰেম আৰু আত্মপ্ৰমূল্যৰ অভাৱ কিয়

author img

By

Published : Mar 15, 2021, 10:24 AM IST

নিউজ ডেস্ক,15মাৰ্চ: (আই এ এন এছ লাইফ) বিশ্বজুৰি চলা এক সমীক্ষাই সমগ্ৰ বিশ্বৰে মহিলা সকলৰ মাজত বিৰাজ কৰা আত্মপ্ৰেম সংকটক চিনাক্ত কৰি উলিয়াইছে ৷ প্ৰতি দুগৰাকী মহিলাৰ এগৰাকীয়েই নিজকে ভালপোৱাৰ তুলনাত আত্মগ্লানিত ভুগে আৰু প্ৰায় ৬০ শতাংশ মহিলাই আশা কৰে যে তেওঁলোকৰ নিজৰ প্ৰতি আৰু অধিক সন্মান থাকিব লাগিছিল ৷

“দ্য বডী শ্বপ গ্লবেল ছেল্‌ফ লাভ ইণ্ডেক্স” অনুসৰি আত্মপ্ৰেমৰ ক্ষেত্ৰত ভাৰতবৰ্ষই দশম স্থানেৰে মধ্যম স্থানত অৱস্থান গ্ৰহণ কৰি আছে ৷ আনহাতে দক্ষিণ কোৰিয়া, ছৌদি আৰৱ আৰু ফ্ৰাঞ্চে একেবাৰেই সৰ্বনিম্ন স্থান দখল কৰি থকাৰ বিপৰীতে ডেনমাৰ্ক, অষ্ট্ৰেলিয়া আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ আছে সৰ্বোচ্চ স্থানত ৷

২০২০ চনৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ ভিতৰত “দ্য বডী শ্বপ” আৰু বজাৰ গৱেষণা সন্থা ‘ইপছ’ছ’ৰ দাৰা ২১ খন বিভিন্ন দেশৰ ২২ হাজাৰতকৈও অধিক লোকৰ ওপৰত এই অধ্যয়ন সম্পন্ন কৰা হৈছিল ৷ ছেল্ফ ইণ্ডেক্সত সুস্বাস্থ্য আৰু সুখী হোৱাৰ বাবে কেইবাটাও শৈক্ষিক মাপকাঠি সংযোজিত হৈ আছে ৷ ইয়াৰ লগতে বয়স, লিংগ, দেশ আৰু জীৱন ধাৰণৰ শৈলীয়ে কেনেদৰে নিজে নিজৰ সম্পৰ্কত অনুভৱ কৰে তাৰ ওপৰত উপলব্ধি কৰা হয় ৷

ইয়াৰ মাজতে, ‘দ্য বডী শ্বপে’ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বৃটিছ সমাজ কৰ্মী তথা অভিনেত্ৰী জামিলা জামিলৰ সহযোগত ‘ছেল্ফ লাভ আপৰাইজিং’ নামেৰে বিশ্বব্যাপি এক আন্দোলনৰ সূচনা কৰিছে ৷ জামিলাই কৈছে, “মই আত্মপ্ৰেমৰ অভাৱক এক আৱেগিক মহামাৰী হিচাপে গণ্য কৰো আৰু ইয়েই আমাৰ যুৱ প্ৰজন্মক সকলোতকৈ বেছি আঘাত হানিছে ৷ আত্মপ্ৰেম এক আভ্যন্তৰীণ বিষয় আৰু সকলোৱে এবাৰৰ বাবে হ’লেও নিজকে ভাল পাবৰ বাবে এক ইতিবাচক পদক্ষেপ লওঁ আহক ৷ এগৰাকী মহিলা হিচাপে নিজকে লৈ গৌৰৱ অনুভৱ কৰা আৰু নিজে যি সেইয়াই ‘যথেষ্ট’ বুলি বিশ্বাস কৰাটো এক সামাজিক আৰু ৰাজনৈতিক প্ৰতিৰোধ ৷”

ব্ৰাণ্ডটোৱে তিনি গৰাকী ভাৰতীয় সমাজকৰ্মী তথা ‘লিডিং লাইটছ’ হিচাপে পৰিচিত ত্ৰিনেত্ৰ হালদাৰ গুম্মাৰাজু, এলেক্স মেথিউ আৰু অংকিতা চতুৰ্বেদীৰ সৈতে লগ লাগিছে ৷

“দ্য ছেল্ফ লাভ ইণ্ডেক্স”ৰ মূল অনুসন্ধান সমূহৰ ভিতৰত হ’ল:-

ভাৰতীয় লোকৰ আত্মপ্ৰেমৰ সূচকাংক হ’ল ৫২, এই সংখ্যা হ’ল বিশ্বৰ গড় সূচকাংক (৫৩) তকৈ এক নম্বৰ কম ৷

যি নহওক, ভাৰতত আত্মপ্ৰেম বয়স বঢ়াৰ লগে লগে বৃদ্ধি পাই ৷ ৩৫ বছৰতকৈ তলৰ সকলৰ মাজত আত্মপ্ৰেমৰ সূচকাংক আটাইতকৈ কম, শতকৰা ২৫ শতাংশ হোৱাৰ সম্ভাৱনাই বেছি (৫৫ তথা তাতকৈ ওপৰৰ সকলৰ ২০ শতাংশৰ তুলনাত ৩৭ শতাংশ) ৷ আনহাতে যিসকল লোক অকলশৰীয়া তেওঁলোকৰ আত্মপ্ৰেম অতি কম ৷ তেওঁলোকৰ গড় সূচকাংক হ’ল ৪৯ ৷ দেশৰ অন্যান্য প্ৰান্তৰ লোক সকলৰ তুলনাত উত্তৰত বসবাস কৰা লোক সকলৰ আত্মপ্ৰেম সূচকাংক (৫০) আছিল কম ৷

ইফালে, সংখ্যালঘু সম্প্ৰদায়ৰ লোক সকলৰ আত্মপ্ৰেম সূচকাংক হৈছে ৪৬ ৷ এই সংখ্যা আছিল সংখ্যালঘু সম্প্ৰদায়ত নপৰা লোক সকলৰ আত্মপ্ৰেম সূচকাংক ৫৪ তকৈ কম ৷ বিশেষভাৱে সক্ষম সকলৰ ভিতৰত ৫৪ শতাংশৰ আত্মপ্ৰেম সূচকাংক হ’ল সৰ্বনিম্ন ২৫ শতাংশ ৷

অৰ্থনৈতিক অৱস্থাইও আত্মপ্ৰেমক প্ৰভাৱিত কৰে ৷ অৰ্থনৈতিকভাৱে সুচল অৱস্থাৰ অধিকাৰি নোহোৱা ৪০ শতাংশ লোকৰ আত্মপ্ৰেম সূচকাংকও আছিল সৰ্বনিম্ন ২৫ শতাংশ ৷ উভয়ৰে আত্মপ্ৰেম সূচকাংক আছিল ৪৬ ৷

এক উচ্চ পৰ্যায়লৈকে শিক্ষা লাভ কৰা লোক সকলৰ আত্মপ্ৰেম আছিল অধিক ৷ আনহাতে যি সকলে বিশ্ববিদ্যালয় পদুলি গৰকা নাছিল,সেই সকলৰ আত্মপ্ৰেমৰ সূচকাংক ৪৭ অৰ তুলানত ৷ যি সকলে স্নাতক পৰ্যায়লৈকে অধ্যয়ন কৰিছিল তেওঁলোকৰ সূচকাংক আছিল ৫৩ ৷

বিশ্বব্যাপি ছ'চিয়েল মিডিয়া ব্যৱহাৰ আৰু আত্মপ্ৰেমৰ সূচকাংকৰ মাজত যি সম্পৰ্ক, অৰ্থাৎ যিমানেই অধিক ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ বাঢ়ি গৈছে সিমানেই আত্মপ্ৰেমৰ সূচকাংক হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে ৷ কিন্তু ভাৰতবৰ্ষত তেনে হোৱা পৰিলক্ষিত হোৱা নাছিল ৷ ছ'চিয়েল মিডিয়া দুঘন্টাতকৈ অধিক ব্যৱহাৰ কৰা সকলে আৰু তাতকৈ কম ব্যৱহাৰ কৰা সকলৰ মাজত আত্মপ্ৰেমৰ সূচকাংকৰ মাজত কোনো গুৰুত্বপূৰ্ণ প্ৰভেদ দেখা পোৱা নগৈছিল ৷

ভাৰতবৰ্ষৰ ৬৫ শতাংশ লোকে কৈছে যে, তেওঁলোকে সদায়ে নাইবা সাধাৰণতেই নিজে বিচৰা ধৰণৰ সামাজিক আৰু আৱেগিক সাহচৰ্য লাভ কৰে ৷ মহিলা সকল (৬৮ শতাংশ) আৰু বিবাহিত সকলে (৬৯ শতাংশ) সাহচৰ্য অনুভৱ কৰাৰ সম্ভাৱনাই আছিল অধিক ৷ অনুসন্ধানটো অনুসৰি ক’ভিড-১৯ এ মহিলা সকলৰ আত্মপ্ৰেম জগোৱাত নেতিবাচকতকৈ কিছু অধিক পৰিমাণে ইতিবাচক প্ৰভাৱহে পেলাইছিল ৷ তথাপি যি নহওক, আত্মপ্ৰেম কম পৰিমাণে অনুভৱ কৰা মহিলা সকলৰ তেওঁলোকৰ আত্মপ্ৰেমৰ ওপৰত ক’ভিড-১৯ অৰ নেতিবাচক প্ৰভাৱ ছয় গুণৰ অধিকভাৱে পৰাৰ সম্ভাৱনা আছিল আৰু যি সকল মহিলা আৰ্থিকভাৱে সচল নাছিল তেওঁলোকৰ ওপৰতো ক’ভিডে এক নেতিবাচক প্ৰভাৱ বিস্তাৰ কৰিছিল ৷ ইয়াৰ পৰা বুজিব পৰা গৈছিল যে মহামাৰীৰ সময়চোৱাত সমাজৰ আটাইতকৈ দুৰ্বল বৰ্গৰ মহিলা সকলৰ মাজত আত্মসন্মানৰ সমস্যাৰ জন্ম হৈছিল ৷

প্ৰত্যাৱৰ্তনো আত্মপ্ৰেমৰ সৈতে জড়িত:

এজন লোকে যিমানেই অধিক স্ক’ৰ পাব সিমানেই খৰকৈ তেওঁলোক কঠিন সময়ৰ পৰা প্ৰত্যাৱৰ্তন কৰি স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ সম্ভাৱনা আছে ৷

আত্মপ্ৰেমৰ প্ৰসংগত আন এক বিভাজিত বিষয় হ’ল ছ'চিয়েল মিডিয়া ৷ সম্ভৱতঃ প্ৰয়োজনানুসৰি লাভ কৰা আৱেগিক সাহচৰ্যৰ বাবেই চাগে ছ'চিয়েল মিডিয়া ব্যৱহাৰ নকৰা সকলৰ তুলনাত অত্যধিকভাৱে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰা সকলৰ আত্মপ্ৰেম আছিল দুগুণ ৷ মহিলা সকলৰ বাবে সাহচৰ্যৰ এক আৱেষ্টনি যুগোতাই দিয়াত ছ'চিয়েল মিডিয়া নেটৱৰ্কে যে এক মহত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে ই তাৰেই এক ইংগিত বহন কৰে ৷ যি নহওক, অধ্যয়নটোত এইটোও দেখিবলৈ পোৱা গৈছিল যে সম্ভাৱতঃ নিজকে আনৰ লগত তুলনা কৰাৰ ফলত অত্যধিক পৰিমাণে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰা সকলৰ মাজত আত্মপ্ৰেমৰ অনুভুতি আছিল কম আৰু তেওঁলোকক প্ৰায়ে নিজৰ শৰীৰটোৰ গঠনক লৈ অসুখী হোৱা দেখা গৈছিল ৷

গুম্মাৰাজুৱে কয় যে “আত্মপ্ৰেম নাম লোৱাৰ আগয়ে আহে আত্ম-গ্ৰহণযোগ্যতা ৷ ইয়াৰ অৰ্থ এইটোও হ’ব পাৰে যে আপোনাৰ অনুসন্ধিৎসুতাৰ সৈতে ই জাগ্ৰত হ’ব পাৰে ৷ ইয়াৰ অৰ্থ এইটোৱেই যে নিজে যি তেনেকৈয়ে নিজকে আন কাৰোবাৰ দ্বাৰা ভাল পাবলৈ অনুমতি দিয়া ৷ কোনো এজনে ক’ৰবাৰ পৰাতো আৰম্ভ কৰিব লাগিবই ৷ উজাগৰ কৰিবলৈ যিমানেই কঠিন নহওক কিয় মই দৃঢ়ভাৱে বিশ্বাস কৰো যে প্ৰত্যেকৰেই সেই অন্তৰ্নিহিত ক্ষমতা আছে ৷ মই অনুভৱ কৰো যেতিয়াই অৱদমিত বৰ্গই নিজকে ভাল পাবলৈ শিকিব তেতিয়াই এক বিপ্লৱ আৰম্ভ হ’ব ৷ “দ্য বডী শ্বপ ইণ্ডিয়া”ই এই বিপ্লৱকটো অনাৰ উদ্দেশ্যেৰে এটা অৰ্থপূৰ্ণ অভিযানৰ পোষকতা কৰিছে ৷ মই সচাৰ্থত বিশ্বাস কৰো যে “ছেল্ফ লাভ আপৰাইজিঙে” সেইটো কৰিব পাৰিব ৷”

মেথিউয়ে কৈছে, “মোৰ বাবে আত্মপ্ৰেমৰ অৰ্থ হৈছে মোৰ নিজৰ সুকীয়া অস্তিত্বক বিচাৰি উলিওৱা আৰু গ্ৰহণ কৰা ৷ সকলো সময়তে মই এটা পৰিস্থিতিৰ সন্মুখিন হও, মোৰ সৰ্বপ্ৰথম প্ৰাথমিকতা হ’ল মোৰ নিজৰ সুখ আৰু ইতিবাচক চিন্তাবোৰক সুৰক্ষা দিয়া ৷ আনক সুখী কৰিবলৈ সামাজিক ৰীতি-নীতিবোৰেৰে অসুখী আৰু অসন্তুষ্ট জীৱন যাপন কৰাটো এক কলাৰ ৰূপ লৈ মোক উদ্ধাৰ কৰিবলৈ আহিল আৰু মোক নিজকে ভালকৈ বুজাত সহায় কৰিলে ৷ মায়াৰ জন্ম হয় প্ৰেম, দয়া আৰু নিৰ্দয়তাৰ পৰা ৷ যি মূহুৰ্তত আপুনি আপোনাৰ স্বকীয়তাক ভাল পাব, সেই মূহুৰ্তৰ পৰাই নিজকে ভালপাবলৈ আৰম্ভ কৰিব ৷ আত্মপ্ৰেমৰ অনুসন্ধানৰত অৱস্থাত নিজকে ইতিবাচকতাৰ আৱেষ্টনিৰ মাজত ৰখাটো আটাইতকৈ ডাঙৰ পদক্ষেপ লগতে পৰিশেষত কওঁ যে সৰ্বদা কেৱল আপুনি নিজৰ ভিতৰত থকা সমালোচকজনকেই প্ৰাধান্য দি নাথাকিব, নিজৰ অনুভূতিৰ প্ৰতিও সঁহাৰি জনাব লাগে ৷”

২/ ক’ভিড ভেক্সিনে ৩০ শতাংশ সংক্ৰমণ ৰোধ কৰিবঃ যুক্তৰাজ্যৰ এক অধ্যয়নত প্ৰকাশ

(আই এ এন এছ লাইফ) যুক্তৰাজ্যত সম্পন্ন হোৱা এক সমীক্ষাত উন্মোচিত হৈছে যে ,স্কটলেণ্ডৰ স্বাস্থ্যকৰ্মী সকলৰ সৈতে বসবাস কৰা লোক সকলৰ মাজত টিকাকৰণ কৰোৱাৰ পাচত, বিশেষকৈ প্ৰথমটো পালি দিয়াৰ পাচত ক’ভিড-১৯ অৰ সংক্ৰমণৰ হাৰ অন্তত ৩০ শতাংশলৈ হ্ৰাস হৈছিল ৷়

শুকুৰবাৰে প্ৰকাশ পোৱা “পাব্লিক হে’ল্‌থ স্কটলেণ্ড” আৰু গ্লাছগ’ বিশ্ববিদ্যালয়ৰ দ্বাৰা চলোৱা এই গৱেষণাটোৰ অনুসৰি যিহেতু স্বাস্থ্যকৰ্মী সকলৰ পৰিয়ালবৰ্গৰ লোক সকল আন লোকৰ দ্বাৰাও সংক্ৰমিত হ’ব পাৰে, সেয়ে সংক্ৰমণ হ্ৰাস হোৱাৰ তুলনামূলক এই ৩০ শতাংশ হৈছে টিকাকৰণৰ 'প্ৰকৃত' প্ৰভাৱৰ এক অৱমূল্যায়ন ৷

২০২০ চনৰ ৮ ডিচেম্বৰৰ পৰা ২০২১ চনৰ ৩ মাৰ্চলৈকে টিকাকৰণ কৰা আৰু নকৰা মুঠ ৩৩ হাজাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা কৰ্মীক (এন এইছ এছ) সামৰি এই গৱেষণাটো সম্পন্ন কৰা হৈছিল ৷ অধ্যয়নটোত প্ৰকাশ পোৱা অনুসৰি, যি সকল স্বাস্থ্য কৰ্মীয়ে প্ৰায় ১৪ দিনৰ পূৰ্বে টিকাৰ দ্বিতীয়টো পালি লাভ কৰিছে তেওঁলোকৰ পৰিয়ালৰ সদস্য সকলৰ মাজত ক’ভিডৰ সংক্ৰমণৰ হাৰ; যি সকল স্বাস্থ্য কৰ্মীয়ে এতিয়াও টিকা লাভ নাই কৰা তেওঁলোকৰ পৰিয়ালৰ সদস্য সকলৰ তুলনাতকৈ ৫৪ শতাংশ কম ৷

যুক্তৰাজ্যৰ চৰকাৰে ইউৰোপিয়ান ইউনিয়নৰ দেশ সমূহৰ সৈতে অধিক মুক্তভাৱে বিদেশ ভ্ৰমণ কৰাৰ যি সকল লোকৰ সম্ভাৱনা আছে তেওঁলোকৰ বাবে “ভেকচিন পাছপৰ্ট” জাৰি কৰাৰ সম্ভাৱনীয়তাৰ বিষয়ে আলোচনা কৰাৰ ঠিক প্ৰকাক্ষণতে এই অধ্যয়ন সন্মুখলৈ আহিছে ৷ চৰকাৰি তথ্য অনুসৰি বৃটেইনত ২.৩ কোটিতকৈ অধিক লোকক কৰ'ণা ভাইৰাছৰ প্ৰথমটো টিকা প্ৰদান কৰা হৈছে ৷

স্বাস্থ্য সচিব মেট হেনককে জনোৱা অনুসৰি, চৰকাৰ জুলাই শেষলৈকে সকলো প্ৰাপ্ত বয়স্ক নাগৰিককে ভেকচিনৰ প্ৰথমটো পালি প্ৰদান কৰিবলৈ চৰকাৰ দৃঢ় প্ৰতিজ্ঞ ৷ ২২ ফেব্ৰুৱাৰীত প্ৰধান মন্ত্ৰী বৰিছ জনচনে লকডাউনৰ পৰা বাহিৰ ওলাব লগীয়া তেওঁৰ দীৰ্ঘ প্ৰতিক্ষিত ‘ৰ’ডমেপ’ ঘোষণা কৰে ৷ যোৱা সোমবাৰে ইংলেণ্ডত বিদ্যালয় সমূহ পুনৰাম্ভ কৰাটো আছিল চাৰি তৰপীয়া পদক্ষেপৰ প্ৰথম অংশ আৰু ইয়াক জনচনে “সতৰ্ক কিন্তু অপৰিৱৰ্তনীয়” হিচাপে পৰিকল্পনা কৰা হৈছে বুলি কয় ৷ ৱেলেছ আৰু স্কটলেণ্ডকে ধৰি বৃটেইনৰ আন প্ৰান্তৰবোৰেও নিষেধাজ্ঞা সমূহত শিথিলতা আনিবলৈ পৰিকল্পনা কৰিছে ৷ ভাইৰাছবিধৰ নতুন ৰূপ আৰু ৰাজহুৱা স্থানত নিষেধাজ্ঞা সমূহ উলংঘনৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষজ্ঞ সকলে সাৱধান বাণী আগবঢ়াইছে যে, যুক্তৰাজ্যৰ আকাশৰ পৰা এতিয়াও কলিয়া ডাৱৰ আঁতৰি যোৱা যায় ৷

৩/ মূৰত পোৱা আঘাত সমূহ দশকৰ পাচতো বোধশক্তি হ্ৰাস হোৱাৰ কাৰক হ’ব পাৰে ৷

(আই এ এন এছ লাইফ) এক নতুন অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে যিসকল লোকে ৫০ বছৰ বয়সৰ ভিতৰত নাইবা তাৰ আগেয়ে মূৰত আঘাত পাই তেওঁলোকে ৭০ বছৰ বয়সত লোৱা বোধশক্তি পৰীক্ষাত আশা কৰাতকৈ কম নম্বৰ পাইছে ৷

অধ্যয়নটোৰ নিষ্কৰ্ষ সমূহৰ জানিব পৰা গৈছিল যে মূৰত পোৱা আঘাতবোৰৰ ফলত হোৱা মগজুৰ ক্ষয়ক্ষতি সমূহ আলজেইমাৰ ৰোগৰ কাৰক নহয়,বৰং ই মানুহক ডিমেনছিয়াৰ লক্ষণ সমূহৰ প্ৰতিহে অধিক সংবেদনশীল কৰি তুলিব পাৰে ৷

“আমি স্পষ্ট প্ৰমাণ পাইছোঁ যে জীৱনৰ আগচোৱাত নাইবা মধ্য বয়সত মূৰত পোৱা আঘাত সমুহে মগজুৰ স্বাস্থ্য আৰু চিন্তা শক্তিত দীৰ্ঘ দিনৰ বাবে সৰু কিন্তু গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে ৷” ইউনিভাৰ্ছিটি কলেজ লণ্ডনৰ (ইউ চি এল) আগশাৰীৰ গৱেষক ছাৰা-নাওমি জেমছে এনেদৰে কয় ৷ “এনেকুৱা হয়তো ইয়াৰ বাবেও হ’ব পাৰে যে মূৰত পোৱা কোনো আঘাতে বয়স বৃদ্ধি হোৱাৰ সাধাৰণ প্ৰক্ৰিয়াটোৰ প্ৰতি মগজুটোক অধিক সংবেদনশীল কৰি তুলে নাইবা এই প্ৰক্ৰিয়াক আৰু খৰতকীয়া কৰি তুলে ৷” জেমছে পুনৰ কয় ৷

“এনালছ অৱ দ্য ক্লিনিকেল এণ্ড ট্ৰাঞ্চলেশ্বনেল নিউৰ’লজী”ত প্ৰকাশ পোৱা অধ্যয়নটোত যুক্তৰাজ্যৰ ৫০২ গৰাকী গৱেষকৰ দল এটাই অংশ লৈছিল আৰু ই আছিল যুক্তৰাজ্যৰ আটাইতকৈ দীঘলীয়া “ক’হৰ্ট ষ্টাডি” ৷

৫৩ বছৰ বয়সীয়া অংশগ্ৰহণকাৰী সকলক, তেওঁলোকে মূৰত কেতিয়াবা গুৰুতৰ আঘাত পাইছিল নেকি সেই বিষয়ে জানিবলৈ প্ৰশ্ন সুধা হৈছিল “আপোনালোক কেতিয়াবা মূৰ্চ্ছা গৈছিল নে কি ?” তেওঁলোকৰ নমুনাৰ ২১ শতাংশই এই প্ৰশ্নত ইতিবাচক সঁহাৰি দিছিল ৷ ইয়াৰ পাচত সমীক্ষাটোত অংশ লোৱা সকলৰ প্ৰায় সত্তৰ বছৰ বয়সৰ ওচৰ পাজৰৰ সকলক (৬৯-৭১) মগজুৰ স্কেন (পি ই টি/এম আৰ আই) কৰোৱা হৈছিল লগতে তেওঁলোকক বোধশক্তি পৰীক্ষণো কৰোৱা হৈছিল ৷ গৱেষক সকলে জানিব পাৰিছিল যে যি সকল ৭০ বছৰ বয়সীয়া লোকে ১৫ বছৰ বা তাৰ আগেয়ে মূৰত কোনো গুৰুতৰ আঘাত পাইছিল তেওঁলোকে মনোযোগ আৰু ক্ষীপ্ৰ চিন্তাৰ (দুই নম্বৰৰ ব্যৱধান দেখা গৈছিল, ৯৩ নম্বৰৰ মাপকাঠিত ৪৮ অৰ বিপৰীতে ৪৬ নম্বৰ লাভ কৰিছিল) বাবে লোৱা বোধশক্তি পৰীক্ষণত ভৱাতকৈ সামান্য পৰিণামে বেয়া প্ৰদৰ্শন কৰিছিল ৷

পূৰ্বৰ অধ্যয়নৰ পৰা পোৱা প্ৰমাণ অনুসাৰে জানিব পৰা গৈছিল যে, তেওঁলোকৰ মগজুৰ আয়তনো আছিল সৰু (১ শতাংশ) আৰু মস্তিষ্কৰ মাইক্ৰ’ষ্ট্ৰাকচাৰেল অখণ্ডতাৰো পাৰ্থক্য আছিল আৰু ই হয়তো সুক্ষ্ম বোধশক্তিৰ পাৰ্থক্যৰ বিষয়ে বাখ্যা আগবঢ়াব পাৰে ৷

গৱেষক সকলে আলজেইমাৰ ৰোগৰ বাবে দায়ী এম’লয়দ প্ৰটিনৰ স্তৰৰ কোনো ধৰণৰ তাৰতম্য বা আলজাইমাৰ ৰোগ সম্পৰ্কীয় ক্ষয়ক্ষতিৰ চিনবোৰো বিচাৰি নাপালে ৷

“এনে লাগে যেন মূৰত পোৱা আঘাতে মগজুক বয়স বৃদ্ধিৰ সাধাৰণ কাৰকবোৰৰ প্ৰতি আৰু অধিক সংবেদনশীল কৰি তুলিব পাৰে ৷ মূৰৰ আঘাত ডিমেনছিয়াৰ কাৰক হ’ব পাৰে তাৰ কোনো প্ৰমাণ আমি বিচাৰি পোৱা নাছিলোঁ, কিন্তু ই ডিমেনছিয়াৰ কিছুমান লক্ষণক খৰতকীয়া কৰি তুলিব পাৰে ৷” জেমছে পুনৰ এইদৰে কয় ৷

লগতে পঢ়ক-28 মাৰ্চৰ 'মন কি বাত' ৰ বাবে পৰামৰ্শৰ আহ্বান মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.