ETV Bharat / bharat

পশ্চিমবংগ নিৰ্বাচন: ৩ বজালৈকে ৫৫.২৭% ভোটদান সম্পন্ন - ২৭ মাৰ্চৰ পৰা আঠটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন

পশ্চিমবংগত প্ৰথম পৰ্যায়ত পুৰুলিয়া আৰু ঝাড়গ্ৰাম জিলাৰ সকলো বিধানসভা সমষ্টিক সামৰি ৩০ খন আসন আৰু বাঙ্কুৰা, পূৰ্ব মেদিনীপুৰ আৰু পশ্চিম মেদিনীপুৰৰ এটা অংশত নিৰ্বাচন অনুষ্ঠিত হৈছে । প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণে ২১ জন মহিলা প্ৰাৰ্থীকে ধৰি মুঠ ১৯১ গৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনী ভাগ্য নিৰ্ণয় কৰিব । ভোটগ্ৰহণ আবেলি ৬.৩০ বজাত সমাপ্ত হ'ব ।

পশ্চিমবংগ নিৰ্বাচনঃ ৩ বজালৈকে ৫৫.২৭% ভোটদান সম্পন্ন

author img

By

Published : Mar 27, 2021, 5:11 PM IST

নেশ্যনেল ডেস্ক,২৭ মাৰ্চ: অসমৰ লগতে পশ্চিমবংগতো শনিবাৰে আৰম্ভ হয় প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন । পশ্চিমবংগত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ২১ গৰাকী মহিলাকে ধৰি মুঠ ১৯১ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভৱিষ্যত ইভিএমত বন্দী হ'ব । ৰাজ্যখনত পুৰুলিয়া আৰু ঝাড়গ্ৰাম জিলাৰ সকলো বিধানসভা সমষ্টিক সামৰি ৩০ খন আসন আৰু বাঙ্কুৰা, পূৰ্ব মেদিনীপুৰ আৰু পশ্চিম মেদিনীপুৰৰ এটা অংশত নিৰ্বাচন অনুষ্ঠিত হৈছে । প্ৰথম পৰ্যায়ত সাধাৰণ ভোটাৰৰ মুঠ সংখ্যা ৭৩৮০৯৪২ । ইয়াৰে ৩৭৫২৯৩৮ গৰাকী পুৰুষ ভোটাৰ, ৩৬২৭৯৪৯ গৰাকী মহিলা ভোটাৰ আৰু তৃতীয় লিংগৰ ৫৫ গৰাকী । ইফালে, কৰ্মচাৰী ভোটাৰৰ মুঠ সংখ্যা হৈছে ১১৭৬৭ । আনহাতে, প্ৰাপ্তবয়স্ক ভোটাৰ আছে প্ৰায় ১২৩৩৯৩ গৰাকী । তদুপৰি, ৪০৪০৮ গৰাকী শাৰীৰিকভাৱে সক্ষম লোকে ভোটদান কৰে লগতে তিনিজন বিদেশীও অন্তৰ্ভুক্ত আছে । ৩ বজালৈকে ৫৫.২৭% ভোটদান সম্পন্ন হৈছে ।

পশ্চিমবংগ নিৰ্বাচন
পশ্চিমবংগ নিৰ্বাচন

নিৰ্বাচন আয়োগে ১০২৮৮ টা ভোটকেন্দ্ৰ নিৰ্ধাৰণ কৰিছে । ইয়াৰে ৮২২৯ টা মুখ্য আৰু ২০৫৯ টা সহায়ক হিচাপে ভোটকেন্দ্ৰ নিৰ্ধাৰণ কৰিছে । লগতে আয়োগে ২১ জন সাধাৰণ পৰ্যবেক্ষক, ন গৰাকী ব্যয় পৰ্যবেক্ষক আৰু সাতগৰাকী আৰক্ষী পৰ্যবেক্ষক নিয়োগ কৰিছে । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বাংকুৰাৰ ৯২, পুৰ্বা মেদিনীপুৰৰ ১৬৯, পশ্চিম মেদিনীপুৰৰ ১৩৯, পুৰুলিয়াৰ ১৮৬ আৰু ঝাড়গ্ৰামৰ ১৪৪টাক ধৰি কেন্দ্ৰীয় বাহিনীৰ ৭৩০ গৰাকীক মোতায়েন কৰা হৈছে । ৰাজ্যখনত ২৭ মাৰ্চৰ পৰা আঠটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন । ২৯ এপ্ৰিলত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । ইফালে, ২ মে'ত ভোটগণনা হ'ব । মুঠ ২৯৪ খন আসনৰ বাবে পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা হয় ।

পশ্চিমবংগ নিৰ্বাচনঃ ৩ বজালৈকে ৫৫.২৭% ভোটদান সম্পন্ন
পশ্চিমবংগ নিৰ্বাচনঃ ৩ বজালৈকে ৫৫.২৭% ভোটদান সম্পন্ন

এইবাৰ পশ্চিমবংগত তৃণমূল কংগ্ৰেছ (টিএমচি), কংগ্ৰেছ বাওঁপন্থী আৰু ভাৰতীয় জনতা পাৰ্টী (বিজেপি)ৰ সৈতে ত্ৰিকোণীয়া প্ৰতিযোগিতা হৈছে । বিজেপিৰ হাই প্ৰফাইল প্ৰচাৰে মমতাক শাসনৰ পৰা আঁতৰাবলৈ উঠি পৰি লাগিছে । প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে টিএমচি প্ৰাৰ্থীৰ কেইটামান উল্লেখযোগ্য ৰথী-মহাৰথীৰ নামৰ ভিতৰত আছে শ্ৰীকান্ত মাহাতো, ৰাজীৱলোচন সৰেন, জুন মলিয়া । বিজেপিৰ উত্তম বাৰিক আৰু ৰবীন্দ্ৰনাথ মাতি, চন্দনা বাউৰি আৰু বিজেপিৰ ৰজিব কুণ্ডু । ইফালে, কংগ্ৰেছে প্ৰথম পৰ্যায়ৰ বাবে বাঘমুণ্ডীৰ পৰা নেপাল মাহাতো, ভগবনপুৰৰ চি উ মাইতি, বলৰামপুৰৰ উত্তম বেনাৰ্জী, এগ্ৰাৰ পৰা মানস কুমাৰ কৰ্মহাপাত্ৰ আৰু পুৰুলিয়াৰ পৰা পাৰ্থপ্ৰতীম বেনাৰ্জীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

উল্লেখযোগ্য যে, ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত, শাসকীয় টিএমচিয়ে ৩০ খন আসনৰ ভিতৰত ২৭ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল । আনহাতে কংগ্ৰেছে দুখন আসন লাভ কৰিবলৈ সক্ষম হৈছিল আৰু বিপ্লৱী ছ’চিয়েলিষ্ট পাৰ্টি (আৰএছপি) এখন আসন লাভ কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক: টিআইপিআৰএ-টিপিএফৰ দলীয় কৰ্মীৰ সংঘাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.