নিউজ ডেস্ক, ১৬ এপ্ৰিল : প্ৰয়াগৰাজত গেংষ্টাৰৰ পৰা ৰাজনীতিবিদ হোৱা আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফক শনিবাৰে গুলীয়াই হত্যা কৰা হয় (gangster turned politician Atiq Ahmed murder) । আতিক আৰু আশ্ৰফক গুলীয়াই হত্যা কৰাৰ পিচত গ্ৰেপ্তাৰ হোৱা তিনিজন আক্ৰমণকাৰীয়ে দেওবাৰে তেওঁলোকৰ অপৰাধ স্বীকাৰ কৰি কয় যে তেওঁলোকে "জনপ্ৰিয়" হ'বলৈ এনে কৰিছিল । উল্লেখ্য, উত্তৰ প্ৰদেশৰ ঝান্সীত সংঘটিত এক সংঘৰ্ষত আতিক আহমেদৰ পুত্ৰ আছাদ নিহত হোৱাৰ কেইদিনমান পিচতে শনিবাৰে প্ৰয়াগৰাজত স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱাৰ সময়ত বিতৰ্কিত ৰাজনীতিবিদ দুই ভাতৃক গুলীয়াই হত্যা কৰা হয় (Atiq Ahmed Murder Case) ।
"আমি আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফক হত্যা কৰিছিলোঁ তেওঁলোকৰ আতিক-আশ্ৰফ গেঙক সম্পূৰ্ণৰূপে মচি পেলোৱাৰ বাবে । লগতে নিজৰ বাবে সুনাম অৰ্জন কৰাৰ লক্ষ্যৰে হত্যা কৰিব বিচাৰিছিলোঁ (Atiq Ahmed killer confessed to their crime) ।" এজাহাৰখত গ্ৰেপ্তাৰ কৰা আক্ৰমণকাৰীসকলক উদ্ধৃতি দি আৰক্ষীয়ে এনেদৰে কয় । "আতিক আৰু আশ্ৰফক আৰক্ষীৰ জিম্মাত লোৱাৰ বিষয়ে আমি এক তথ্য লাভ কৰাৰ লগে লগে আমি স্থানীয় সাংবাদিক হিচাবে আত্মপ্ৰকাশ কৰি ভিৰৰ সৈতে মিলি গৈ তেওঁলোকক হত্যা কৰাৰ পৰিকল্পনা কৰিছিলোঁ ।" এজাহাৰখনত লগতে কোৱা হৈছে ।
-
"We wanted to kill Atiq Ahmed, Ashraf to become popular": Killers
— ANI Digital (@ani_digital) April 16, 2023 " class="align-text-top noRightClick twitterSection" data="
Read @ANI Story | https://t.co/ltC1NgjXAM#AtiqAhmed #AtiqueAhmed #Ashraf #UttarPradesh #Prayagraj pic.twitter.com/dctsUW5BXy
">"We wanted to kill Atiq Ahmed, Ashraf to become popular": Killers
— ANI Digital (@ani_digital) April 16, 2023
Read @ANI Story | https://t.co/ltC1NgjXAM#AtiqAhmed #AtiqueAhmed #Ashraf #UttarPradesh #Prayagraj pic.twitter.com/dctsUW5BXy"We wanted to kill Atiq Ahmed, Ashraf to become popular": Killers
— ANI Digital (@ani_digital) April 16, 2023
Read @ANI Story | https://t.co/ltC1NgjXAM#AtiqAhmed #AtiqueAhmed #Ashraf #UttarPradesh #Prayagraj pic.twitter.com/dctsUW5BXy
উল্লেখ্য, তিনিওজন আক্ৰমণকাৰীক ঘটনাস্থলীতে আটক কৰা হৈছিল । তেওঁলোকে আক্ৰমণ সংঘটিত কৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে । বৰ্তমান তেওঁলোক আৰক্ষীৰ জিম্মাত আছে আৰু সোধা-পোছা কৰা হৈছে । আনহাতে, এই ঘটনাটোৰ পৰিপ্ৰেক্ষিতত উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৰাজ্যজুৰি ১৪৪ ধাৰা জাৰি কৰিছে আৰু সংবেদনশীল বুলি গণ্য কৰা মুখ্য ৰাজহুৱা প্ৰতিষ্ঠান আৰু অঞ্চলসমূহত নিৰাপত্তা বৃদ্ধি কৰা হৈছে । উল্লেখযোগ্য যে আতিক আহমেদক ২০০৫ চনত বিএছপি বিধায়ক ৰাজু পালৰ হত্যাৰ লগতে এই বছৰৰ ফেব্ৰুৱাৰীত বিএছপি নেতাৰ হত্যাৰ মুখ্য সাক্ষী উমেশ পালৰ হত্যাত অভিযুক্ত কৰা হৈছিল ।
তিনিওজন আক্ৰমণকাৰীকে গ্ৰেপ্তাৰ কৰাৰ কথা শনিবাৰে নিশাতেই ততাতৈয়াকৈ এক সংবাদমেলৰ আয়োজন কৰি আৰক্ষীয়ে অৱগত কৰিছিল । "ঘটনাৰ লগত জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু সোধা-পোছা কৰা হৈছে । এজন সাংবাদিক আঘাতপ্ৰাপ্ত হৈছে আৰু এজন কনিষ্টবলো গুলীত আঘাতপ্ৰাপ্ত হৈছে ।" প্ৰয়াগৰাজ আৰক্ষী আয়ুক্ত ৰমিত শৰ্মাই এনেদৰে কয় ।
লগতে পঢ়ক :Atiq Ahmed Shoot Case : আতিকৰ হত্যাকাৰী নিবনুৱা, ড্ৰাগছ আসক্ত ! দণ্ডাধীশৰ সন্মুখত হাজিৰ