ETV Bharat / bharat

মুকলি হ’ল RRR ছবিৰ থিম চং DOSTI

বন্ধুত্ব দিৱস উপলক্ষে, আহিবলগীয়া চলচ্চিত্ৰ RRRৰ নিৰ্মাতাসকলে DOSTI নামৰ থীম চঙটো মুকলি কৰিছে ৷ এম এম কীৰাৱানীৰ লগতে পাঁচগৰাকী শিল্পীয়ে হিন্দী, তামিল, তেলেগু, মালায়ালম আৰু কানাড়া ভাষাত গীতটোত কণ্ঠদান কৰিছে ৷

মুকলি হ’ল RRR ছবিৰ থিম চং DOSTI
মুকলি হ’ল RRR ছবিৰ থিম চং DOSTI
author img

By

Published : Aug 1, 2021, 3:47 PM IST

চিটাৰা ডেস্ক, ১ আগষ্ট : বন্ধুত্ব দিৱসৰ দিনটোতে মুকলি পালে এছ.এছ. ৰাজামৌলীৰ(S S Rajamouli) আটাইতকৈ প্ৰত্যাশিত চলচ্চিত্ৰ RRRৰ থীম চং, 'DOSTI' ৷ এম.এম. কীৰাৱানীৰ লগতে পাঁচগৰাকী শিল্পীয়ে গীতটোত কণ্ঠদান কৰিছে ৷ অমিত ত্ৰিবেদী, অনিৰুদ্ধ ৰবিচন্দ্ৰ, বিজয় য়েচুদাস, হেমা চন্দ্ৰ আৰু য়াজিন নাজিৰে এই গীতটোত কণ্ঠদান কৰিছে ৷ এই কন্ঠশিল্পীসকলে হিন্দী, তামিল, তেলেগু, মালায়ালম আৰু কানাড়া ভাষাত থীম ট্ৰেকটোত কণ্ঠদান কৰিছে ৷ ছবিখনৰ সংগীত পৰিচালনাৰ দায়িত্বত আছে T-Series আৰু Lahiri Music ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাজামৌলীয়ে টুইটাৰযোগে লিখিছে, "This Friendship day, witness the coming together of 2 powerful opposing forces - RamarajuFire& Bheem Water wave #Dosti Music Video: https://youtu.be/VPT_EIo89cc @MMKeeravaani @itsvedhem @anirudhofficial @ItsAmitTrivedi @IAMVIJAYYESUDAS #YazinNizar @TSeries @LahariMusic #RRRMovie #Natpu #Priyam." এছ এছ ৰাজামৌলী দ্বাৰা পৰিচালিত ছবিসমূহক ভাৰতত প্ৰযোজিত আটাইতকৈ ব্যয়বহুল চলচ্চিত্ৰ হিচাপে ধৰা হয় ৷ এই ছবিখনত স্বাধীনতা সংগ্ৰামী আল্লুৰী সিতাৰাম ৰাজু আৰু কমাৰাম ভীমৰ চৰিত্ৰত দুই অভিনেতা ক্ৰমে ৰাম চৰণ আৰু Jr NTRএ অভিনয় কৰিছে ৷ ব্ৰিটিছৰ লগতে হাইদৰাবাদৰ নিজামৰ বিৰুদ্ধে হোৱা যুদ্ধৰ পটভূমিত ছবিখনৰ কাহিনীভাগ ৰচনা কৰা হৈছে ৷

বলীউডৰ অভিনেতা আলিয়া ভাট আৰু অজয় দেৱগনকো এছ এছ ৰাজামৌলীৰ এই ছবিত দেখা যাব ৷ স্বাধীনতা সংগ্ৰামী কোমাৰাম ভীম আৰু আল্লুৰী সীতা ৰাম ৰাজুৰ জীৱনক লৈ ছবিখন নিৰ্মাণ কৰা হৈছে ৷ ছবিখন তেলেগু, তামিল, হিন্দী, মালায়ালম, কানাড়া আৰু অন্যান্য ভাৰতীয় ভাষাত মুকলি কৰা হ'ব।

লগতে পঢ়ক:2 আগষ্টত ৰাজ কুন্দ্ৰাৰ জামিন আবেদনৰ ওপৰত আদেশ ঘোষণা কৰিব আদালতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.