বলীউডৰ তাৰকা ব্ৰুচ উইলিছ ডিমেনচিয়া ৰোগত আক্ৰান্ত হৈ আছে । বৃহস্পতিবাৰে তেওঁৰ পৰিয়ালে এক বিবৃতি প্ৰকাশ কৰি তথ্য প্ৰদান কৰে । ৬৭ বছৰীয়া অভিনেতাগৰাকীয়ে এক বিখ্যাত কেৰিয়াৰ গঢ়ি তুলিছে যদিও ২০২২ চনত জানিব ধৰা পৰে যে তেওঁ এফাছিয়া ৰোগত(aphasia) আক্ৰান্ত, য’ত কথা কোৱাত অসুবিধা হয় (Bruce Willis Dementia)।
এক বিবৃতি জৰিয়তে এইকথা প্ৰকাশ কৰিছে যে, তেওঁৰ পত্নী এমা, প্ৰাক্তন পত্নী তথা অভিনেত্ৰী ডেমি মূৰ আৰু ৫ গৰাকী কন্যাই । য’ত কোৱা হৈছিল যে ব্ৰুচ উইলিছ ফ্ৰন্ট’টেম্পৰেল ডিমেনচিয়া নামৰ এক প্ৰকাৰৰ ডিমেনচিয়াত আক্ৰান্ত (Bruce Willis latest news)। "এই তথ্য যন্ত্ৰণাদায়ক, কিন্তু অৱশেষত এই ৰোগৰ বিষয়ে জনাটো এটা সকাহ (Die Hard Star Bruce Willis)। আজি এই অৱস্থাৰ কোনো নিৰাময় নাই, কিন্তু আমি আশা কৰিছো যে অদূৰ ভৱিষ্যতে এটা পোৱা যাব (Bruce Willis Dementia)।"
- " class="align-text-top noRightClick twitterSection" data="
">
Frontotemporal Dementia: ফ্ৰন্টোটেম্পৰেল ডিমেনচিয়া কি?
ফ্ৰন্টোটেম্পৰেল ডিমেনচিয়া (FTD) হৈছে মগজুৰ লগত জড়িত বিকাৰৰ এটা গোট যিয়ে মগজুৰ ফ্ৰন্টাল আৰু টেম্প’ৰেল লোবক প্ৰভাৱিত কৰে । এই অৱস্থাত মগজুৰ এই অংশৰ কিছু অংশ সংকুচিত হ’বলৈ আৰম্ভ কৰে । বহু লোকৰ ব্যক্তিত্ব আৰু স্বভাৱৰ পৰিৱৰ্তন আহিবলৈ আৰম্ভ কৰে । আনকি তেওঁলোকৰ আচৰণো সামাজিকভাৱে নষ্ট হৈ পৰে । বহুতে ভাষাৰ সঠিক ব্যৱহাৰৰ ক্ষমতা হেৰুৱাই পেলায় (Bruce Willis latest news)।
FTD: ফ্ৰন্টোটেম্পৰেল ডিমেনচিয়াৰ লক্ষণসমূহ কি কি ?
FTDৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও এই অৱস্থাৰ লক্ষণসমূহ হ’ল- ঘাম ওলোৱা, স্বভাৱৰ পৰিৱৰ্তনৰ লগে লগে মানুহে চুৰি কৰিবলৈ আৰম্ভ কৰে, যৌন সম্পৰ্ক স্থাপনৰ প্ৰতি আগ্ৰহ বাঢ়ে, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সতৰ্কতা কমি যায়, সিদ্ধান্ত লোৱাৰ ক্ষমতা কমি যায়, স্বাভাৱিক দৈনন্দিন কাম-কাজৰ প্ৰতি আগ্ৰহ নোহোৱা, শক্তি আৰু প্ৰেৰণা হেৰুওৱা, কথা কোৱাত অসুবিধা, ব্যাকুলতা, পৰিকল্পনা কৰাত অসুবিধা, সঘনাই মেজাজৰ পৰিৱৰ্তন আৰু খিংখিঙীয়া ভাৱ (What is going on with Bruce Willis career?)।
FTD : ফ্ৰন্টোটেম্পৰেল ডিমেনচিয়াৰ নিৰাময় আছেনে ?
এই সময়ত এফ টি ডি নিৰাময় বা ইয়াৰ অগ্ৰগতি লেহেমীয়া কৰিব পৰাকৈ কোনো চিকিৎসা উপলব্ধ নহয় । অৱশ্যে বহু চিকিৎসকে লক্ষণসমূহৰ চিকিৎসাৰ বাবে ঔষধ প্ৰেছক্ৰিপচন কৰিব পাৰে(What dementia has Bruce Willis got)। এন্টি-ডিপ্ৰেছন ঔষধে উদ্বেগৰ সৈতে জড়িত লক্ষণসমূহৰ ক্ষেত্ৰত সহায় কৰিব পাৰে আৰু আৱেগিক-বাধ্যতামূলক আচৰণ নিয়ন্ত্ৰণত ৰাখিব পাৰে । থেৰাপীৰ সহায়ত মুখৰ বাক্যৰ উন্নতি সাধন কৰিব পৰা যায় ।
লগতে পঢ়ক: Bruce Willis latest news: চিকিৎসা কৰিব নোৱাৰা ডিমেনচিয়া ধৰা পৰিছে অভিনেতা ব্ৰুছ উইলিছৰ