ETV Bharat / bharat

Weight loss Tips: ব্যায়ামৰ আগত আৰু পিছত কি খাব লাগে ? সবিশেষ জানি লওক

author img

By

Published : May 29, 2023, 4:05 PM IST

আপুনিও জিমৰ ৰুটিন মানি চলে নেকি, তেন্তে কি খাব আৰু কি নাখাব সেয়া জনাটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ । ইয়াত কি, কেতিয়া আৰু কিমান নিয়মৰ ওপৰত গুৰুত্ব দিব লাগে । প্ৰি আৰু প্ৰ’ ৱৰ্কআউট ডায়েটৰ বাবে আমি কি কি কথা মনত ৰাখি চলাটো উচিত জানি লওক ।

What to eat before and after exercise? here are the details
ব্যায়ামৰ আগত আৰু পিছত কি খাব লাগে ? সবিশেষ জানি লওক

ওজন কমাবলৈ খাদ্য আৰু জিমত ঘাম পেলোৱাটো সাধাৰণ কথা । বহুতো টিপচ্ আৰু ট্ৰিকৰ বাবে বেছিভাগ মানুহৰে মাজত খেলি-মেলিৰ সৃষ্টি হয় যে ৱৰ্কআউটৰ পূৰ্বে আৰু পিছত কি খাব লাগে আৰু কি খাব নালাগে (Weight loss Tips)। ব্যায়ামৰ লগতে খাদ্যৰ যত্ন ল’লে পেশী আৰু হাড় শক্তিশালী কৰিব পাৰি । আপুনিও জিমৰ ৰুটিন মানি চলে নেকি, তেন্তে কি খাব আৰু কি নাখাব সেয়া জনাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ ।

ইয়াত কি, কেতিয়া আৰু কিমান নিয়মৰ ওপৰত গুৰুত্ব দিব লাগে (eat before or after workout to lose weight)। প্ৰি আৰু প্ৰ’ ৱৰ্কআউট ডায়েটৰ বাবে আমি কি কি কথা মনত ৰাখিব লাগে জানো আহক-

ৱৰ্কআউটৰ আগতে কি খাব লাগে

পুৱা ৱৰ্কআউটৰ বাবে টিপছ: যিসকল লোকে পুৱা এঘণ্টাৰো কম সময়ৰ ব্যায়ামৰ নিয়ম পালন কৰে তেওঁলোকে ৱৰ্কআউটৰ আগতে এগিলাচ পানী খাব লাগে । ইয়াৰ ফলত চৰ্বি বাৰ্ণ হোৱাত সহায় কৰে (what to eat before gym in morning)। বহু গৱেষণাৰ পৰা জানিব পৰা গৈছে যে যিসকল লোকে ব্ৰেকফাষ্টৰ আগতে ৱৰ্কআউট কৰে তেওঁলোকৰ ওজন বেছি সোনকালে কমাবলৈ সক্ষম হয় (what to eat after a workout)।

মধ্যমীয়া ৱৰ্কআউট: যদি আপোনাৰ ৱৰ্কআউটৰ ৰুটিন মধ্যমীয়া হয় তেন্তে আপুনি সৰু সৰু জলপান খাব লাগে । বহু সময়ত শৰীৰত শক্তিৰ অভাৱৰ বাবে আমি সঠিকভাৱে ৱৰ্কআউট কৰিব নোৱাৰো । সেইবাবেই সৰু সৰু জলপান গ্ৰহণ কৰিব লাগিব ।

১০ৰ পৰা ১৫ মিনিটৰ ৱৰ্কআউটৰ বাবে পৰামৰ্শ: যদি আপুনি মাত্ৰ ১০ৰ পৰা ১৫ মিনিটৰ ৱৰ্কআউট কৰে, তেন্তে ইয়াৰ বাবে আপুনি ইমান সৰু খাদ্য গ্ৰহণ কৰিব লাগে য’ত হজমযোগ্য কাৰ্বহাইড্ৰেট থাকে । ইয়াৰ বাবে উপযুক্ত পৰিমাণৰ ফলৰ ৰস, এটা কল বা আনকি শুকান চেৰেলেকও খাব পাৰে । ৱৰ্কআউটৰ আগতে ২০০ কেলৰিযুক্ত খাদ্যই আপোনাক শক্তিশালী কৰি ৰাখিব (what to eat after a workout)।

সন্ধিয়া ব্যায়াম: যদি আপুনি সন্ধিয়া দেৰিকৈ ব্যায়াম কৰে, তেন্তে আপুনি ১০০ৰ পৰা ২০০ কেলৰি খোৱা উচিত । বিশেষজ্ঞসকলে কয় যে এই ধৰণৰ খাদ্য কেইঘণ্টামান আগতে গ্ৰহণ কৰিব লাগে । ৱৰ্কআউটৰ আগতে হাইড্ৰেচনৰ যত্নও ল’ব লাগে । ব্ৰাউন ৰাইচ, ফল বা টোষ্ট খাব পাৰে ।

ৱৰ্কআউটৰ পিছত কি খাব লাগে

যদি আপুনি ৬০ৰ পৰা ৯০ মিনিটৰ ৱৰ্কআউট কৰে, তেন্তে তাৰ পিছত প্ৰতি ঘণ্টাত ৩০ৰ পৰা ৬০ গ্ৰাম কাৰ্বহাইড্ৰেট খাব লাগে । ৱৰ্কআউটৰ পিছত কাৰ্ব, প্ৰটিন আৰু ফেট গ্ৰহণ কৰক। ব্যায়াম কৰাৰ লগে লগে প্ৰ’টিন শ্বেক, কণী আৰু প্ৰটিন বাৰ খাব লাগে । ৱৰ্কআউট কৰাৰ পিছত ৩০ মিনিটৰ ভিতৰত কাৰ্ব লওক । তাৰ পিছত চৰ্বি লওক আৰু লগতে হাইড্ৰেচনৰ যত্ন লওক ।

লগতে পঢ়ক: Camphor Health Benefits: পূজাৰ কৰ্পূৰ বহুত উপযোগী বস্তু; ই শৰীৰৰ এই সমস্যাবোৰ নিমিষতে সমাধান কৰিব পাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.