ETV Bharat / bharat

ভাৰত-পাক সীমান্তত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

পাঞ্জাৱ আৰক্ষী আৰু বিএছএফৰ ১৪৪ নং বেটেলিয়নৰ যুটীয়া অভিযানত ভাৰত-পাক সীমান্তৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ । ঘটনাৰে জড়িত পাকিস্তানৰে সু-সম্পৰ্ক থকা এগৰাকী লোকৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে অভিযানকাৰী দলটোৱে ।

author img

By

Published : Apr 4, 2021, 6:37 PM IST

ভাৰত-পাক সীমান্তত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ
ভাৰত-পাক সীমান্তত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

নেশ্যনেল ডেস্ক, ৪ এপ্ৰিল: পাঞ্জাৱ আৰক্ষী আৰু বিএছএফৰ এক যুটীয়া অভিযানত ভাৰত-পাক সীমান্তৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ । সূত্ৰ অনুসৰি, পাঞ্জাৱ আৰক্ষী আৰু বিএছএফৰ ১৪৪ নং বেটেলিয়নৰ যুটীয়া অভিযানত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰখিনি ।

উদ্ধাৰ হোৱা অস্ত্ৰসমূহৰ মাজত আছে এটা এ কে ৫৬ ৰাইফল, এটা এ কে ৪৭ ৰাইফল, এটা ৰাইফল, চীনত নিৰ্মিত এক পিষ্টল, চাৰিটা মেগজিন আৰু ২১ ডাল লোৰ ৰড । ঘটনাৰে জড়িত পাকিস্তানৰে সু-সম্পৰ্ক থকা এগৰাকী লোকৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে অভিযানকাৰী দলটোৱে । ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক: মধ্যপ্ৰদেশত পত্নী-সন্তানক হত্যা কৰি আত্মহনন এজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.