ETV Bharat / bharat

পাঠানকোটত শগুনৰ ৰেষ্টুৰেন্ট মুকলি

author img

By

Published : Sep 13, 2022, 10:09 PM IST

Updated : Sep 13, 2022, 10:53 PM IST

বিশ্বতে দুৰ্লভ শগুন সংৰক্ষণৰ বাবে পাঠানকোটৰ বন্যপ্ৰাণী বিভাগৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ । ২০১২ চনতে বন্ধ হোৱা পাঠানকোট ধাৰ ব্লকৰ চান্দোলাৰ শগুন ৰেষ্টোৰেন্ট পুনৰ মুকলি কৰে বন বিভাগে(Vultures restaurant opened) ।

vultures restaurant opened in pathankot
পাঠানকোটত শগুনৰ ৰেষ্টুৰেন্ট মুকলি

নেশ্যনেল ডেস্ক, ১৩ ছেপ্টেম্বৰ: বিপদাপন্ন শগুনৰ প্ৰজাতি ৰক্ষা কৰিবৰ বাবে পাঠানকোটত বন্যপ্ৰাণী বিভাগে ললে বিশেষ ব্যৱস্থা । ২০১২ চনত পাঠানকোট ধাৰ ব্লকৰ চান্দোলাত বন্ধ হোৱা শগুন ৰেষ্টোৰেন্ট মুকলি কৰিলে বন বিভাগে(Vultures restaurant opened) । হিমাচল সীমান্তৰ চান্দোলা অঞ্চলৰ চাক্কি নদীৰ পাৰত বন্যপ্ৰাণী বিভাগে স্থাপন কৰে ৰেষ্টোৰেন্টখন(Vultures restaurant in banks of Chakki river) ।

ৰেষ্টোৰেন্টখনত শগুনক জন্তুৰ মাংস খাবলৈ দিয়া হয় । মাংসবোৰ গুণগত হয় নে নহয় তাক জানিবলৈ ধাৰত এটা পৰীক্ষাগাৰো স্থাপন কৰা হৈছে । পৰীক্ষাগাৰত পৰীক্ষা কৰাৰ পাছতহে মাংসবোৰ শগুনক খাবলৈ দিয়ে । পাঠানকোটৰ উপৰিও, হিমাচলৰ দূৰৱৰ্তী অঞ্চলৰ শগুনো এই শগুন ৰেষ্টুৰেণ্টলৈ যায় আৰু খোৱাৰ পিছত শগুনবোৰ নিজৰ স্থানলৈ উভতি যায় বুলি জানিবলৈ দিছে কৰ্তৃপক্ষই ।

পাঠানকোটত শগুনৰ ৰেষ্টুৰেন্ট মুকলি

এই সন্দৰ্ভত DFO পৰমজিৎ সিঙে কয় যে এতিয়া ভাৰতত শগুনৰ সংখ্যা হ্ৰাস পাইছে(Number of vultures in India is declining) । গছ কটা আৰু সঠিক খাদ্যৰ অভাৱৰ বাবে, তেওঁলোকৰ প্ৰজাতিবোৰ যথেষ্ট হ্ৰাস পাইছে । তেঁও লগতে কয় যে এই সমাজত শগুনৰ যথেষ্ট প্ৰয়োজনীয়তা আছে । শগুনে পৰিৱেশ পৰিস্কাৰ কৰি ৰখাত সহায় কৰে(Vultures help in keeping the environment clean) ।

যাৰ পৰিপ্ৰেক্ষিতত শগুনৰ প্ৰজাতিবোৰ ৰক্ষা কৰিবলৈ বিভাগটোৱে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । DFO গৰাকীয়ে লগতে উল্লেখ কৰে যে প্ৰথম অৱস্থাত শগুন ৰেষ্টুৰেন্টলৈ ৩০ ৰ পৰা ৪০ টা শগুনৰ আগমন ঘটিছিল । কিন্তু, বৰ্তমান ৩৫০ ৰ পৰা ৪০০ শগুনৰ ইয়ালৈ আগমন ঘটে । নিশ্চয়কৈ এয়া প্ৰশংসনীয় পদক্ষেপ ।

লগতে পঢ়ক: অৰুণাচলৰ চীন সীমান্তত তৰংগ যুদ্ধ !

Last Updated : Sep 13, 2022, 10:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.