ETV Bharat / bharat

Holi 2023: আপুনি জানেনে হোলী কিয় উদযাপন কৰা হয় ? জানক ইয়াৰ আঁৰৰ কাহিনী - হোলীৰ সৈতে জড়িত কিছু পৌৰাণিক কাহিনী

ফাগুন মাহৰ পূৰ্ণিমা তিথিত বসন্তৰ উৎসৱ হিচাপে পালন কৰা হয় হোলী । সত্যযুগত বিষ্ণু ভক্তিৰ প্ৰতিফলস্বৰূপ এই দিনটোক অন্যতম এক গুৰুত্বপূৰ্ণ দিন হিচাপে গণ্য কৰা হয় । সকলোৱে অতি আনন্দেৰে উদযাপন কৰা এই ৰঙৰ উৎসৱ কিয় পালন কৰা হয় আপুনি জানেনে ? এই বিশেষ প্ৰতিবেদনৰ জৰিয়তে জানক হোলীৰ সৈতে জড়িত কিছু পৌৰাণিক কাহিনী...

Why is Holi celebrated after all Know interesting mythological stories related to it
আপুনি জানেনে হোলী কিয় উদযাপন কৰা হয় ? জানক ইয়াৰ আঁৰৰ কাহিনী
author img

By

Published : Mar 7, 2023, 1:45 PM IST

নিউজ ডেস্ক, 7 মাৰ্চ: ফাকুৱা বা হোলী হিন্দু ধৰ্মৰ সাংস্কৃতিক, ধৰ্মীয় তথা পৰম্পৰাগত এক উৎসৱ । সনাতন ধৰ্মত প্ৰতি মাহৰ পূৰ্ণিমা চন্দ্ৰৰ অতি গুৰুত্ব আছে আৰু ইয়াক এক উৎসৱৰ ৰূপত পালন কৰা হয়(Holi date)। উদযাপনৰ এই ক্ৰমত ফাগুন মাহৰ পূৰ্ণিমা তিথিত বসন্তোৎসৱ হিচাপে হোলী উদযাপন কৰা হয়(Holi festival)। বিষ্ণু ভক্তিৰ প্ৰতিফল হিচাপে এই দিনটোক অন্যতম এক গুৰুত্বপূৰ্ণ দিন হিচাপে গণ্য কৰা হয়(Holi timing)।

ভক্ত প্ৰহ্লাদৰ বিষ্ণুভক্তি

হিন্দু ধৰ্ম মতে, হোলিকা দাহন মূলতঃ ভক্ত প্ৰহ্লাদৰ স্মৃতিত কৰা হয় । ভক্ত প্ৰহ্লাদৰ জন্ম অসুৰ বংশত হৈছিল যদিও তেওঁ আছিল ভগৱান নাৰায়ণৰ একান্ত ভক্ত(Holi significance)। তেওঁৰ পিতৃ হিৰণ্য কশিপুৱে তেওঁৰ ভগৱান বিষ্ণুৰ প্ৰতি থকা এই ভক্তি কেতিয়াও ভাল পোৱা নাছিল, সেয়েহে হিৰণ্য কশিপুৱে প্ৰহ্লাদক বহু ধৰণে কষ্ট দিছিল । এদিন প্ৰহ্লাদৰ পেহীয়েক হোলিকা যিয়ে এনে এক বস্ত্ৰৰ বৰদান লাভ কৰিছিল যাক পিন্ধি তেওঁ জুইত বহি থাকিলে জুইয়ে তেওঁক দাহ কৰিব নোৱাৰে । হোলিকা ভক্ত প্ৰহ্লাদক হত্যা কৰিবলৈ সেই বস্ত্ৰ পিন্ধি জুইৰ মাজত বহিছিল আৰু তেওঁক কোলাত লৈছিল । ভক্ত প্ৰহ্লাদৰ বিষ্ণুৰ প্ৰতি থকা ভক্তিৰ ফলস্বৰূপে হোলিকা জ্বলি দাহ হয় আৰু প্ৰহ্লাদৰ একো ক্ষতি নহয় । সেয়ে ক্ষমতাৰ ওপৰত ভক্তি বিজয়ৰ আনন্দত এই উৎসৱ পালন কৰা হয় । ইয়াৰ সমান্তৰালকৈ ৰঙৰ উৎসৱে এই বাৰ্তা দিয়ে যে কাম, ক্ৰোধ, অহংকাৰ, মোহ আৰু লোভৰ দৰে কু-অভ্যাসবোৰ এৰি মনটো ঈশ্বৰৰ প্ৰতি নিষ্ঠাবান হ’ব লাগে ।

ৰাধা-কৃষ্ণৰ পৱিত্ৰ প্ৰেমৰ লগত সম্পৰ্ক

ৰাধা-কৃষ্ণৰ পবিত্ৰ প্ৰেমৰ সৈতেও হোলী উৎসৱৰ সম্পৰ্ক আছে । পৌৰাণিক কালত শ্ৰীকৃষ্ণ আৰু ৰাধাৰ বৰষুণৰ হোলীৰ পৰাই হোলী উদযাপনৰ আৰম্ভণি হৈছিল । আজিও বৰছানে আৰু নন্দগাঁৱৰ লাথমাৰ হোলী বিশ্ববিখ্যাত ।

কামদেৱৰ তপস্যা

শিৱপুৰাণৰ মতে, হিমালয়ৰ কন্যা পাৰ্বতীয়ে শিৱৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ কঠোৰ তপস্যা কৰিছিল আৰু শিৱও নিজৰ তপস্যাত মগ্ন আছিল । ইন্দ্ৰৰ শিৱ-পাৰ্ৱতী বিবাহৰ আঁৰত নিজৰ স্বাৰ্থ লুকাই আছিল যে তৰকাসুৰৰ বধ শিৱ-পাৰ্বতীৰ সন্তান কাৰ্তিকৰ দ্বাৰা হ'বলগীয়া আছিলে । এই কাৰণে ইন্দ্ৰৰ দৰে দেৱতাই কামদেৱক ভগৱান শিৱৰ তপস্যা ভংগ কৰিবলৈ পঠিয়াইছিল । কামদেৱে ভগৱান শিৱৰ সমাধিক ভংগ কৰিবলৈ শিৱক ‘পুষ্প’ কাঁড়েৰে আঘাত কৰিছিল । সেই কাঁড়েৰে শিৱৰ মনত প্ৰেম আৰু কৰ্মৰ যোগাযোগৰ বাবেই তেওঁৰ সমাধি বিলীন হৈ গ’ল । ইয়াত ক্ষুব্ধ হৈ মহাদেৱে তেওঁ তৃতীয় নেত্ৰৰে কামদেৱক ভস্ম কৰে । মহাদেৱৰ তপস্যা ভংগ হোৱাৰ পিছত দেৱতাসকলে মহাদেৱক পাৰ্বতীক বিয়া কৰাবলৈ বুজালে । কামদেৱৰ পত্নী ৰতিয়ে স্বামীৰ পুনৰুজ্জীৱনৰ বৰদান গ্রহণ কৰা আৰু মহাদেৱৰ সৈতে পাৰ্বতীৰ বিয়াৰ প্ৰস্তাৱ স্বীকাৰ কৰাৰ আনন্দত দেৱতাসকলে এই দিনটো উৎসৱৰ দৰে উদযাপন কৰিছিল । এই দিনটো আছিল ফাগুন পূৰ্ণিমাৰ দিন । এই প্ৰসংগটোৰ ওপৰত ভিত্তি কৰি প্ৰকৃত প্ৰেমৰ বিজয় স্বৰূপ উদযাপন কৰা হয় ।

লগতে পঢ়ক: Holi 2023: হোলী খেলোতে মনত ৰাখিব এইসমূহ কথা, তেতিয়াহে ল'ব পাৰিব উৎসৱৰ মজা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.