নিউজ ডেস্ক, 20 নৱেম্বৰ: পশ্চিম বংগৰ বাংকুৰা জিলাত সংঘটিত হয় এক অদ্ভুত ঘটনা ৷ শনিবাৰে এজন লোকে ৰেচন কাৰ্ডত নিজৰ নাম লিপিবদ্ধ কৰাৰ উদ্দেশ্যে চৰকাৰী বিষয়াৰ বাহনৰ সন্মুখত কুকুৰৰ দৰে ভুকিবলৈ আৰম্ভ কৰে (WB man barks in front of govt official)। জিলাখনৰ কেশিকোল গাঁৱৰ বাসিন্দা শ্ৰীকান্তি দত্ত নামৰ ব্যক্তিজনে দৃঢ়তাৰে কয় যে, তেওঁ এতিয়ালৈকে তিনিবাৰকৈ চৰকাৰী নথিত নিজৰ নাম সংশোধনৰ বাবে আবেদন জনাইছিল যদিও শুধৰণি হোৱা নাছিল ।
তেওঁ কয়, "তৃতীয়বাৰৰ বাবে মোৰ নাম শ্ৰীকান্তি দত্তৰ সলনি শ্ৰীকান্তি কুট্টা (হিন্দীত 'কুকুৰ') বুলি লিখা হৈছে । ইয়াৰ বাবে মই মানসিকভাৱে ভাগি পৰিছিলোঁ ।" পৰৱৰ্তী সময়ত তেওঁ বিষয়টো নিজে সমাধা কৰাৰ বাবে সিদ্ধান্ত লয় । সেই অনুসৰি যুটীয়া খণ্ড উন্নয়ন বিষয়াৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ দত্তই ল’লে একে আচহুৱা উপায় ৷ দত্তৰ গাঁৱলৈ খণ্ড উন্নয়ন বিষয়া অহাৰ সময়ত বিষয়াজন বহি থকা গাড়ীৰ খিৰিকীৰ কাষতে ভুকিবলৈ ধৰিলে তেওঁ (Bankura man barks govt official car)।
ভাইৰেল হোৱা ভিডিঅ’টোত বাংকুৰা ব্লক-২ৰ যুটীয়া খণ্ড উন্নয়ন বিষয়াৰ বাহনৰ কাষত থিয় হৈ দত্তই ভুকি থকা দেখা গৈছে । উপায়ন্তৰ হৈ চালকৰ কাষত বহি থকা বিষয়াজনে গাড়ীখন ৰখাই আন এজন বিষয়াক কাগজখন গতাই দিয়ে । বিষয়াজনক কিবা এটা নিৰ্দেশ দিয়া দেখাও গ’ল ভিডিঅ’টোত । ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টোৱে চৰকাৰক লজ্জানত কৰি তুলিছে (Dutta becomes Kutta) ।
দত্তই কয়, "মই এবছৰ ধৰি মোৰ ৰেচন কাৰ্ডত মোৰ নামটো শুধৰণি কৰিবলৈ চেষ্টা কৰি আহিছো কিন্তু প্ৰতিবাৰেই মোৰ নামটো ভুলকৈ লিখা হৈছিল । মই হতাশ হৈ পৰিছিলো আৰু তেওঁলোকে মোক যিদৰে চিত্ৰিত কৰিছিল তাৰ প্ৰতিবাদ কৰাৰ সিদ্ধান্ত লৈছিলো ।’’
উল্লেখ্য যে, মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সাধাৰণ জনতাক চৰকাৰী মৌলিক সা-সুবিধা প্ৰদান কৰিবলৈ ‘দুৱাৰে চৰকাৰ’ আঁচনি আৰম্ভ কৰিছিল । প্ৰথম অৱস্থাত ৰেচন কাৰ্ডত লোকজনৰ নামটো ‘শ্ৰীকান্ত মণ্ডল’ বুলি লিখা হৈছিল ৷ তাৰ পিছত তেওঁ দুৱাৰে চৰকাৰ শিবিৰলৈ গৈ পৰিৱৰ্তনৰ বাবে আবেদন কৰিছিল (Bengal man spelling mistake in name ration card) ।
পিছৰবাৰ ‘শ্ৰীকান্ত দত্ত’ নামেৰে ছপা হৈছিল । পিচে হ’ব লাগিছিল শ্ৰীকান্তিহে, শ্ৰীকান্ত নহয় ৷ সেয়ে আকৌ পৰিৱৰ্তনৰ বাবে আবেদন কৰে লোকজনে ৷ এইবাৰ ‘শ্ৰীকান্তি কুট্টা’ হিচাপে আহিল ।
দত্তই কয়, ‘‘এইটো হাস্যকৰ বিষয় । এই মানুহবোৰৰ পিছে পিছে কিমানবাৰ দৌৰিম ? মই যেতিয়া খণ্ড উন্নয়ন বিষয়াৰ ওচৰলৈ গ’লোঁ, তেতিয়া তেওঁ মোৰ লগত কথা পাতিবলৈ অস্বীকাৰ কৰিলে । এই চৰকাৰী বিষয়াসকলে ৰাইজৰ বাবে কাম কৰাৰ কথা কয়, কিন্তু তেওঁলোকে এনেকুৱা আচৰণ কৰে যেন আমি তেওঁলোকৰ পৰা অনুগ্ৰহ বিচাৰিছো । গতিকে মই এইদৰে প্ৰতিবাদ কৰাৰ সিদ্ধান্ত লৈছিলো’’ ৷
যদিও জিলা প্ৰশাসনিক বিষয়াসকলৰ পৰা কোনো মন্তব্য লাভ কৰা নাই, তথাপিও দত্তই কয় যে, তেওঁলোকে দুদিনমানৰ ভিতৰত ভুলটো শুধৰণি কৰাৰ প্ৰতিশ্ৰুতি দিছে । এইবাৰ হয়তো শ্ৰীকান্তি দত্তই শুদ্ধভাৱে নিজৰ ৰেচন কাৰ্ডখন পাব ৷
লগতে পঢ়ক: Insult to Dalit women: দলিত মহিলাই পানী খোৱাৰ বাবেই ধুই চাফা কৰা হ’ল পানী টেংকী