নেশ্যনেল ডেস্ক, ২ জানুৱাৰী : দেশত অব্যাহত আছে ক'ভিড-১৯ ৰ সংক্ৰমণ । ক'ভিডৰ আন প্ৰকাৰৰ লগতে অ'মিক্ৰণৰ সংক্ৰমণেও সকলোকে চিন্তিত কৰি তুলিছে । ইয়াৰ মাজতে পশ্চিমবংগৰ শক্তি, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অৰূপ বিশ্বাস আক্ৰান্ত হৈছে কৰ'ণাত (Minister Arup Biswas tested covid positive)। দেহত ক'ভিড 19 ৰ অৱস্থিতি ধৰা পৰাৰ পাছতে মন্ত্ৰীগৰাকীক শনিবাৰে কলকাতাৰ উডলেণ্ডচ মাল্টিস্পেচিয়েলিটি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
চিকিৎসালয়খনে জাৰি কৰা এক চৰকাৰী বিজ্ঞপ্তি অনুসৰি, মন্ত্ৰীগৰাকীক মনোক্ল'নেল এণ্টিব’ডি ককটেইল থেৰাপী (Monoclonal Antibody Cocktail Therapy) দিয়া হৈছে আৰু বৰ্তমান তেওঁ সুস্থিৰ হৈ আছে । বিজ্ঞপ্তিত উল্লেখ কৰা মতে, হাস্পতালখনৰ চিকিৎসক ডাঃ সৰোজ মণ্ডল, ডাঃ সৌতিক পাণ্ডা আৰু ডাঃ সপ্তৰ্শী বসুক লৈ গঠিত বিশেষজ্ঞ চিকিৎসকৰ এটা দলে তেওঁৰ স্বাস্থ্যৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে ।
লগতে পঢ়ক : COVID-19 : ভাৰতত অ'মিক্ৰণত আক্ৰান্তৰ সংখ্যা ১,৪৩১ লৈ বৃদ্ধি