নেশ্যনেল ডেস্ক,১৪ এপ্ৰিল: পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে সাক্ষাৎ কৰে চিআইএছএফৰ গুলীত নিহত পৰিয়ালক । লগতে ভুক্তভোগী পৰিয়ালক ন্যায় প্ৰদানৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে । তেওঁ দুখ প্ৰকাশ কৰি কয় যে, ৭২ ঘণ্টাৰ বাবে কোচবিহাৰত ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ থকাৰ বাবে মৃত চাৰিজনৰ নিকটাত্মীয়ক সাক্ষাৎ কৰিব নোৱাৰিলে ।
মুখ্যমন্ত্ৰী গৰাকীৰ মতে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ হৈছে ৷ আইনমতে দণ্ডনীয় সকলোকে শাস্তিৰ আশ্বাস প্ৰদান কৰে মমতাই ৷ আনহাতে একেখন জিলাতে ভোটকেন্দ্ৰৰ বাহিৰত গুলীয়াই হত্যা কৰা ১৮ বছৰীয়া ভোটাৰ আনন্দ বৰ্মনৰ পৰিয়ালৰ বাবেও ন্যায় নিশ্চিত কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ।
লগতে পঢ়ক: চিবিএছইৰ ঘোষণা: দশম শ্ৰেণীৰ পৰীক্ষা বাতিল,দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত