ETV Bharat / bharat

দিদিয়ে নন্দীগ্ৰামৰ আসন হেৰুওৱাতো নিশ্চিত: জে পি নাড্ডা - নন্দীগ্ৰামৰ আসন

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী নন্দীগ্ৰাম সমষ্টিত পৰাজিত হ'ব-এই মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই । নন্দীগ্ৰামৰ আসন তেওঁৰ হাতৰ পৰা যোৱাতো নিশ্চিত বুলি অনুমান কৰিব পাৰি ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে আন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিচাৰি আছে বুলিও তেওঁ কটাক্ষ কৰে ।

মমতা বেনাৰ্জী নন্দীগ্ৰাম সমষ্টিত নিশ্চিতভাৱে পৰাজিত হ'বঃ জে পি নাড্ডা

author img

By

Published : Apr 3, 2021, 2:04 PM IST

নেশ্যনেল ডেস্ক,৩ এপ্ৰিল: পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ লক্ষ্য কৰি তীব্ৰ বাক্যবাণ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাডডাৰ । বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পূৰ্বে জে পি নাডডাই কয় যে, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী নন্দীগ্ৰাম সমষ্টিত নিশ্চিতভাৱে পৰাজিত হ'ব । সেয়ে, মুখ্যমন্ত্ৰীগৰাকীয়ে আন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিচাৰি আছে বুলিও মন্তব্য কৰে । তেওঁ কয় যে, এয়া মমতা বেনাৰ্জীৰ এক কৌশল ।

নাড্ডাই লগতে কয় যে, তেওঁলোকে এই বিষয়ে ভালদৰে জানে আৰু তেওঁলোকৰ হাতত তথ্য আছে যে, বেনাৰ্জীয়ে আন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিচাৰি আছে । এই তথ্য তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে তেওঁক জানিবলৈ দিছে বুলিও নাড্ডাই মন্তব্য কৰে । অৱশ্যে, মমতা বেনাৰ্জীয়ে আন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বিষয়ত নিশ্চয়তা নাই বুলিও তেওঁ জানিবলৈ দিয়ে । কিন্তু নন্দীগ্ৰাম সমষ্টিত নিশ্চিতভাৱে পৰাজয় বৰণ কৰিব বুলি তেওঁ দাবী কৰে ।

বৃহস্পতিবাৰে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত নন্দীগ্ৰামত মমতা আৰু একালৰ দলীয় নেতা শুভেন্দু অধিকাৰীৰ মাজত প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতা হৈছিল । বিগত বৰ্ষৰ ডিচেম্বৰ মাহত অধিকাৰীয়ে বিজেপিত যোগদান কৰিছিল । নন্দীগ্ৰাম হৈছে অধিকাৰীৰ গৃহ সমষ্টি ।

আনহাতে, মমতা বেনাৰ্জীয়ে তেওঁৰ গৃহ সমষ্টি ভৱানীপুৰ সমষ্টিৰ পৰিৱৰ্তে এইবাৰ নন্দীগ্ৰামৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল । পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ৮০ শতাংশতকৈও অধিক ভোটদান হোৱাৰ কথা জানিব পৰা গৈছে । তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব । নিৰ্বচনী ফলাফলতহে স্পষ্ট হৈ পৰিব প্ৰকৃততে নন্দীগ্ৰামত কোনটো দলৰ বিজয়ধ্বজা উৰিব ।

লগতে পঢ়ক: ৰাজস্থানত বিএচএফৰ প্ৰশংসনীয় পদক্ষেপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.