ETV Bharat / bharat

Tamil superstar Ajith: ভাঙি দিয়া হ’ল তামিল চুপাৰষ্টাৰ অজিতৰ চেন্নাইৰ বাসগৃহৰ দেৱাল

author img

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 7:47 PM IST

শেহতীয়াকৈ চেন্নাইৰ ইনজাম্বক্কামস্থিত তামিল চুপাৰষ্টাৰ অজিতৰ বাসগৃহৰ দেৱাল ধ্বংস কৰি পেলোৱা হয় ৷ পঢ়ক সবিশেষ...

তামিল চুপাৰষ্টাৰ অজিতৰ চেন্নাইৰ বাসগৃহৰ দেৱাল ধ্বংস

নেশ্যনেল ডেস্ক, 22 অক্টোবৰ: জনপ্ৰিয় তামিল চুপাৰষ্টাৰ অজিতৰ চেন্নাইৰ বাসগৃহৰ দেৱাল ধ্বংস ৷ জানিব পৰা মতে চেন্নাইৰ ইনজাম্বক্কামতস্থিত তামিল চুপাৰষ্টাৰগৰাকীৰ বাসগৃহটোৰ দেৱালখন পথ সম্প্ৰসাৰণ আৰু বৰষুণৰ পানী নিষ্কাশনৰ কামৰ বাবে ধ্বংস কৰিব লগীয়া হয় ৷ তেওঁৰ নৱনিৰ্মিত বাসগৃহটোৰ বাবে ওচৰৰ কেইবাঘৰ লোকে অসবিধাৰ সন্মুখীন হৈছিল ৷ ফলত তেওঁ বাসগৃহটোৰ দেৱাল ভাঙি দিয়াৰ সিদ্ধান্ত লয় ৷

2017 চনত নিৰ্মাণ কৰা এই বাসগৃহটো, অজিতে পুনৰ বাসগৃহটো নতুনকৈ বনোৱাৰ সিদ্ধান্ত লৈছিল ৷ বাসগৃহটোত সকলো ধৰণৰ অত্যাধুনিক সা-সুবিধা আৰু সুন্দৰ কৰিবলৈ তেওঁ এগৰাকী ইণ্টেৰিয়েৰ ডিজাইনাৰক দায়িত্ব দিছিল ৷ এই সময়ছোৱাত অজিতে তেওঁৰ পৰিয়ালক অস্থায়ীভাৱে এটা ভাড়াঘৰলৈ স্থানান্তৰিত কৰিছিল ৷ লক্ষণীয়ভাৱে, তেওঁৰ পুত্ৰৰ বাবে এটা বিশেষ কোঠা নিৰ্ধাৰণ কৰি কোঠাটোত নৃত্য অনুশীলনৰ বাবে এক সুন্দৰ ব্যৱস্থা কৰা হৈছিল ৷

উল্লেখ্য যে, অজিতে বছৰি মাত্ৰ এখন চলচ্চিত্ৰতহে অভিনয় কৰে ৷ তেওঁৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ছবি আছিল থিনিভু ৷ তাৰ পিচত তেওঁ মটৰচাইকেল ভ্ৰমণ আৰম্ভ কৰিবলৈ বিৰতি লৈছিল । বৰ্তমান, তেওঁ মাগিজ থিৰুমেনিৰ দ্বাৰা পৰিচালিত আৰু লাইকা প্ৰডাকচনৰ দ্বাৰা প্ৰযোজিত তেওঁৰ আহিবলগীয়া ছবি বিদুথালাইত নিমজ্জিত হৈ আছে । অজিতে চৰিত্ৰটোৰ সৈতে খাপ খোৱাকৈ ওজন হ্ৰাস কৰি অনুৰাগীসকলক হতবাক কৰি তুলিছিল ৷ তেওঁৰ এই পৰিৱৰ্তনে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছিল ৷

চলিত বৰ্ষত অজিতৰ পিতৃ পি সুব্ৰমনিয়াম মণিয়ে বাৰ্দ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু আকোঁৱালি লৈছিল ৷ এই মৃত্যু পৰিয়ালটোৰ বাবে এক ধুমুহাৰ দৰে আছিল ৷

লগতে পঢ়ক: Vivek Agnihotri: পুনৰবাৰ এক নতুন কাহিনী লৈ আহি আছে বিবেক অগ্নিহোত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.