ETV Bharat / bharat

পশ্চিমবংগ নিৰ্বাচন: চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ বিজপিৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ - মনোজ তিৱাৰী

বিজেপিয়ে পশ্চিম বংগৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ৩০ গৰাকী ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ কৰিছে । ঘোষণা কৰা ষ্টাৰ কেম্পেইনাৰৰ তালিকা অনুসৰি আছে জ্যোতিৰাদিত্য সিন্দীয়া, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু আন কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী ।

পশ্চিমবংগ নিৰ্বাচনঃপ্ৰকাশ হ'ল চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ বিজপিৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকা

author img

By

Published : Apr 2, 2021, 2:20 PM IST

নেশ্যনেল ডেস্ক, ২ এপ্ৰিল: অহা ১০ এপ্ৰিলত পশ্চিমবংগত অনুষ্ঠিত হ'ব চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচন । তাৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত ভাৰতীয় জনতা পাৰ্টি (বিজেপি) । ইতিমধ্যে বিজেপিয়ে চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ৩০ গৰাকী ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ কৰিছে ।

ঘোষণা কৰা ষ্টাৰ কেম্পেইনাৰৰ তালিকা অনুসৰি অন্যতম ষ্টাৰ কেম্পেইনাৰ ক্ৰমে জ্যোতিৰাদিত্য সিন্দীয়া, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু আন কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী ।

এইকেইগৰাকী হাই-প্ৰফাইল নেতা, ষ্টাৰ কেম্পেইনাৰৰ উপৰিও আছে নীতিন গাডকাৰী, ডেব্ৰা (পশ্চিম মিদনাপুৰ) সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভাৰতী ঘোষ, স্মৃতি ইৰাণী, মিথুন চক্ৰৱৰ্তী, মনোজ তিৱাৰী, জন বৰলা আৰু শুভেন্দু অধিকাৰী ।

ইফালে, ৬ এপ্ৰিলত ৩১ খন আসনত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু ১০ এপ্ৰিলত ৪৪ খন আসনত চতুৰ্থ পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । আনহাতে, ১৭ এপ্ৰিলত ৪৫ খন আসনত পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । বিপৰীতে ২২ এপ্ৰিলত ৪৩ খন আসনত ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । তদুপৰি, ২৬ এপ্ৰিলত ৩৬ খন আসনত সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । সৰ্বশেষত, ২৯ এপ্ৰিলত ৩৫ খন আসনত অষ্টম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । প্ৰথম দুটা পৰ্যায়ৰ ভোটগ্ৰহণত ক্ৰমান্বয়ে ৭৯.৯ আৰু ৮০.৪৩ শতাংশৰ ভিতৰত সম্পন্ন হয় ।

লগতে পঢ়ক: পশ্চিমবংগত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণত কেবাটাও সমষ্টিত হিংসাত্মক পৰিৱেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.