নেশ্যনেল ডেস্ক, ৩ মে': পুডুচেৰীত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ নিৰ্বাচনৰ কেইদিনমান পূৰ্বে ভংগ কৰাৰ পিছত বিধানসভা নিৰ্বাচনত আশাব্যঞ্জক ফলাফল লাভ কৰিছে বিজেপিয়ে । ৯ খন আসনৰ ভিতৰত ৬ খনতে জয় লাভ কৰিছে গেৰুৱা দলটোৱে । আনহাতে, বিজেপিয়ে মিত্ৰ দল এ আই এ ডি এম কেৰ ক্ষমতা এক সৰু অংশীদাৰ দললৈ হ্ৰাস কৰিছে ।
এ আই এ ডি এম কে এসময়ত কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ এক প্ৰভাৱশালী দল আছিল । এই দলটোৱেই পুডুচেৰীত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰিছিল । দেওবাৰে, দলটোৱে বিপৰ্যয়ৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছিল ।
এন আৰ কংগ্ৰেছ আৰু এ আই এ ডি এম কেৰ মিত্ৰতাৰ সুযোগ লৈ বিজেপিয়ে এতিয়া মুখ্যমন্ত্ৰীৰ পদবীৰ ওপৰত নিৱদ্ধ কৰিছে । জানিব পৰা গৈছে যে, এন আৰ কংগ্ৰেছ নেতা ৰংস্বামীয়ে ৰাজ্যখনৰ শীৰ্ষ পদবীত অধিষ্ঠিত হোৱাৰ দাবী জনাই আহিছে । এই সন্দৰ্ভত দলীয় বৈঠকত চূড়ান্ত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে । আনহাতে, পুডুচেৰীত শুক্ৰবাৰে শপত গ্ৰহণ অনুষ্ঠান আয়োজিত হোৱাৰ সম্ভাৱনা আছে ।