ETV Bharat / bharat

মিজোৰামত ড্ৰাগছ বিৰোধী অভিযানৰ দ্বিতীয় পৰ্যায়ৰ মুকলি - নিচা মুক্তি কেন্দ্ৰ

মিজোৰামত ড্ৰাগছ আসক্তৰ সংখ্যা দেশৰ ভিতৰত সৰ্বাধিক ৷ ৰাজ্যখনত 1984 চনৰ পৰা 131 গৰাকী মহিলাসহ 1,630 গৰাকী লোকৰ ড্ৰাগছ সেৱনৰ ফলত মৃত্যু হৈছে ।

War against drugs campaign in Mizoram
মিজোৰামত ড্ৰাগছ বিৰোধী অভিযানৰ দ্বিতীয় পৰ্যায়ৰ মুকলি
author img

By

Published : Jan 15, 2021, 9:28 PM IST

মিজোৰাম,15 জানুৱাৰী : মিজোৰামৰ অসম ৰাইফলছ আৰু অন্যান্য বেটেলিয়নৰ সহযোগত শুকুৰবাৰে ড্ৰাগ বিৰোধী অভিযানৰ দ্বিতীয় পৰ্যায় মুকলি কৰা হয় ৷ মিজোৰামৰ গৃহমন্ত্ৰী লালচামলিয়ানাই ফ্লে’গ অফেৰে এক বাইক ৰেলী মুকলি কৰি আনুষ্ঠানিকভাবে ড্ৰাগছ বিৰোধী অভিযানটো উদ্ধোধন কৰে ৷ গৃহমন্ত্ৰীগৰাকীয়ে উদ্ধোধনী ভাষণত অসম ৰাইফলছে এই অভিযান আয়োজন কৰাৰ বাবে কৃতজ্ঞতা জনায় ৷ তেওঁ লগতে মিজোৰামৰ সীমান্তৰ গাঁওসমূহকে ধৰি সমগ্ৰ ৰাজ্যখনত চাৰিটা পৰ্যায়ত এই অভিযান অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে ।

মিজোৰামত ড্ৰাগছ বিৰোধী অভিযানৰ দ্বিতীয় পৰ্যায়ৰ মুকলি

গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি মিজোৰামত 1984 চনৰ পৰা 131 গৰাকী মহিলাসহ 1,630 গৰাকী লোকৰ ড্ৰাগছ সেৱনৰ ফলত মৃত্যু হৈছে । 2020 চনত নিচা মুক্তি কেন্দ্ৰত 50 গৰাকী লোকৰ মৃত্যু হয় । তদুপৰি ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় 0.7% ড্ৰগছৰ প্ৰতি আসক্ত আৰু মিজোৰামত ড্ৰাগচ আসক্তৰ সংখ্যা দেশৰ ভিতৰত সৰ্বাধিক ৷ আনহাতে সমাজ কল্যাণ বিভাগে শেহতীয়াকৈ কৰা সমীক্ষাত 27.8% ৰে আইজল ড্ৰাগছ আসক্তৰ ক্ষেত্ৰত শীৰ্ষ স্থানত আছে ৷

War against drugs campaign in Mizoram
মিজোৰামত ড্ৰাগছ বিৰোধী অভিযানৰ দ্বিতীয় পৰ্যায়ৰ মুকলি

বিগত বৰ্ষত অসম ৰাইফলছে মিজোৰামৰ বিভিন্ন স্থানৰ পৰা প্ৰায় ২.৯৫ লাখ টকাৰ হেৰ'ইন আৰু ২৯.২৯ কোটি টকাৰ মূল্যৰ টেবলেট জব্দ কৰিছিল । অসম ৰাইফলছে এই বাইক ৰেলীৰ জড়িয়তে সীমান্তৱৰ্তী বিভিন্ন অঞ্চললৈ গৈ জনগণৰ মাজত সজাগতাৰ সৃষ্টিৰ চেষ্টা চলাব ৷ ইয়াৰ লগতে ফ্ৰেব্ৰুৱাৰী মাহত সকলো শিক্ষানুষ্ঠান খোলাৰ পাছত দলটোৱে ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো সজাগতাৰ সৃষ্টিৰ বাবে বিভিন্ন মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰিব ৷

লগতে পঢ়ক : ৱাঘা সীমান্তৰ দৰে অসম-বাংলাদেশ সীমান্তত চলিব পেৰেড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.