ETV Bharat / bharat

Mortar blast: জলপাইগুৰিত মৰ্টাৰ বিস্ফোৰণ হৈ দুজন নিহত, 6 জন আহত - তিস্তা নদী

পশ্চিমবংগৰ জলপাইগুৰিত অঘটন ৷ তীস্তা নদীত উটি অহা মৰ্টাৰ বিস্ফোৰণ হৈ দুজন নিহত, চাৰিজন আহত হয় ৷

জলপাইগুৰিত মৰ্টাৰ বিস্ফোৰণ হৈ দুজন নিহত
জলপাইগুৰিত মৰ্টাৰ বিস্ফোৰণ হৈ দুজন নিহত
author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 12:39 PM IST

নেশ্যনেল ডেস্ক, 6 অক্টোবৰ : ছিকিমৰ প্ৰাকৃতিক দুৰ্যোগৰ সময়তে পশ্চিমবংগৰ বুকুৱেদি বৈ যোৱা তীস্তা নদীৰ জলস্তৰ ফেনে ফুটুকাৰে বাঢ়িছে ৷ এই বিপৰ্যয় মাৰ নৌযাওঁতেই শুকুৰবাৰে তিস্তা নদীত উটি অহা মৰ্টাৰ বিস্ফোৰণ হৈ দুজন লোক নিহত হোৱাৰ লগতে 6 জন লোক আহত হয় ৷

ঘটনাৰ বিৱৰণী অনুসৰি, ক্ৰান্তি খণ্ডৰ চাপাডাংগা অঞ্চলত এই বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল ৷ ছিকিমৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত তিস্তা নদীত সেনাৰ বহু যুদ্ধ সামগ্ৰী ওপঙি আহিছে ৷ এতিয়ালৈ তিস্তা নদীৰ পৰা সেনাই ব্যৱহাৰ কৰা মৰ্টাৰ আৰু অন্যান্য অস্ত্ৰ আৰু গাড়ীৰ অংশ উদ্ধাৰ কৰা হয় ৷ তাৰ মাজতে তীস্তা নদীত কাঠ সংগ্ৰহ কৰিবলৈ যোৱা কিছু লোকে নদীৰ পানীত ওপঙি থকা বাকচ দুটামান প্ৰত্যক্ষ কৰিছিল ৷ ইয়াৰ এটা বাকচ এজন লোকে খুলোতেই বাকচটোৰ ভিতৰত থকা মৰ্টাৰ বিস্ফোৰিত হৈ এই শোকাৱহ ঘটনা সংঘটিত হয় ৷

ইতিমধ্যে এনডিআৰএফ, অসামৰিক প্ৰতিৰক্ষা আৰু আৰক্ষী কৰ্মীয়ে তীস্তা নদীত উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে ৷ বৃহস্পতিবাৰে নদীখনৰ পৰা কেইবাটাও সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে যুদ্ধত ব্যৱহৃত যন্ত্ৰ আৰু গোলা বাৰুদ উদ্ধাৰ কৰা হৈছিল ৷ ঘটনাটোত চাইনুৰ আলম (7)ৰ মৃত্যু হোৱাৰ বিপৰীতে লতিফা খাতুন, লাকু মহম্মদ (14), ৰুকছানা পাৰবিন, ৰমজান আলী (65), আৰু গুমেৰ আলী (50) আহত হয় ৷

গুমেৰ আলী আৰু লাকু মহম্মদক প্ৰথমে জলপাইগুৰি চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও অৱস্থা গুৰুতৰ হোৱাৰ বাবে উত্তৰ বংগ চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে ৷

জলপাইগুৰি চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ এমএছভিপি ডাঃ কল্যাণ খানে কয়, "বিস্ফোৰণটোত 6 জন লোক আহত হৈছে ৷ আঘাতপ্ৰাপ্ত লোকসকলৰ চিকিৎসা কৰা হৈছে, কিন্তু তেওঁলোকৰ অৱস্থা সংকটজনক ৷"

ক্ৰান্তি চাপাডাংগাৰ বাসিন্দা তাবিবুৰ ৰহমানে কয়, "আমাৰ লগৰ কেইজনমানে কাঠ সংগ্ৰহ কৰিবলৈ তীস্তা নদীলৈ গৈছিল ৷ সেই সময়ত মই তিস্তা নদীত কিছু বাকচ দেখা পাইছিলো ৷ ইয়াক বিক্ৰী কৰি মই ধন লাভ কৰিম বুলি কোৱাত, মই ইয়াক ঘৰলৈ লৈ আহিছিলো। বাকচটো খোলাৰ সময়তে ই বিস্ফোৰিত হৈছিল ৷ তাৰ পিচত কি হ'ল মই নাজানো ৷"

লগতে পঢ়ক : Sikkim flash floods update: ছিকিমত আকস্মিক বান; এতিয়াও সন্ধানহীন সেনা জোৱান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.