ETV Bharat / bharat

72 ঘন্টাৰ বাবে কোচবিহাৰত ৰাজনৈতিক নেতাৰ প্ৰৱেশত নিষেধাজ্ঞা

author img

By

Published : Apr 11, 2021, 11:09 AM IST

Updated : Apr 11, 2021, 11:50 AM IST

শনিবাৰে ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পাচত দমজুৰত তৃণমূল কংগ্ৰেছ (টিএমচি) আৰু বিজেপি কৰ্মীসকলৰ মাজত সংঘটিত হয় সংঘৰ্ষ । ভোট গ্ৰহণ সমাপ্তৰ পাচত ইভিএমসমূহ ষ্ট্ৰং ৰূমলৈ নিয়াৰ পাচতে দুই দলৰ মাজত সংঘটিত হয় সংৰ্ষ । হঠাৎ অন্য সম্প্ৰদায়ৰ টিএমচিৰ কেইজনমান ভেৰুণীয়া গুণ্ডাই বিজেপিৰ কৰ্মীসকলক আক্ৰমণ কৰে বুলি অভিযোগ কৰে দমজুৰৰ বিজেপি প্ৰাৰ্থী ৰাজীৱ বেনাৰ্জীয়ে ।

পশ্চিমবংগ নিৰ্বাচনত টিএমচি আৰু বিজেপিৰ মাজত তুমুল সংঘৰ্ষ

নেশ্যনেল ডেস্ক, ১১ এপ্ৰিল : পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকা সময়তে কেবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হয় । শনিবাৰে ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পাচত দমজুৰত তৃণমূল কংগ্ৰেছ (টিএমচি) আৰু বিজেপি কৰ্মীসকলৰ মাজত সংঘটিত হয় সংঘৰ্ষ । ভোট গ্ৰহণ সমাপ্তৰ পাচত ইভিএমসমূহ ষ্ট্ৰং ৰূমলৈ নিয়াৰ পাচতে দুই দলৰ মাজত সংঘটিত হয় সংৰ্ষ । হঠাৎ অন্য সম্প্ৰদায়ৰ টিএমচিৰ কেইজনমান ভেৰুণীয়া গুণ্ডাই বিজেপিৰ কৰ্মীসকলক আক্ৰমণ কৰে বুলি অভিযোগ কৰে দমজুৰৰ বিজেপি প্ৰাৰ্থী ৰাজীৱ বেনাৰ্জীয়ে ।

ইফালে, ভোটগ্ৰহণ চলি থকা সময়তে কোচবিহাৰৰ এটা ভোটকেন্দ্ৰতো হিংসাত্মক ঘটনা সংঘটিত হয় । নিৰাপত্তা বাহিনীৰ কটকটীয়া সুৰক্ষা ব্যৱস্থা থকাৰ স্বত্বেও ভোটকেন্দ্ৰৰ সন্মুখতে ভোটাৰক গুলীয়াই হত্যা দুৰ্বৃত্তৰ । কোচবিহাৰৰ শীতলকুছিৰ পাঠানতুলিৰ ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত ভোটদান কৰিবলৈ ভোটাৰৰ শাৰীত ৰৈ থকা লোকক দুবাৰকৈ গুলীয়াই হত্যা কৰা ঘটনাক ৰাজ্যখনৰ শাসনাধীন দল টিএমচিয়ে কেন্দ্ৰীয় বাহিনীয়ে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰে । সূত্ৰ অনুসৰি, চাৰিজন লোক নিহত হয় এই ঘটনাত । শনিবাৰে নিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ অনাগত ৭২ ঘন্টাৰ বাবে নিৰ্বাচন আয়োগে ৰাজনৈতিক নেতা সকলক জিলাখনৰ ভৌগলিক চাৰিসীমাৰ আশে পাশেও প্ৰৱেশ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে ৷ কোচবিহাৰৰ হিংসাত্মক ঘটনাত চাৰিগৰাকীকৈ লোকে প্ৰাণ হেৰুৱাব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পাছতে নিৰ্বাচন আয়োগে এই কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে ৷

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি শনিবাৰে পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ত ৫.৩০ বজালৈ ৭৬.১৬ শতাংশ ভোটগ্ৰহণ সম্পন্ন হয় ৷ ৰাজ্যখনৰ পাঁচখন জিলাৰ মুঠ ৪৪ টা বিধানসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হয় ৷

লগতে পঢ়ক: পেল্টজমেন প্ৰভাৱ : প্ৰতিষেধক লোৱাৰ পাচতো ক’ভিড আক্ৰান্তৰ সংখ্যা বাঢ়িছে কিয় !

Last Updated : Apr 11, 2021, 11:50 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.