ETV Bharat / bharat

দেশত আৰম্ভ কভিড ১৯ ভাইৰাছৰ টীকাকৰণ অভিযান

কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰালয়ে প্ৰতিখন ৰাজ্য়ৰে ৰাজধানীত তিনিটা পৰ্যায়ত টীকাকৰণৰ অভিযান আৰম্ভ কৰাৰ আহ্বান জনাইছে । আহিবলগীয়া সমস্য়া সমূহ সমাধান কৰা,ইয়াৰ ফলাফল আৰু ভৱিষ্য়ত পৰিকল্পনা তৈয়াৰ কৰাই হৈছে টীকাকৰণৰ অনুশীলন অভিযানৰ মুল উদ্দেশ্য় ।

দেশত আৰম্ভ কভিড ১৯ ভাইৰাছৰ টীকাকৰণ অভিযান
দেশত আৰম্ভ কভিড ১৯ ভাইৰাছৰ টীকাকৰণ অভিযান
author img

By

Published : Jan 2, 2021, 2:08 PM IST

নেশ্য়নেল ডেস্ক,২ জানুৱাৰী : ভাৰতত কভিড ১৯ ভাইৰাছৰ টীকাকৰণ ব্য়ৱস্থাৰ আৰম্ভ । প্ৰথম আখৰা হিচাবে ২৮ আৰু ২৯ ডিচেম্বৰত অন্ধ্ৰপ্ৰদেশ ,অসম,গুজৰাট আৰু পঞ্জাৱৰ উভয়ৰে ২ খনকৈ জিলাত টীকাকৰণ অনুশীলনৰ ব্য়ৱস্থা কৰা হৈছিল । তাৰ পিছতে শনিবাৰৰ পৰা দেশৰ আন ৰাজ্য় আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহতো টীকাকৰণৰ ড্ৰাই ৰান অভিযান আৰম্ভ হয় । কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰালয়ে প্ৰতিখন ৰাজ্য়ৰে ৰাজধানীৰ অতিকমেও তিনিটা পৰ্যায়ত টীকাকৰণৰ অভিযান আৰম্ভ কৰাৰ আহ্বান জনাইছে । মন্ত্ৰালয়ে জনোৱা মতে কোনো কোনো ৰাজ্য়ৰ অতি দুৰ্গম অঞ্চলতো এই অভিযান চলোৱা হ'ব ।

ইয়াৰ ব্য়ৱহাৰৰ ক্ষেত্ৰত আহিবলগীয়া সমস্য়া সমূহ সমাধান কৰা,ইয়াৰ ফলাফল আৰু ভৱিষ্য়ত পৰিকল্পনা তৈয়াৰ কৰাই হৈছে টীকাকৰণৰ অনুশীলন অভিযানৰ মুল উদ্দেশ্য় । ইফালে এই অভিযান সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰালয়ৰ সচিব ৰাজেশ ভুষনে প্ৰতিখন ৰাজ্য়ৰ মুখ্য় সচিব আৰু স্বাস্থ্য় বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে এক উচ্চস্থৰীয় বৈঠকতো মিলিত হৈছে ।

উল্লেখ যে প্ৰতিখন ৰাজ্য়ৰে প্ৰথম ৩টা পৰ্যায়ত টীকাকৰণৰ অভিযানত ২৫ গৰাকী লাভাৱান্বিত স্বাস্থ্য় কৰ্মী বাছি উলিওৱা হ'ব । আৰু প্ৰতিখন ৰাজ্য়কে এই স্বাস্থ্য় কৰ্মীসকলৰ তথ্য় কো-উইন নামৰ এপটোত আপলোড কৰাৰ বাবেও নিৰ্দেশনা দিয়ে স্বাস্থ্য় মন্ত্ৰালয়ে । লগতে যিবোৰ স্থানত এই অভিযান চলোৱা হ'ব তাত চিচিটিভি সংযোগৰ বাবেও বিশেষ নিৰ্দেশনা মন্ত্ৰালয়ৰ । ৰাইজৰ সজাগতাৰ বাবেও ৰাজ্য় চৰকাৰসমূহক বিশেষ ব্য়ৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে মন্ত্ৰালয়ে ।

টীকাকৰণ সম্পৰ্কীয় যিকোনো তথ্য়ৰ বাবে ১০৪ হেল্পলাইন নম্বৰো ব্য়ৱহাৰ কৰিব পাৰিব জানিবলৈ স্বাস্থ্য় মন্ত্ৰালয়ে । ইতিমধ্য়ে এই টীকাকৰণ অভিযানৰ বাবে দেশৰ প্ৰায় ৯৬,০০০ লোকক প্ৰশিক্ষণ দিয়া হৈছে ।

লগতে পঢ়ক :সমগ্ৰ দেশত বিনামূলীয়াকৈ উপলব্ধ হ'ব ক'ৰণা প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.