ETV Bharat / bharat

National Doctor's Day: কিয় আজিৰ দিনটোতে সমগ্ৰ দেশতে পালিত হয় ৰাষ্ট্ৰীয় চিকিৎসক দিৱস, কাৰণ জানি লওক - বিহাৰৰ পাটনাত ড° বিধান চন্দ্ৰ ৰায়

এই বিশেষ দিনটো সেই সকলো চিকিৎসকৰ বাবে উচৰ্গা কৰা হৈছে যিসকলে জীৱন-মৃত্যুৰ মাজত সংগ্ৰাম কৰি থকা লোকসকলক চিকিৎসা কৰাই নহয়, এক নতুন জীৱনও প্ৰদান কৰে । লগতে পঢ়ক...

Why India celebrates National Doctor's Day on July 1
কিয় আজিৰ দিনটোতে সমগ্ৰ দেশতে পালিত হয় ৰাষ্ট্ৰীয় চিকিৎসক দিৱস, কাৰণ জানি লওক
author img

By

Published : Jul 1, 2023, 5:25 AM IST

চিকিৎসকৰ পৃথিৱীত ঈশ্বৰৰ মৰ্যাদা দিয়া হয় । তেওঁক জীৱন দাতা বুলিও কোৱা হয় । প্ৰতিটো পৰিস্থিতিত নিজৰ কৰ্তব্য পালন কৰি ৰোগীক উন্নত চিকিৎসা প্ৰদান কৰে চিকিৎসকে । ২৪ ঘণ্টীয়া নিস্বাৰ্থ সেৱা আগবঢ়ায় চিকিৎসকে । সেয়ে আজিৰ দিনটো প্ৰত্যেকগৰাকী চিকিৎসকক ধন্যবাদ জনোৱা হয় ৷

মানুহ যেতিয়া নিজৰ শৰীৰৰ সৈতে সম্পূৰ্ণ অসহায় হৈ পৰে তেতিয়া সুস্থ হোৱাৰ আশাত চিকিৎসকৰ ওচৰলৈ যায় । কোৱা হয় যে ঔষধে ৰোগ নিৰাময় কৰে যদিও চিকিৎসকে ৰোগীক আৰোগ্য কৰে । তেওঁলোকৰ সততা আৰু দৃঢ়তাৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ১ জুলাইত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয় ।

ইয়াৰ উপৰিও ভাৰতৰ মহান চিকিৎসক তথা পশ্চিম বংগৰ দ্বিতীয় মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰয় ৷ মানৱসমাজৰ মাজত তেওঁ যিদৰে সেৱা আগবঢ়াইছিল তাৰ বাবে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয় ৷

যেতিয়া বিশ্ব কৰ’না মহামাৰীয়ে আৱৰি ধৰিছিল, তেতিয়া চিকিৎসকে যোদ্ধাৰ দৰে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ৰোগীৰ প্ৰাণ ৰক্ষা কৰিবৰ বাবে দিন ৰাতি একাকাৰ কৰি সেৱা আগবঢ়াইছিল । সেয়ে প্ৰতি মুহূৰ্ততে তেওঁলোকক সন্মান জনোৱা উচিত ।

ৰাষ্ট্ৰীয় চিকিৎসক দিৱস কেতিয়াৰ পৰা আৰম্ভ হৈছিল: ১ জুলাইত ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্ম বাৰ্ষিকী । চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে । দূৰদৰ্শী নেতৃত্বৰ বাবে তেওঁক বংগৰ ধনন্তৰী বুলিও কোৱা হয় । ১৯৬১ চনত তেওঁক সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হয় । তেওঁৰ স্মৃতিত তেতিয়াৰ কেন্দ্ৰীয় চৰকাৰে ১৯৯১ চনত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপনৰ কথা ঘোষণা কৰিছিল । তেতিয়াৰ পৰা প্ৰতি বছৰে ১ জুলাইত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয় ।

১৮৮২ চনৰ ১ জুলাইত বিহাৰৰ পাটনাত ড° বিধান চন্দ্ৰ ৰায়ৰ জন্ম হৈছিল । প্ৰথমে কলকাতাত চিকিৎসা বিজ্ঞানৰ শিক্ষা সমাপ্ত কৰে । ইয়াৰ পিছত লণ্ডনৰ পৰা এম আৰ চি পি আৰু এফ আৰ চি এছ লাভ কৰে । ৰয় ইমানেই সক্ষম আছিল যে দুবছৰৰ ভিতৰতে তেওঁ একে সময়তে চিকিৎসক আৰু অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ ডিগ্ৰী লাভ কৰিছিল ।

লণ্ডনত পঢ়া-শুনা সমাপ্ত কৰি ৰয়ে ভাৰতলৈ আহি ১৯১১ চনত চিকিৎসা বিজ্ঞানৰ কেৰিয়াৰ আৰম্ভ কৰে । তেওঁ ভাৰতত চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত বহু নাম আৰু সন্মান অৰ্জন কৰিছিল । ইয়াৰ উপৰিও ৰাজনীতিতো ৰয় সক্ৰিয় হৈ থাকিল । কংগ্ৰেছ দলত যোগদান । পিছলৈ তেওঁ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ পদতো অধিষ্ঠিত হয় । ১ জুলাই, জন্মদিনত ৮০ বছৰ বয়সত তেওঁৰ মৃত্যু হয় । তেতিয়াৰ পৰাই তেওঁৰ স্মৃতিত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয় ।

ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ তাৎপৰ্য: ভাৰতত প্ৰতিবছৰে ১ জুলাই তাৰিখে চিকিৎসকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস পালন কৰা হয় । চিকিৎসকে লাখ লাখ লোকৰ জীৱন ৰক্ষা কৰি ২৪ ঘণ্টাই সেৱা আগবঢ়াইছে । যদিও বিশ্বজুৰি বিভিন্ন তাৰিখত চিকিৎসক দিৱস পালন কৰা হয় । আজি ভাৰতত ইয়াক উদযাপন কৰা হয় যদিও আমেৰিকাত ৩০ মাৰ্চ, ইৰাণত ২৩ আগষ্ট আৰু কিউবাত ৩ ডিচেম্বৰত উদযাপন কৰা হয় । চিকিৎসকৰ বৃত্তিটোৱেই শ্ৰেষ্ঠ বৃত্তি বুলি কোৱা হয় । মহামাৰীৰ সময়ত যোদ্ধা হিচাপে চিকিৎসকৰ কঠোৰ পৰিশ্ৰম আৰু সেৱাক সন্মান জনোৱাৰ বাবে এদিন কেতিয়াও যথেষ্ট নহ’ব । কিন্তু এদিনৰ পাছত আমি তেওঁলোকৰ সেৱা আৰু কামৰ শলাগ লওঁ, তেওঁলোকৰ প্ৰচেষ্টা আৰু ত্যাগক সন্মান কৰো ।

ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ বিষয়বস্তু: প্ৰতি বছৰে দিনটো এটা বিষয়বস্তুৰ ওপৰত উদযাপন কৰা হয় । কিন্তু এইবাৰৰ বিষয়বস্তু এতিয়াও ঘোষণা কৰা হোৱা নাই । উল্লেখ্য যে বিগচ বৰ্ষৰ বিষয়বস্তু আছিল 'Family Doctors on the Front Line' ।

লগতে পঢ়ক: Social Media Day 2023: বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ ছ’চিয়েল মিডিয়াৰ উৎপত্তি সম্পৰ্কে জানো আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.