নেশ্যনেল ডেস্ক , 2 ছেপ্তেম্বৰ : পশ্চিম বংগত সংঘটিত নিৰ্বাচনোত্তৰ হিংসাৰ গোচৰৰ তদন্তৰ বাবে নতুনকৈ দহজন IPS বিষয়াক নিয়োগ কৰিছে ৷ ৰাজ্যখনৰ নিৰ্বাচনোত্তৰ হিংসাৰ গোচৰৰ তদন্তৰ বাবে কলিকতা উচ্চ ন্যায়ালয়ে গঠন কৰা এক বিশেষ অনুসন্ধানকাৰী দল(special investigating team)ক সহায় কৰাৰ বাবে পশ্চিম বংগ চৰকাৰে দহজন আইপিএছ বিষয়া নিয়োগ কৰিছে ৷ বৃহস্পতিবাৰে এজন জ্যেষ্ঠ বিষয়াই এই বিষয়ে সদৰী কৰে ৷
লগতে পঢ়ক : ত্ৰিপুৰাত উপস্থিত হৈ কংগ্ৰেছ সম্পৰ্কে কি ক'লে সুস্মিতা দেৱে ?
বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, ৰাজ্যখনৰ উত্তৰ, পশ্চিম আৰু দক্ষিণ অঞ্চলৰ লগতে কলকাতা আৰক্ষী অঞ্চল(Kolkata Police areas)ৰ বাবে IPS বিষয়াসকলক নিয়োজিত কৰা হৈছে ৷ ৰাজ্যৰ গৃহ বিভাগে(home department) জাৰি কৰা এক নিৰ্দেশৰ জৰিয়তে এই IPS বিষয়াসকলক তেওঁলোকৰ দৈনন্দিন কৰ্তব্যৰ উপৰিও SITক সহযোগ কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে ৷
লগতে পঢ়ক : গৰুক ৰাষ্ট্ৰীয় পশুৰ মৰ্যাদা : ন্যায়ালয়ৰ পৰামৰ্শক আদৰণি জনালে মৌলানাই
গৃহ বিভাগৰ নিৰ্দেশটোত এইবুলি কোৱা হৈছে, "ইয়াৰ দ্বাৰা কলিকতাত মাননীয় উচ্চ ন্যায়ালয়ে গঠন কৰা এছআইটিক সহায় কৰাৰ বাবে আইপিএছ বিষয়াসকলক তেওঁলোকৰ স্বাভাৱিক কৰ্তব্যৰ উপৰিও দায়িত্ব প্ৰদান কৰা হৈছে ৷
কলিকতা উচ্চ ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে ১৯ আগষ্টত আইপিএছ বিষয়া সৌমেন মিত্ৰ(Soumen Mitra), সুমন বালা চাহু(Suman Bala Sahoo) আৰু ৰণবীৰ কুমাৰ(Ranbir Kumar)ক লৈ নিৰ্বাচনোত্তৰ হিংসা(post-poll violence)ৰ ঘটনাসমূহ পৰ্যবেক্ষণ কৰাৰ বাবে এছআইটি গঠনৰ নিৰ্দেশ দিছিল ৷
লগতে পঢ়ক : ভাৰতীয় ৰাজনীতিৰ চাণক্য প্ৰশান্ত কিশোৰক কংগ্ৰেছত যোগদান কৰিবলৈ আহ্বান