ETV Bharat / bharat

WB Ex CM hospitalized : অসুস্থ পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেব ভট্টাচাৰ্য

author img

By

Published : Jul 29, 2023, 5:29 PM IST

পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেব ভট্টাচাৰ্যক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ লগতে তেজত অক্সিজেনৰ মাত্ৰা হ্ৰাস পাইছিল । ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰা দেখা গৈছে ।

WB EX CM hospitalized
অসুস্থ পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেব ভট্টাচাৰ্য

নেশ্যনেল ডেস্ক,২৯ জুলাই : সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেব ভট্টাচাৰ্য । তেজত অক্সিজেনৰ স্তৰ হ্ৰাস পোৱাৰ লগতে উশাহ-নিশাহত কষ্ট পোৱাৰ পাছতে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয় । স্বাস্থ্যৰ অধিক অৱনতি হোৱাৰ বাবে তেওঁক তাৎক্ষণিক চিকিৎসাৰ বাবে আলিপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী বালিগুঞ্জৰ পাম এভিনিউত থকা তেওঁৰ বাসগৃহত আছিল । স্বাস্থ্যৰ অৱনতি হোৱাৰ পাছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । তেওঁক নিৰন্তৰভাৱে চিকিৎসকৰ দলে পৰ্যৱেক্ষণত ৰাখিছে আৰু আইচিইউত ভৰ্তি কৰোৱা হৈছে ।

চিকিৎসালয়ৰ সূত্ৰৰ মতে প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেব ভট্টাচাৰ্যৰ স্বাস্থ্যৰ শনিবাৰে পুৱা অধিক অৱনতি ঘটে । যাৰ বাবে পাম এভিনিউৰ তেওঁৰ বাসগৃহৰ পৰা আলিপুৰৰ চিকিৎসালয়লৈ এম্বুলেন্সেৰে লৈ অহা হয় । কিন্তু সেই সময়ত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱাত আলিপুৰৰ ব্যক্তিগত চিকিৎসালয়ৰ পৰা এখন অত্যাধুনিক এম্বুলেন্স প্ৰেৰণ কৰা হয় । অৱশ্যে, চিকিৎসালয় কৰ্তৃপক্ষই এতিয়ালৈকে আনুষ্ঠানিকভাৱে এই বিষয়ে কোনো তথ্য প্ৰকাশ কৰা নাই ।

ভট্টাচাৰ্য ক্ৰনিক অবষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজত (COPD) ভুগি আছে বুলি জনা গৈছে । যাৰ ফলত শ্বাস-প্ৰশ্বাসৰ সমস্যা হৈ আছিল । দুৰ্ভাগ্যবশতঃ ২০২১ চনত তেওঁ ক'ভিডত আক্ৰান্ত হৈছিল । ফলত তেওঁৰ স্বাস্থ্যৰ অধিত অৱনতি ঘটিছিল । ২০২১ চনৰ ১৮ মে'ত ক'ভিডত আক্ৰান্ত হোৱাৰ পাছতে তেওঁ কোৱাৰেণ্টাইনত আছিল । তেওঁৰ অৱস্থা অধিক অৱনতি হোৱাৰ লগে লগে সেই বছৰৰে ২৫ মে'ত তেওঁক আলিপুৰৰ ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় । তেওঁক পৰৱৰ্তী ২ জুনত আলিপুৰ চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল ।

বুদ্ধদেৱ ভট্টাচাৰ্যৰ স্বাস্থ্যৰ বিষয়ে খবৰ পোহৰলৈ অহাৰ পাছতে তেওঁৰ অনুগামী আৰু ৰাজনৈতিক ক্ষেত্ৰত ব্যাপক উদ্বেগৰ সৃষ্টি হৈছে । কিয়নো বুদ্ধদেৱ ভট্টাচাৰ্যৰ ৰাজনৈতিক কেৰিয়াৰে পশ্চিমবংগ আৰু ইয়াৰ জনসাধাৰণৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল । ৰাজ্যখনৰ প্ৰতি থকা অৱদানে তেওঁক জনসাধাৰণৰ মাজত জনপ্ৰিয় কৰি তুলিছিল । সকলোৱে তেওঁ আশু আৰোগ্য কামনা কৰিছে ।

লগতে পঢ়ক :Manipur violence : মণিপুৰত উপস্থিত বিৰোধী 'INDIA'ৰ ২১ জনীয়া প্ৰতিনিধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.