নিউজ ডেস্ক, 29 অক্টোবৰ : দেওবাৰে একাধিক বিস্ফোৰণে কেৰালাৰ এৰ্নাকুলাম জিলাৰ কালামছেৰী অঞ্চলৰ এটা কনভেনশ্যন চেণ্টাৰ জোঁকাৰি যায় ৷ খ্ৰীষ্টান ধৰ্মীয় গোট জেহ’ভাহৰ সাক্ষীসকলে প্ৰাৰ্থনা অনুষ্ঠানৰ বাবে কেন্দ্ৰটোত একত্ৰিত হৈছিল ৷
বিস্ফোৰণত এজনৰ মৃত্যু হোৱাৰ লগতে 50 জনৰো অধিক লোক আহত হয় য’ত 6 জন গুৰুতৰভাৱে আহত হয় ৷ বিস্ফোৰণৰ কিছু সময়ৰ পিছতে জেহ’ভাহৰ সাক্ষীৰ সদস্য বুলি কোৱা এজন লোকে ফেচবুকত পোষ্ট কৰা এটা ভিডিঅ’ত বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰে ৷ ডমিনিক মাৰ্টিন বুলি নিজকে পৰিচয় দিয়া লোকজনে ইয়াৰ পিছতে আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰে ৷
ডমিনিকে তেওঁৰ ভিডিঅ'টোত জেহ’ভাহৰ সাক্ষীসকলক "শিশুৰ মাজত ঘৃণা বিয়পোৱা বিশ্বাসঘাতক" বুলি অভিহিত কৰিছে ৷ তেওঁ লগতে দাবী কৰে যে এই গোটটো গণতন্ত্ৰ আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ বিৰোধী ৷
জেহ’ভাহৰ সাক্ষী কোন-
জেহ’ভাহৰ সাক্ষীসকল হৈছে মূলসুঁতিৰ খ্ৰীষ্টান ধৰ্মৰ পৰা পৃথক বিশ্বাস অনুসৰণ কৰা আন্তৰ্জাতিক খ্ৰীষ্টান গোট ৷ গোটটোৰ অফিচিয়েল ৱেবছাইট jw.org ৰ মতে, পৃথিৱীত ৮৬ লাখৰো অধিক জেহ’ভাহৰ সাক্ষী আছে ৷
1876 চনত আমেৰিকাৰ এজন বাইবেল পণ্ডিত চাৰ্লছ টেইছ ৰাছেলে প্ৰতিষ্ঠা কৰা নিৰপেক্ষ বাইবেল অধ্যয়ন সংস্থা "বাইবেল ছাত্ৰ" পিছলৈ জেহ’ভাহৰ সাক্ষীলৈ বিকশিত হয় ৷ গোটটোৱে "এজন সত্য আৰু সৰ্বশক্তিমান ঈশ্বৰ, সৃষ্টিকৰ্তা, যাৰ নাম জেহ’ভাহৰ উপাসনা কৰে ৷ আন খ্ৰীষ্টান গীৰ্জাবোৰে ত্ৰিত্বক বিশ্বাস কৰাৰ বিপৰীতে জেহ’ভাহৰ সাক্ষীসকলে বিশ্বাস কৰে যে যীশু ঈশ্বৰ নহয়, কিন্তু ঈশ্বৰৰ প্ৰতিনিধি ৷
তেওঁলোকে যীশুক ‘ঈশ্বৰৰ পুত্ৰ’ হিচাপে গ্ৰহণ কৰে ৷ "আমি যীশু খ্ৰীষ্টৰ শিক্ষা আৰু আদৰ্শ অনুসৰণ কৰি তেওঁক আমাৰ ত্ৰাণকৰ্তা আৰু ঈশ্বৰৰ পুত্ৰ হিচাপে সন্মান কৰো ৷ এইদৰে আমি খ্ৰীষ্টান...অৱশ্যে আমি বাইবেলৰ পৰা শিকিছো যে যীশু সৰ্বশক্তিমান ঈশ্বৰ নহয় ৷" ৱেবছাইটটোত এইদৰে কোৱা হৈছে ৷
তেওঁলোকে বিশ্বাস কৰে যে স্বৰ্গৰ পৰা শাসন কৰা ঈশ্বৰৰ ৰাজ্যই অচিৰেই পৃথিৱীত ঈশ্বৰৰ উদ্দেশ্য পূৰণ কৰিব ৷ সাক্ষীসকলে বিশ্বাস কৰে যে জেহ’ভাহে সকলো পাপীক ধ্বংস কৰাৰ পাছত ধাৰ্মিক লোকসকলক মৃত্যু, ৰোগ আৰু বাৰ্ধক্যৰ পৰা মুক্ত জীৱন প্ৰদান কৰিব ৷ এই গোটটোৱেও বিশ্বাস কৰে যে জেহ’ভাহে মৃত্যু হোৱা ভাল লোকসকলক পুনৰুত্থান কৰিব ৷ তেওঁলোকৰ উপাসনাত ক্ৰুচ, মূৰ্তি বা আন প্ৰতীক ব্যৱহাৰ কৰা নহয় ৷
কেৰালাৰ জেহ’ভাহৰ সাক্ষীসকল-
এই ধৰ্মীয় গোষ্ঠীৰ অন্তৰ্গতসকল 1905 চনত প্ৰচাৰৰ বাবে কেৰালালৈ আহিছিল ৷ ৰাছালপুৰম হৈছে 1911 চনত তিৰুৱনন্তপুৰম জিলাত প্ৰাচীন প্ৰচাৰক টি চি ৰাছেলে প্ৰচাৰ কৰা ঠাই ৷ তেওঁলোকৰ প্ৰাৰম্ভিক কাম-কাজ আছিল মল্লাপল্লী, মীনাদম, পাম্পাডি, বাকথানম, কংগাজা, আয়াৰকুন্নম আৰু পুথুপল্লীত ৷
বৰ্তমান সমগ্ৰ ৰাজ্যখনতে জেহ’ভাহৰ সাক্ষীসকলৰ উপস্থিতি আছে ৷ কেৰালাৰ বহু ঠাইত বছৰত তিনিবাৰকৈ অধিৱেশন অনুষ্ঠিত হয় আৰু 200ৰো অধিক স্থানত এই গোটে কাম কৰে ৷ তেওঁলোকে দাবী কৰে যে বাৰ্ষিক স্মৃতিচাৰণত 20 লাখতকৈ অধিক লোক উপস্থিত থাকে ৷ তেওঁলোকে বৰদিন, ইষ্টাৰ বা জন্মদিন পালন নকৰে ৷
1986 চনত ৰাষ্ট্ৰীয় সংগীতৰ বিতৰ্ক-
1986 চনত কেৰালাৰ জেহ’ভাহৰ সাক্ষীসকলে বহু চৰ্চিত ৰাষ্ট্ৰীয় সংগীতৰ বিতৰ্কত আইনী বিজয়ৰ দ্বাৰা ৰাষ্ট্ৰীয় পৰ্যায়ত মনোযোগ লাভ কৰিছিল ৷ পালাৰ ওচৰৰ কাটাপ্লামাটামৰ কলেজৰ অধ্যাপক ভি জে ইমানুৱেল আৰু লিলিকুট্টীৰ তিনিটা সন্তানে বিদ্যালয় সভাত ৰাষ্ট্ৰীয় সংগীত গোৱাৰ অনিচ্ছা প্ৰকাশ কৰাৰ বাবে বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈকে দীঘলীয়া আইনী যুঁজ চলায় ৷
ইমানুৱেলৰ তিনিটা সন্তান বিজো, বিনু মল আৰু বিন্দু যিয়ে কিডাংগুৰৰ এন এছ এছ হাইস্কুলৰ ছাত্ৰ আছিল, তেওঁলোক জেহ’ভাহৰ বিশ্বাসী আছিল ৷ আন ল’ৰা-ছোৱালীৰ দৰে তেওঁলোকেও স্কুলৰ সভাত নিয়মিতভাৱে উপস্থিত আছিল ৷ কিন্তু এই শিশুসকলে সভাৰ সময়ত ৰাষ্ট্ৰীয় সংগীত গাবলৈ সাজু নাছিল ৷ ৰাষ্ট্ৰীয় সংগীত বজোৱাৰ সময়ত তেওঁলোকে সন্মানৰ চিন স্বৰূপে থিয় হ’বলৈ ইচ্ছুক আছিল ৷ তেওঁলোকে কয় যে তেওঁলোকৰ ধৰ্মীয় বিশ্বাসে তেওঁলোকক ৰাষ্ট্ৰীয় সংগীত গাবলৈ অনুমতি নিদিয়ে ৷
সেই সময়ত বিদ্যালয়খন পৰিদৰ্শন কৰা বিধায়ক ভিচি কবীৰে এই বিষয়ে জানিব পাৰি কেৰালা বিধানসভাত উত্থাপন কৰে ৷ কে কৰুণাকৰন চৰকাৰৰ শিক্ষামন্ত্ৰী হিচাপে কৰ্মৰত টি এম জেকবে ঘটনাৰ তদন্তৰ বাবে একক সদস্যৰ আয়োগ নিযুক্তি দিয়ে ৷ কমিটীয়ে শিশুকেইটা আইন-কানুনশীল আৰু ৰাষ্ট্ৰীয় সংগীতক অপমান নকৰা বুলি ধৰা পেলায় ৷ তেওঁলোকক সামৰি সেই সময়ত কিডাংগুৰ এন এছ এছ স্কুলত জেহ’ভাহৰ বিশ্বাসী 11টা ল’ৰা-ছোৱালীয়ে অধ্যয়ন কৰি আছিল ৷
ইমানুৱেলে শিশুকেইটাৰ হৈ কেৰালা উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰি শিশুকেইটাক শিক্ষাৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰে ৷ একক বিচাৰপীঠ আৰু তাৰ পিছত উচ্চ ন্যায়ালয়ৰ বিভাগীয় বিচাৰপীঠে শিশুসকলক বিদ্যালয়ত চলি থাকিবলৈ দিয়া আবেদন নাকচ কৰে ৷ শিশুসকলে উচ্চতম ন্যায়ালয়ত আবেদন জনায় আৰু 1986 চনৰ 11 আগষ্টত বিজু ইমানুৱেল বনাম কেৰালা ৰাজ্যৰ গোচৰত উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে ৷
ৰায়দান আছিল শিশুসকলক পঢ়া-শুনা কৰি যাবলৈ দিয়া ৷ ইমানুৱেলৰ তিনিটা সন্তান আৰু জেহ’ভাহৰ বিশ্বাসী আন নটা ল’ৰা-ছোৱালীয়ে পুনৰ কিডাংগুৰ স্কুলত যোগদান কৰিলে ৷ মাত্ৰ এদিন স্কুলত পঢ়াৰ পিছত ইমানুৱেলৰ ল’ৰা-ছোৱালীয়ে আনুষ্ঠানিক শিক্ষাৰ পৰা বিদায় লয় ৷
লগতে পঢ়ক : Kerala blast updates: ফেচবুক ভিডিঅ'ত কেৰালা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰি এজনৰ আত্মসমৰ্পণ