ETV Bharat / bharat

পশ্চিমবংগত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ - এক ভাৰ্চুৱেল বৈঠকৰ আহ্বান ৰাজ্যপাল জগদীপ ধনখৰৰ

মুখ্য সচিবক সকলো ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, ৰাজহুৱা আৰু ব্যক্তিগত চিকিৎসালয়ৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰে এক ভাৰ্চুৱেল বৈঠকৰ আহ্বান জনায় পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনখৰে ।

পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনখৰ
পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনখৰ
author img

By

Published : Apr 18, 2021, 11:41 AM IST

নেশ্যনেল ডেস্ক, ১৮ এপ্ৰিল : দেশজুৰি কৰ'ণাৰ সংক্ৰমণ বৃদ্ধিৰ সমান্তৰালকৈ পশ্চিমবংগতো বৃদ্ধি পাব ধৰিছে কৰ'ণাৰ সংক্ৰমণ । ইয়াৰ পৰিপ্ৰেক্ষিতত পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনখৰে দেওবাৰে ৰাজ্যখনত ক'ভি়ড-১৯ ৰ সংক্ৰমণ বৃদ্ধি সন্দৰ্ভত ৰাজ্যবাসীক চেনিটাইজ কৰাৰ নিৰ্দেশনাৰ বিষয়ে মুখ্য সচিবৰ পৰা এক তথ্য বিচাৰে । ৰাজ্যখনত শেহতীয়াকৈ ক'ভি়ড-১৯ ৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে । সকলোৱে ইয়াক প্ৰতিহত কৰিবলৈ সাজু হ'ব লাগিব । এই জটিল সময়ত এনজিঅ'সমূহে যাতে সমাজৰ সেৱা আগবঢ়াবলৈ নেতৃত্ব লৈ তাৰ বাবে ৰাজ্যপালৰ কাৰ্যালয়ৰ তৰফৰ পৰা এক টুইটাৰযোগে আহ্বান জনায় ।

লগতে ৰাজ্যপালগৰাকীয়ে ৰাজ্যখনৰ মুখ্য সচিব আৰু জ্যেষ্ঠ বিষয়াসকলক ক'ভি়ড পৰিস্থিতিৰ বিষয়ে অৱগত কৰিবলৈ আহ্বান জনায় । মুখ্য সচিবক সকলো ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, ৰাজহুৱা আৰু ব্যক্তিগত চিকিৎসালয়ৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰে এক ভাৰ্চুৱেল বৈঠকৰ বাবেও আহ্বান জনায় । ইফালে, কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতে ৰাজ্যখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ আছে । ইয়াৰ মাজতে শনিবাৰে ৭,৭১৩ জন লোক নতুনকৈ মহামাৰীৰ কবলত পৰিছে । ফলত ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ৬,৫১,৫০৮ জনলৈ বৃদ্ধি পায় । আনহাতে, ৪৫,৩০০ টা ঘটনা সক্ৰিয় হৈ আছে । বিপৰীতে, এতিয়ালৈকে অতিমাৰীৰ পৰা আৰোগ্য হৈছে ৫,৯৫,৬৬৮ জন লোক আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ১০,৫৪০ জন লোক ।

লগতে পঢ়ক: ত্ৰিপুৰাত নিজৰ বাহনৰ ভিতৰত উদ্ধাৰ অভিযন্তাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.