ETV Bharat / bharat

Civil Service 2020: তালিকাৰ শীৰ্ষত থকা বুলি বিশ্বাস হোৱা নাই শুভম কুমাৰৰ - কাটিহাৰৰ B.Tech গ্ৰেজুৱেট শুভম কুমাৰ

ঘোষণা হ'ল ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিছন(Union Public Service Commission)ৰ অসামৰিক সেৱা পৰীক্ষা 2020(Civil Services Examination 2020)ৰ ফলাফল ৷ তৃতীয়টো প্ৰয়াসত শীৰ্ষস্থান দখল কাটিহাৰৰ B.Tech গ্ৰেজুৱেট শুভম কুমাৰ(Shubham Kumar)ৰ ৷ তালিকাৰ শীৰ্ষত থকা বুলি এতিয়াও বিশ্বাস হোৱা নাই শুভম কুমাৰৰ ৷

Civil Service 2020
তালিকাৰ শীৰ্ষত শুভম কুমাৰ
author img

By

Published : Sep 25, 2021, 5:19 PM IST

নেশ্যনেল ডেস্ক , 25 ছেপ্টেম্বৰ : ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিছনে(Union Public Service Commission) ঘোষণা কৰিলে বহু আকাংক্ষিত অসামৰিক সেৱা পৰীক্ষা 2020(Civil Services Examination 2020)ৰ ফলাফল ৷ ফলাফল লাভ কৰি তালিকাৰ শীৰ্ষস্থানত থকা শুভম কুমাৰে(Shubham Kumar) কয় যে, শীৰ্ষস্থান লাভ কৰিব বুলি তেওঁ মুঠেও আশা কৰা নাছিল ৷

IIT Bombay ৰ পৰা civil engineering ত B.Tech গ্ৰেজুৱেট কুমাৰে নৃতত্ত্ব(anthropology)ক তেওঁৰ বৈকল্পিক বিষয় হিচাপে লৈ তৃতীয়টো প্ৰয়াসত এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ 2018 চনত প্ৰথমবাৰৰ বাবে তেওঁ অসামৰিক সেৱাৰ বাবে প্ৰয়াস কৰিছিল ৷ 2019 চনত দ্বিতীয়টো প্ৰচেষ্টাত তেওঁ 290তম স্থান লাভ কৰিছিল আৰু Indian Defence account Serviceত অন্তৰ্ভুক্ত হৈছিল ৷

ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত আনন্দ প্ৰকাশ কৰি কুমাৰে কয়, "ফলাফলক লৈ মই যথেষ্ট সুখী, কাৰণ নিজৰ ফালৰ পৰা যিমান পাৰি সিমান দিবলৈ মই চেষ্টা কৰিছিলো ৷ মই নিজে নিশ্চিত নাছিলো যে, মই এয়া কৰিব পাৰিম " ৷ তেওঁ কয় যে, পৰীক্ষাত উত্তীৰ্ণ হোৱাক লৈ তেওঁৰ মনত বৰ বেছি আত্মবিশ্বাস নাছিল, কিয়নো Main পৰীক্ষাত তেওঁ বহু প্ৰশ্নৰ উত্তৰ ভালকৈ দিব পৰা নাছিল ৷

কাটিহাৰৰ বাসিন্দা শিভম কুমাৰে Purniaৰ Vidya Vihar Residential Schoolত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল ৷ পাচত Bokaroৰ Chinmaya Vidyalayaৰ পৰা ৯৮ শতাংশ নম্বৰৰ সৈতে দ্বাদশ উত্তীৰ্ণ হয় আৰু IIT Bombayৰ পৰা স্নাতক হোৱাৰ পাচতে UPSCৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে ৷

ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিছনে (ইউপিএছচি) জাৰি কৰা এক বিবৃতি অনুসৰি মুঠ 761 জন প্ৰাৰ্থী, 545 জন পুৰুষ আৰু 216 গৰাকী মহিলাই পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু আয়োগে বিভিন্ন অসামৰিক সেৱাৰ বাবে পৰামৰ্শ দিছিল ।

উল্লেখ্য যে, ভাৰতীয় প্ৰশাসনিক সেৱা (Indian Administrative Service), ভাৰতীয় বৈদেশিক সেৱা (Indian Foreign Service) আৰু ভাৰতীয় আৰক্ষী সেৱা (Indian Police Service)ৰ বিষয়াসকলক নিৰ্বাচিত কৰাৰ বাবে তিনিটা পৰ্যায়ত UPSCয়ে অসামৰিক পৰীক্ষা অনুষ্ঠিত কৰে ৷

বিগত বছৰত 4 অক্টোবৰত প্ৰাৰম্ভিক(Preliminary) পৰীক্ষা অনুষ্ঠিত হৈছিল ৷ বিবৃতিটোত জনোৱা অনুসৰি, প্ৰায় ১০,৪০,০৬০ জন প্ৰাৰ্থীয়ে পৰীক্ষাৰ বাবে আবেদন কৰিছিল আৰু তাৰ ভিতৰত ৪,৮২,৭৭০ জন পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ ইয়াৰ মাজৰ পৰা মাত্ৰ 10,564 গৰাকী প্ৰাৰ্থীয়ে Main পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে যোগ্যতা অৰ্জন কৰিছিল আৰু Main পৰীক্ষাৰ অন্তত 2,053 জন প্ৰাৰ্থীয়ে ব্যক্তিত্ব পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰিছিল ৷

লগতে পঢ়ক : UPSCত 283 স্থান হাইলাকান্দিৰ হাছানুজ্জামান চৌধুৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.