ETV Bharat / bharat

ধ্য়ানচাঁদক "ভাৰতৰত্ন" প্ৰদানৰ দাবী প্ৰাক্তন হকী খেলুৱৈ বি.পি গোবিন্দৰ - হকীৰ যাদুকৰ

হকীৰ যাদুকৰ ধ্য়ানচাঁদক এই সন্মান প্ৰদানৰ দাবী বিভিন্ন মহলত । মহান খেলুৱৈ গৰাকীক "ভাৰতৰত্ন" প্ৰদানৰ বাবে দাবী জনালে ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক বি.পি গোবিন্দই ।

ধ্য়ানচাণ্ডক "ভাৰতৰত্ন" প্ৰদানৰ দাবী প্ৰাক্তন হকী খেলুৱৈ বি.পি গোবিন্দৰ

author img

By

Published : Jan 10, 2021, 9:10 PM IST

নিউজ ডেস্ক , ১০ জানুৱাৰী : শচীন তেণ্ডুলকাৰক "ভাৰতৰত্ন" সন্মান প্ৰদানৰ পিছতে দেশৰ আন বহু মহান খেলুৱৈক এই সন্মান প্ৰদানৰ দাবী উঠিছে । সেই খেলুৱৈৰ তালিকাত আছে হকীৰ যাদুকৰ ধ্য়ানচাঁদৰ নাম । ধ্য়ানচাঁদক "ভাৰতৰত্ন" প্ৰদানৰ বাবে দাবী কৰিলে ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক বি পি গোবিন্দে । আনকি হকীৰ যাদুকৰ তথা মহান খেলুৱৈ ধ্য়ানচাঁদক আজিলৈ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ অসামৰিক সন্মান "ভাৰতৰত্ন" কিয় দিয়া নহ’ল বুলিও প্ৰশ্ন কৰে ।

বহু লোকে ধ্য়ানচাঁদৰ নাম "ভাৰতৰত্ন"ৰ মনোনয়নৰ বাবে বিচৰা পিছতো কিয় তেওঁৰ নাম তালিকাত নাই তাকলৈও প্ৰশ্ন ১৯৭৫ চনৰ হকী বিশ্বকাপ জয়ী হোৱা দলটোৰ অন্য়তম খেলুৱৈ গোবিন্দৰ । হকীৰ যাদুকৰৰ লগতে ফুটবলৰ পেলেৰ লগত ৰাইজে তুলনা কৰা খেলুৱৈ গৰাকীয়ে কিয় ভাৰত ৰত্ন নাপাই বুলিও প্ৰশ্ন কৰে তেওঁ । ধ্য়ানচাঁদৰ প্ৰশংসা কৰি তেওঁ কয় যে হকী খেলৰ পৰা অব্য়াহতি লোৱাৰ পিছত ধ্য়ানচাঁদে এনআইএছৰ হকী দলৰ মুখ্য় প্ৰশিক্ষক হিচাপেও বহু বছৰ সেৱা আগবঢ়াই । খেলুৱৈ গৰাকীয়ে উল্লেখ কৰা মতে এনআইএছতে হকীৰ যাদুকৰ ধ্য়ানচাঁদক তেওঁ লগ পাইছিল ।

উল্লেখ যে ১৯৫৬ চনত ভাৰত চৰকাৰে ধ্য়ানচাঁদক পদ্ম ভূষণ বটাৰে সন্মানিত কৰিছিল আৰু এতিয়া তেওঁক মৰণোত্তৰভাৱে "ভাৰতৰত্ন" সন্মান প্ৰদানৰ দাবী কৰে গোবিন্দই ।

উল্লেখ যে ক্ৰিকেটৰ ভগৱান বুলি প্ৰখ্য়াত শচীন তেণ্ডুলকাৰ একমাত্ৰ খেলুৱৈ যিয়ে "ভাৰতৰত্ন"ৰ সন্মান লাভ কৰিছে ।

লগতে পঢ়ক :প্ৰধানমন্ত্ৰীয়ে অংশ ল'ব ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱৰ সামৰণি অনুষ্ঠানত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.