ETV Bharat / bharat

The Kerala Story: পশ্চিমবংগত নিষিদ্ধ হ’ল 'দ্য কেৰালা ষ্ট'ৰী'

author img

By

Published : May 8, 2023, 9:04 PM IST

ছবিখন নিষিদ্ধ কৰাৰ সিদ্ধান্ত সন্দৰ্ভত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়, "ঘৃণা আৰু হিংসাৰ যিকোনো ঘটনা পৰিহাৰ কৰা আৰু ৰাজ্যখনত শান্তি বজাই ৰখাটো ইয়াৰ উদ্দেশ্য (West Bengal bans The Kerala Story) ।"

The Kerala Story
The Kerala Story

নিউজ ডেস্ক, ৮ মে' : পশ্চিমবংগৰ চৰকাৰে 'শান্তি বজাই ৰখা' আৰু ৰাজ্যখনত 'ঘৃণা আৰু হিংসাৰ' ঘটনা পৰিহাৰ কৰিবলৈ বিতৰ্কিত চলচ্চিত্ৰ 'দ্য কেৰালা ষ্ট'ৰী' প্ৰদৰ্শন নিষিদ্ধ কৰিছে (WB govt banned The Kerala Story) । উল্লেখ্য, এনেদৰে 'ভুৱা ঘৃণামূলক ঘটনা' প্ৰচাৰৰ অভিযোগত অভিযুক্ত চলচ্চিত্ৰখন নিষিদ্ধ কৰা পশ্চিমবংগ হৈছে দেশৰ প্ৰথমখন ৰাজ্য ।

উল্লেখ্য যে, চলচ্চিত্ৰখনত তিনিগৰাকী মহিলাৰ কাহিনী দাঙি ধৰা হৈছে (controversial movie The Kerala Story) । তাত তেওঁলোকক আইএছআইএছ (ISIS) শিবিৰলৈ সৰবৰাহ কৰাৰ দাবী কৰা হৈছে । অৱশ্যে ছবি নিৰ্মাতাসকলে প্ৰথমে দাবী কৰিছিল যে এই সৰবৰাহৰ সংখ্যা 32,000 । কেৰালাৰ ৩২,০০০ মহিলা নিৰুদ্দেশ হৈ সন্ত্ৰাসবাদী দল আইএছআইএছত যোগদান কৰা বুলি দাবী কৰাৰ পিছতে ছবিখনক লৈ তুমুল বিতৰ্কৰ সৃষ্টি হয় । অৱশ্যে প্ৰতিবাদৰ সন্মুখীন হৈ ট্ৰেইলাৰৰ বিতৰ্কিত ব্যক্তিজনক পিছত প্ৰত্যাহাৰ কৰা হয় । আনহাতে, ট্ৰেইলাৰ প্ৰকাশৰ পিছত ছবিখন কেৰালাৰ তিনিগৰাকী মহিলাৰ কাহিনীলৈ পৰিৱৰ্তন কৰা হয় (Mamta Banerjee on The Kerala Story) ।

ছবিখনক কেন্দ্ৰ কৰি ৰাজনৈতিক আক্ৰমণ-প্ৰত্যাক্ৰমণ অব্যাহত আছে । ইফালে মধ্যপ্ৰদেশৰ দৰে কিছু বিজেপিশাসিত ৰাজ্যই ছবিখনক কৰমুক্ত ঘোষণা কৰিছে । ছবিখন নিষিদ্ধ কৰাৰ সিদ্ধান্ত সন্দৰ্ভত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়, "ঘৃণা আৰু হিংসাৰ যিকোনো ঘটনা পৰিহাৰ কৰা আৰু ৰাজ্যখনত শান্তি বজাই ৰখাটো ইয়াৰ উদ্দেশ্য ।" লগতে কাশ্মীৰী পণ্ডিতসকলৰ তথাকথিত গণহত্যাৰ ওপৰত নিৰ্মিত 'কাশ্মীৰ ফাইলছ' নামৰ চলচ্চিত্ৰখন বিৰোধীৰ প্ৰতিবাদৰ পিছতো হাউছফুল হোৱাৰ প্ৰসংগত বংগৰ মুখ্যমন্ত্ৰীয়ে কয়, "কাশ্মীৰ ফাইলছ কি আছিল ? এইটো সম্পূৰ্ণৰূপে সমাজৰ এটা নিৰ্দিষ্ট শ্ৰেণীক অপমানিত কৰাৰ বাবে আছিল । 'দ্য কেৰালা ষ্ট'ৰী' কি? এইটো এক বিকৃত কাহিনী ।"

উল্লেখ্য যে, বংগৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ মুখ্য সচিবক ছবিখন প্ৰদৰ্শিত হোৱা সকলো ছবিগৃহৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিছে । আনহাতে, এই নিষেধাজ্ঞাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ছবিখনৰ প্ৰযোজক বিপুল অমৃতলাল শ্বাহে কয় যে, তেওঁলোকে এই সিদ্ধান্তৰ বিৰুদ্ধে আইনী বিকল্প গ্ৰহণ কৰিব । "যদি ৰাজ্য চৰকাৰে আমাৰ কথা নুশুনে, তেন্তে আমি আইনী পন্থাৰ অন্বেষণ কৰিম । অৱশ্যে আমি যি পথেই লওঁ সেয়া আইনী পৰামৰ্শৰ ওপৰত ভিত্তি কৰি হ'ব ।" শ্বাহৰ উদ্ধৃতি দি এএনআয়ে এনেদৰে কয় ।

সুদীপ্ত সেনৰ দ্বাৰা পৰিচালিত আৰু বিপুল অমৃতলাল শ্বাহৰ দ্বাৰা প্ৰযোজিত এই ছবিখনৰ কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে তীব্ৰ বিৰোধিতা কৰিছে । ছবিখনক তেওঁ 'আৰএছএছৰ প্ৰচাৰ' বুলি অভিহিত কৰে । ইফালে কেৰালাৰ কংগ্ৰেছ সাংসদ শশী থাৰুৰে নিৰ্মাতাসকলক কেৰালাক 'ভুলকৈ উপস্থাপন' কৰাৰ অভিযোগ উত্থাপন কৰে ।

আনহাতে, নিৰ্বাচনমুখী কৰ্ণাটকত বিজেপিৰ হৈ প্ৰচাৰ চলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও কংগ্ৰেছক সন্ত্ৰাসবাদীৰ সৈতে থিয় দিয়াৰ অভিযোগ তুলি এই বিতৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে । উল্লেখ্য যে, 'দ্য কেৰালা ষ্ট'ৰী'ত আডা শৰ্মা, যোগিতা বিহানী, সিদ্ধি ইদনানী আৰু ছোনিয়া বালানীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ।

লগতে পঢ়ক :Bhupesh Baghel over liquor scam : কেন্দ্ৰীয় সংস্থাসমূহক বিজেপিৰ এজেণ্ট আখ্যা ভূপেশ বাঘেলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.