নেশ্যনেল ডেস্ক, ২ এপ্ৰিল: পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলালে অভিনয় জগতৰ পৰা ৰাজনীতিৰ পথাৰত খোজ পেলোৱা মিথুন চক্ৰৱৰ্তীয়ে । বৃহস্পতিবাৰে চুৰচুৰা সমষ্টিৰ প্ৰাৰ্থী লকেট চেটাৰ্জীৰ হৈ প্ৰচাৰ চলায় বিজেপি নেতাগৰাকীয়ে ।
অভিনয়েৰে পূৰ্বৰে পৰা দৰ্শকৰ মন জয় কৰা মিথুনে এইবাৰ গেৰুৱা দলটোৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰাবলৈ ৰাইজক আহ্বান জনায় । নিৰ্বাচনী প্ৰচাৰৰ বাবে ব্যৱহৃত বাহনত উঠি ৰোড শ্ব'তো অংশ লয় অভিনেতা তথা বিজেপি নেতাগৰাকীয়ে । এই ৰোড শ্ব' ৰবীন্দ্ৰ নগৰৰ পৰা শ্বাহাগঞ্জ ডানলপ খেলপথাৰলৈকে উলিওৱা হয় ।
বৰ্তমানলৈকে ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলোৱা মূখ্য প্ৰচাৰকসকলৰ তালিকাত আছে ৭০ বছৰীয়া অভিনেতাগৰাকী । মিথুন দুই বছৰৰ বাবে তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ আছিল ।
২০১৬ চনত সাৰদা কেলেংকাৰীৰে তেওঁৰ নাম জড়িত হোৱাৰ পিছত স্বাস্থ্যজনিত কাৰণ দৰ্শাই তেওঁ পদত্যাগ কৰিছিল । উল্লেখ্য যে, ৰাজ্যখনত অহা ৬ এপ্ৰিলত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।
লগতে পঢ়ক:তামিলনাডু নিৰ্বাচনঃ সূতা-কম্বল নহয়, বিৰিয়ানীৰ ৰাজনীতি